ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.44.0-wmf.2 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৬৯ 104 8185 194326 194259 2024-11-09T11:09:18Z অঞ্জুমণি শইকীয়া 3795 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 194326 proofread-page text/x-wiki <noinclude><pagequality level="3" user="অঞ্জুমণি শইকীয়া" /></noinclude>{{center|{{Xx-larger|স্বৰ্গদেৱ চুহুম্মুং বা স্বৰ্গনাৰায়ণ }}}} নামেৰেও জনাজাত । এওঁৰ ৰাজত্বৰ কালত কেইবাজনো ডাঙ্গৰীয়া ভঙ্গা-পতা হোৱাৰ পাচত, থাওকক বুঢ়াগোহাঞিৰ বৰপুত্ৰ (১) চাওফ্ৰংডাম মৰাণৰ বুঢ়াগোহাঞি ফৈদৰ নাওবৈচা ফুকন ৰাজমন্ত্ৰী, লাঙ্গিচং বৰগোহাঞি আৰু ভগা-বৰপাত্ৰগোহাঞি এই কেইজনা নতুনকৈ ভাঙ্গৰীয়া হয়। {{gap}}{{X-larger|মিৰজুম্লাৰ গড়গাঁও দখল বা মুছলমানৰ ১১শ আক্রমণ}} : – যোগীঘোপাত ৰচিদ খাঁ পৰাস্ত হোৱাৰ সংবাদ পাই, সম্রাট আওৰেঞ্জেবৰ প্ৰতিনিধি বঙ্গৰ শাসনকৰ্ত্তা নবাব মজুম-খাঁ মিৰজুম্লাই বিষম আক্রোশেৰে, খ্ৰী: ১৬৬১ চনত, আহোম ৰাজ্য আক্রমণ কৰেহি (২)। মুছলমান সেনাপতিয়ে যোগীঘোপা, শ্ৰীঘাট আৰু গুৱাহাটী দখল কৰি, উজাই নুমলীগড় পালেহি। তাতে আহোম স্বৰ্গদেৱৰ এটা কোঁঠ আছিল। মুছলমানৰ সেনা চমু চাপিব দেখি, সেই কোঁঠ ৰখীয়া ২০০০ অসমীয়া সেন৷ ৰাতিয়েই পলাই ফাট্ মাৰিলে ৷মিৰজুম্লাই ৰণ নকৰাকৈয়ে সেই কোঁঠ হাত কৰি, গড়গাঁৱলৈ চোঁচা ললে । মুছলমান সেনা গৈ নগৰ সোমালত, জয়ধ্বজ সিংহ স্বৰ্গদেৱ চৰাইদেও পৰ্ব্বতলৈ 'ভাগি' যায় । নগৰৰপৰা ভাগি যোৱাৰ কাৰণে, তেওঁক “ভগনীয়া ৰজা" নামেৰেও জনা যায় ৷ পিচে, মিৰজুম্লাই অবাধে নগৰ অধিকাৰ কৰি তাতে নিগাজীকৈ বাহৰ পাতিলে । খ্রীঃ : ১৬৬২ চনত যেতিয়া বাৰিষাই ঘোৰ মূৰ্ত্তি ধৰি দেখা দিলেহি, তেতিয়া মুছলমান সেনাক নানা তৰহৰ অসুবিধাই বেৰি ধৰিলে। তাৰ উপৰিও, জহনী ৰোগত ভালেমান মোগল সৈন্যৰ মৃত্যু হয়। সেই ছেগতে জয়ধ্বজ সিংহ স্বৰ্গদেৱে কিছুমান সৈন্য লগত লৈ, মুছলমান সেনাক বেৰি ধৰিলেহি। মিৰজুম্লাই বিষম সঙ্কটত পৰি সন্ধিৰ প্ৰস্তাৱ কৰিলে (৩) ।স্বৰ্গদেৱে তেওঁৰ প্ৰস্তাৱত মান্তি হৈ, ১০০ বন্দী, ১০০ বেটী, ৪০টা হাতী, ২০০০০ কুৰি হাজাৰ তোলা সোণ, তাৰ ছগুণ ৰূপ, ছজন বিষয়াৰ ল'ৰা, এইবিলাক যৌতুকত দি, ৰাজ- জীয়ৰী ৰমণী গাভৰুক সালঙ্কৃতাকৈ দিল্লীৰ পাৎছাহত বিয়া দিবলৈ বুলি আগ বঢ়ালে।তাৰ ওপৰঞ্চিকৈ ৰছৰি ২০টা হাতী, পেচ্ কচৰ ৰাবে তিনি লাখ টকা আৰু ৯০টা হাতী চই শোধাবলৈ গাত ললে। মিৰজুম্লাই তাতে সন্তুষ্ট হৈ, তেওঁ দখল কৰা কোঁঠ ৰাজ্য এৰি দি আইদেউ ৰমণী গাভৰুক যথা সন্মানেৰে পাৎছাহত বিয়া দিবৰ কাৰণে লগত লৈ দিল্লীলৈ উলটি গ'ল। খ্ৰীঃ ১৬৬৩ চনৰ ৯ জানুৱাৰীত এই সন্ধি হয় (৪)। কিন্তু, তাৰ আগেয়েই আহোম স্বৰ্গদেৱসকলৰ মৈদাম খনাই মিৰজুম্লাই বিস্তৰ ধন-সম্পত্তি আহৰণ কৰি লয় । (৫) {{gap}}হিন্দু গুৰুৰ শৰণীয়া হৈ, মুঠেই ৯ বছৰ কাল ৰাজত্ব কৰাৰ পাচত, খ্ৰী: ১৬৬৩ চনত,স্বৰ্গদেৱ জয়ধ্বজসিংহ স্বর্গী হয় । {{center|{{Xx-larger|স্বৰ্গদেৱ চুপুংমুং বা চক্ৰধ্বজ সিংহ}}}} {{gap}}স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ পাচত, তেওঁৰ পুতেসকলৰ চৰিত্ৰ ভাল নেদেখি, ডাঙ্গৰীয়া-সকলে সিবিলাকৰ এজনকো ৰজা মনোনীত নকৰিলে। সেই কাৰণে, দেওৰজাৰ {{Rule|}} (১)হৰকান্ত বৰুৱাৰ 'আসাম বুৰঞ্জী”, ১৫ পৃষ্ঠা। (২)মিল:- Sir Edward Gait's "History of Assam", Page 198. (৩) এই সন্ধি-প্ৰস্তাৱেই "শৰাইঘাটৰ ৰণৰ "আঁতিগুৰি। (৪)মিল:-Sir Edward Gait's "History of Assam," Page 188-89. (৫) মিল:- "বিবিধ খণ্ড-বুৰঞ্জী," Edited by Rai Bahadur S.K.Bhuyan, Page 167-68<noinclude></noinclude> l31hexe2slsej2cmdobxelf145w34if পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭০ 104 8186 194327 194261 2024-11-09T11:10:02Z অঞ্জুমণি শইকীয়া 3795 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 194327 proofread-page text/x-wiki <noinclude><pagequality level="3" user="অঞ্জুমণি শইকীয়া" /></noinclude>{{center|{{Xxxx-larger|অসমৰ বুৰঞ্জী}}}} নাতি চুপুংমুং কোঁৱৰক খ্ৰীঃ ১৬৬৩ চনত ৰজা পতা হয়। আহোম ৰাজসিংহাসনত উঠাৰ পাচত, তেওঁ হিন্দুমতে চক্ৰধ্বজ সিংহ নাম লয়। তেওঁৰ ৰাজত্বৰ কালত মৰাণ- বুঢ়াগোহাঞি ফৈদৰ নাওবৈচা ফুকনক মাৰি বাহঁগৰীয়া আতন গোহাঞিক বুঢ়াগোহাঞি ভাঙ্গৰীয়াৰ বিষয়-বাব দিয়া হয়। {{gap}}{{Xx-larger|নগা আৰু মিৰিৰ বিদ্ৰোহ :}} - : ১৬৬৫ খ্ৰীষ্টাব্দত বানচঙ্গীয়া নগাই বানপৰীয়া নগাক আক্ৰমণ কৰেহি। বানপৰীয়া বিলাকে সেই আক্ৰমণ সহিব নোৱাৰি, আহোম স্বৰ্গদেৱত সহায় ভিক্ষা কৰেহি। সেই প্ৰাৰ্থনা মতে, এদল অসমীয়া সেনা গৈ উলটি অহাৰ পাচতে, সিহঁতে পুনঃ বানপৰীয়াক আক্ৰমণ কৰিলেহি। এইবাৰ বানচঙ্গীয়াহঁতক একেবাৰে তলতীয়া কৰি, সিহঁতৰ চাং দখল কৰিবৰ নিমিত্তে অসমীয়া সেনা পঠিওৱা হয়। সিফালে নগাহঁতেও বিশেষ আয়োজন কৰি লৈ ফেৰ পাতি ধৰিলে। শেহান্তৰত, নগাহঁত ৰণত ঘাটি শৰণাগত হলহি, আৰু তেতিয়াৰপৰা বানপৰীয়া আৰু বান্‌চঙ্গীয়া নগা সম্পূৰ্ণকৈ আহোম ৰজাৰ তলতীয়া হ'ল। সেই উৎপাত থমাবলৈ আহোম ৰজা ব্যস্ত হৈ থকাৰ সুবিধা লৈ মিৰিহঁতেও ডফলা আৰু চুটিয়াৰে সৈতে লগ লাগি এটা বিদ্ৰোহ তুলিছিল। কিন্তু, তাৰ জোখাই ইফালে আহোম ৰজায়ো আয়োজন কৰাত, ৰণ-বিগ্ৰহ নোহোৱাকৈয়ে সেই বিদ্ৰোহ আপুনি মাৰ গ'ল। {{center|{{Xxxx-larger|মুছলমানৰ ১২শ আক্ৰমণ বা শৰাইঘাটৰ ৰণ}}}} {{gap}}স্বৰ্গদেৱ জয়ধ্বজসিংহই মিৰজুম্লাৰ লগত যুদ্ধত ঘাটি গড়গাঁৱত কৰা সন্ধিৰ সূত্ৰ মতে, ৰমণী গাভৰুৰ যৌতুকত দিয়া ধন-বস্তুত বাজেও, বছৰি ২০টা হাতী শোধাবলৈ আৰু পেচ্ কচৰ বাৰে তিনি লাখ টকা চই দিবলৈ স্থিৰ হৈছিল। পিচে, স্বৰ্গদেৱে তেতিয়াই পেচ্ কচ আৰু হাতী সমুদায় উচল কৰি শোধাব নোৱাৰাত, ১৯০০০ টকা আৰু ৫০টা হাতী দিবলৈ বাকী থাকে। স্বৰ্গদেৱ চক্ৰধ্বজ সিংহৰ দিনত সেই বাকী থকা পেচ্ কচ, সাধি গুৱাহাটীৰপৰা মুছলমানৰ ফৌজদাৰ ফিৰুজখাঁই কটকীৰ মুখে আহোম ৰজালৈ টান কথা কৈ পঠিয়ালে। (১) চক্ৰধ্বজ সিংহ বৰ সাহসী আৰু অভিমানী ৰজা আছিল; তেওঁ মুছলমানৰ বৰকথা সহিব নোৱাৰি, বাকী থকা চই নিৰ্দিওঁ বুলি, যুদ্ধ দিবলৈ প্ৰস্তুত হোৱাত, আওৰেঞ্জেৱ বাদচাহে তুৰন্তে আকৌ অসম দেশ আক্ৰমণ কৰিলে। পোনতে, এখন ৰণত মুছলমানৰ জন্ম হয়। তাৰ পাচত, চৈয়দ চানা আৰু চৈয়দ ফিৰুজ সেনাপতিক লগাই মুছলমানে বাহঁবাড়ী, কাঁজলিমুখ,ইটাখলি, বৰনদীমুখ আৰু গুৱাহাটী এই পাঁচ ঠাইত যুদ্ধ দিয়ে। সেই আটাইকেইখন যুদ্ধতে আহোমৰ হাতত মুছলমান বিষমৰূপে ঘাটিল। সেই ৰণৰ আহোম সেনাপতি মহাবীৰ লাচিত (২) ঘোঁৰা কোঁৱৰে মুছলমানক মানাহামুখলৈকে খেদি নি, তাৰপৰা চৈয়দ চানা থাৰু চৈয়দ ফিৰোজক বন্দী {{Rule|}} {{gap}}(১) “পৰে বাদসাহৰ ঠাইৰপৰা 'শিৰপাওঁ বঁটা' অহাত অথচ পাগ এটাত আলভাবে বাদসাহৰ পাও ওপৰে লিখি দিলে যে আমাৰ কৰতলীয়া হল, এ কাৰণে শিৰপাও মাথাত ধাৰণ কৰিম, নতুবা যুদ্ধকে কৰিম। এই কথাত স্বৰ্গদেৱে বৰ অপমান পালে।"-হৰকান্ত বৰুৱাৰ "আসাম বুৰঞ্জী",৪৮পৃষ্ঠা। {{gap}}(২) লাচিত “মোমাই-তামুলী বৰবৰুৱাৰ সৰুটো পুতেক"।-শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ "তুংখুঙ্গীয়া বুৰঞ্জী",৪পৃষ্ঠা<noinclude></noinclude> aoy5u340snlx7ysmgh0hes4m2aju5nw পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭১ 104 8187 194328 194263 2024-11-09T11:11:31Z অঞ্জুমণি শইকীয়া 3795 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 194328 proofread-page text/x-wiki <noinclude><pagequality level="3" user="অঞ্জুমণি শইকীয়া" /></noinclude>{{Right|৫৫{{center|{{Xx-larger|স্বৰ্গদেৱ চুহুম্মুং বা স্বৰ্গ নাৰায়ণ}}}}}} কৰি ধৰি আনি গড়গাঁৱলৈ পঠিয়ালে। তাতে সিবিলাক দুইকো বধ কৰা হয়। মুছলমানৰ সকলো অস্ত্ৰ-শস্ত্ৰ বৰফুকনৰ হাতত পৰিল । ১৬৬৮ খ্ৰীষ্টাব্দত সেই ৰণৰ সামৰণি পৰে,ফলত গুৱাহাটী পুনঃ আহোম ৰজাৰ দখললৈ আহে। এই সংবাদত মহা অভিমানী আওৰেঞ্জেৱ বাদচাহ অগ্নিৱত জ্বলি উঠিল। অম্বৰাধিপতি ৰজা ৰামসিংহক ৩০০০ ঘোঁৰা ৰণুৱা, ১৮০০০ মাটি ৰণুৱা, ১৫০০০ কোঁচবিহাৰৰ কাঁড়ী সৈন্য দি, আৰু নচৰত খাঁ, ৰঘুনাথ সিংহ, ৰচিদখাঁ প্রভৃতি কেইবাজনো সেনাপতিৰ ওপৰত তেওঁক প্ৰধান সেনাপতি পাতি, বিপুল আয়োজনেৰে অসম দেশ আক্ৰমণ কৰিবলৈ পাচিলে। ইফালে স্বৰ্গদেৱ চক্ৰধ্বজ সিংহয়ো বছা বছা কাজুৱা আহোম সেনাপতি আৰু বিস্তৰ সৈন্য- সামন্তৰ ওপৰত লাচিত * ঘোঁৰা-কোঁৱৰক বৰসেনাপতি পাতি, মুছলমানৰ আক্ৰমণ ওফৰাবলৈ গুৱাহাটীত সাজু কৰি ৰাখিলে। বৰসেনাপতি লাচিত ঘোঁৰা-কোঁৱৰে শৰাইঘাটত এটা ভালকৈ কোঁঠ মৰাই সৈন্য-সামন্ত লৈ মুছলমানক প্ৰতীক্ষা কৰিলে । ৰামসিংহ ৰজা সসৈন্যে গুৱাহাটীৰ সীমা পালেহি। ইতিমধ্যতে লাচিতে শৰাইঘাটৰ কোঁঠ মেৰাই এটা গড় মৰাবলৈ আয়োজন কৰিলে। সেই গড় একে ৰাতিৰ ভিতৰতে উলিয়াব লগীয়া হৈছিল,কিয়নো পিচদিনা পুৱাতে মুছলমানে আহোম কোঁঠ আক্ৰমণ কৰিব। সেইকাৰণে, সেই গড় উলিয়াবলৈ তেওঁ নিজৰ মোমায়েকৰ গাত ভাৰ দিছিল । পিচে,শেহৰাতিলৈকে গড় মৰা হৈ মুঠা দেখি, লাচিত বীৰে একেঘাপে মোমায়েকক কাটি দোছোৱা কৰিলে । তেওঁৰ তেনেকুৱা তীক্ষ্ণমতিৰ বৈদ্যুতিক উত্তেজনাত উত্তেজিত হৈ,বাকী গড় মৰা মানুহবিলাকে মৰোঁ-জীওঁকৈ লাগি, ৰাতি নৌ-পুৱাওঁতেই গড়টো বান্ধি উলিয়ালে। সেই গড় এতিয়াও “মোমাই কটা গড়” নামে প্রখ্যাত। তাৰ পাচত,লাচিত বীৰে, একেৰাহে ছমাহ মাটি-যুদ্ধ, পানী-যুদ্ধ, ঘোঁৰা-যুদ্ধ তয়াময়াকৈ পাঁতি, মুছলমান সেনা - সেনাপতিক বিচেষ্টা কৰি পেলালে। পিচে, এনেতে, হঠাৎ জলসাৰ নৰিয়াত পৰি স্বৰ্গদেৱ চক্ৰধ্বজসিংহ স্বগী হোৱাত, তেওঁৰ ভায়েক উদয়াদিত্যই, ৰাজপাটত উঠি, সেই মহাৰণ চলাব লগাত পৰে। মুছলমানৰ ৰণবল ক্ৰমাৎ ক্ষয় হৈ আহিল; মুছলমান সেনাপতি এজন এজনকৈ ৰণত পৰিবলৈ ধৰিলে; আৰু সিহঁতৰ বহুত বাৰুদ, বন্দুক, তোপ, ৰণ-তৰি আহোমৰ {{Rule|}} {{gap}}* কিম্বদন্তি আছে, লাচিত মোমাই তামুলী বৰৰৰুৱাৰ সৰুঘৈণীৰ একেটি পুতেক। সাহ-পিত ওখ স্বভাৱেৰে তেওঁ বৰ চহকী। সেই চহকী স্বভাৱেই কালত তেওঁক মান-মর্যাদা আৰু ৰাজকীয় অর্থ-বিভূতিৰেও চহকী কৰিলে। মুছলমানৰ লগত ৰণ দি, প্রথমবাৰ ঘাটি, চক্ৰধ্বজ সিংহ স্বৰ্গদেৱে এদিন মন মাৰি বহি আছে, এনে অৱস্থাত আহোম বীৰসন্তান লাচিত ডেকাই দেখি গল। তেওঁ ঘৰলৈ গৈ মাকৰে সৈতে এই বুলি কোৱামেলা কৰিছিলগৈ, “আই, আমাৰ স্বৰ্গদেৱক আজি মন মাৰি থকা দেখি আহি মোৰ মনত বৰ বেজাৰ লাগিছে। এই খেপত আমাৰ ৰজাৰ ৰণুৱাই মুছলমানক হৰুৱাব নোৱাৰিলে; সেই বাবেই স্বৰ্গদেৱৰ মনত বৰ বিষাদ লাগিছে। কিন্তু, মই যাবলৈ পোৱা হলে, মুছলমানক ওফৰাই পঠিয়ালোঁগৈহেঁতেন।" মাকে কলে, “বুপাই, এনে কথা কৈ নুফুৰিবি, কোনোবা গৰীয়া-চৰীয়াই শুনিব।শুনিলে, ৰজাই তোক ৰণলৈ পাচিব !"লাচিতে সাহসৰ হাঁহি মাৰি এই বুলি সমিধান দিলে, "আই,ৰণলৈ মোক পঠিয়াব যদি, ভাল হে। তেতিয়াহে মোৰ মনৰ কামনা পূৰণ হ'ব। ৰণ দি জিকিবলৈ নাপালে, মোৰ এই জীৱন ধৰাই মিছা। আই, মোৰ মনেৰে এনেহে লাগে, যেন আমাৰ দেশৰ সেই শত্রু<noinclude></noinclude> t9hebutgeakdf7bppymggsxtpf2vfiq পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭২ 104 8188 194329 194266 2024-11-09T11:12:12Z অঞ্জুমণি শইকীয়া 3795 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 194329 proofread-page text/x-wiki <noinclude><pagequality level="3" user="অঞ্জুমণি শইকীয়া" /></noinclude>{{center|{{Xx-larger|অসমৰ বুৰঞ্জী}}}} হাতত পৰিল। শেহান্তৰত, ঘাই-সেনাপতি ৰজা ৰামসিংহই আহোমৰ পৰাক্ৰম সহিব নোৱাৰি পলাব লগাত পৰে। এই ৰণ-জয়লৈ পলম ঘটিছিল মাথোন দৈৱজ্ঞৰ গণনাৰ ফেৰত। উলটি যাবৰ সময়ত অসমীয়া সৈন্যৰ নিপুণতা দেখি, আওৰেংজেৱ বাদচাহৰ সেনাপতি মীর্জা ৰাজা জয়সিংহৰ পুত্ৰ ৰজা ৰামসিংহে এই বুলি বখানিছিল,—“প্রত্যেক অসমীয়া সেনাই নাও বাব পাৰে, কাঁড় মাৰিব পাৰে, মাটি কাটিব পাৰে, বন্দুক মাৰিব পাৰে। এনেকুৱা সকলো কামত নিপুণ সেনা মই ভাৰতবৰ্ষৰ আন কোনো ঠাইত দেখা নাছিলোঁ।” ১৬৭০ খ্ৰীষ্টাব্দত শৰাই-ঘাটৰ ৰণত আহোমৰ জয় হোৱাত, মানাহ নৈলৈকে আহোম ৰাজ্য বহলাই,তাত চকী আৰু ঘাট পাতি, বঁটাস্বৰূপে লাচিত ঘোঁৰা-কোঁৱৰক বৰফুকন পাতি গুৱাহাটীত নিগাজীকৈ ৰখা হয়। অলপ দিনৰ পাচতে লাচিত বৰফুকনৰ অকাল- মৃত্যু হোৱাত, ককায়েক লালুক নিমাতী ফুকনক বৰফুকন পতা হয়। {{center|{{X-larger|চুন্যতফা, চুক্লফ।, চুহুং, গোবৰকোঁৱৰ আৰু চুজিন্ ফা}}}} {{gap}}স্বৰ্গদেৱ চক্ৰধ্বজসিংহৰ পাচত, তেওঁৰ ভায়েক চুন্যত্ ফা কোঁৱৰ, খ্ৰী: ১৬৪৯ চনত ৰজা হয়। তেওঁ শিঙৰিঘৰ উঠাৰ পাচত, হিন্দুমতে উদয়াদিত্য নাম লয়। (১) চু্ন্যত্ ফা স্বৰ্গদেৱে গুৱাহাটীত ৰামগড়, পানীগড়, উজনিত বৰাগী-আলি প্রভৃতি কৰাই কিছুমান কীৰ্ত্তিচিন্‌ ৰাখে। ডফলা-আক্ৰমণলৈ গৈ বিষমৰূপে ঘাটি অহাত সেনাপতিক ৰজাই বৰ লাজ দিয়ে; সেই আপাহতে স্বৰ্গদেৱৰ ভায়েক সৰু-গোহাঞিক লগাই, খ্রীঃ ১৬৭১ চনত, ভেবেৰা হাজৰিকাই ৰজাক বধ কৰালে ; আৰু তেওঁৰ লোকান্তৰৰ পাচত, সেই ভায়েক সৰুগোহাঞি বা চুক্লন্ ফা কোঁৱৰক খ্রীঃ ১৬৭২ চনত ৰজা পতা হয়। হিন্দুমতে তেওঁক ৰামধ্বজ নামেৰেও জনা যায় । {{Rule|}} মুছলমানক মোহাৰি পেলামগৈ !” এনেতে, এটা চৰীয়াই শুনি গৈ ৰজাত জনালে ।স্বৰ্গদেৱ চক্ৰধ্বজে লাচিতক অনতিপলমে মতাই নি সুধিলে, “তই সঁচাকৈয়ে মুছলমানক জিনিব পাৰিবিনে ?” লাচিতে এই বুলি ততালিকে সাহসেৰে প্ৰত্যুত্তৰ দিলে, “পাৰিম স্বৰ্গদেৱ-ঈশ্বৰ।” স্বৰ্গদেৱে সুধিলে, “কেনেকৈ পাৰিবি?” লাচিতে স্থিৰ, ধীৰ, গহীনভাৱে উত্তৰত এই বুলি নিবেদিলে,"ৰাজকীয় ৰণুৱাৰে সৈতে জিনিমগৈ স্বৰ্গদেৱ-ঈশ্বৰ !” ৰজাই লাচিতক মূৰৰ পৰা ভৰিলৈকে এবাৰ একান্ত মনেৰে চাই লৈ, কাঁড়-মৰা তৰোৱাল-ঘূৰোৱা, ঘোঁৰা-চলোৱা, হাতী-সৰকা এনে গোটাচেৰেক বিষয়ক বিদ্যাৰ পৰীক্ষা কৰি চালে । সেই পৰীক্ষাত লাচিতে এজনী তিৰোতাৰ কেৰু-পিন্ধা কাণৰ বিন্ধাই দি এপাত কাঁড় সৰকাই পঠিয়ায়; একেপাকতে এশটা খেলিমেলিকৈ পুতি দিয়া কলপুলি ছেই ছোৱা ছোৱা কৰে; চকৰত চেকুৰি থকা একুৰি ঘোঁৰা, ইটোৰপৰা জঁ পিয়াই সিটোলৈ উঠি, চম্ভালি দেখুৱায়; হাতীৰ শুঁৰেদি আৰু নেগুৰেদি উঠি-নামি,তল-সৰকা দি বশ কৰি দেখুৱায়। ৰজাই দেখি, নিশ্চয় হৈ কৈ উঠিল, “ওঁ মোৰ মনে ধৰিছে; এই ডেকাই মুছলমানক জিনি মোৰ মান-মৰ্যদা ৰক্ষা কৰিব পাৰিব। এওঁক মই আজিয়েই এজন সেনাপতি বিষয়াৰ বাব দিলোঁ।"সেই অনুসৰি, লাচিতক পোনেই “ঘোঁৰা-কোঁৱৰ" পতা হয়। তাৰ পাচত,তেওঁ নিজ বিদ্যা-বুদ্ধি ৰাজনীতিজ্ঞান আৰু বাহুবলৰ চিনাকি দি উধাই "বৰফুকন" বিষয়া হয়গৈ । {{gap}}(১)"উদয়াদিত্য ৰজাৰেপৰা আহোম স্বৰ্গদেৱসকল পাত্রৰ অধীন হ'ল। শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ "তুংখুঙ্গীয়া বুৰঞ্জী”৮পৃষ্ঠা।<noinclude></noinclude> 90go7iazo70fro6kadf30chiqsmgjg6 পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭৩ 104 8189 194330 194270 2024-11-09T11:13:10Z অঞ্জুমণি শইকীয়া 3795 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 194330 proofread-page text/x-wiki <noinclude><pagequality level="3" user="অঞ্জুমণি শইকীয়া" /></noinclude>{{center|{{X-larger|স্বৰ্গদেৱ চুহুম্মুং বা স্বৰ্গনাৰায়ণ}}}} {{gap}}ৰামধ্বজ স্বৰ্গদেৱৰ ৰাজত্বত দেউৰী-চুটিয়া আৰু মিছিমিৰ বিদ্ৰোহ উঠিছিল ।এই ৰাজত্বত লুখুৰাখনৰ লেচাই-ডেবেৰা বৰবৰুৱা আৰু চেঙ্গমুন বৰগোহাঞি হয়। ভেবেৰা আগেয়ে হাজৰিকীয়া পদত আছিল; ৰামধ্বজ ৰজাই তেওঁক বিশ্বাসী বন্ধু ভাবি বৰবৰুৱা পাতি ললে। কিন্তু, দুবছৰ মাথোন ৰাজত্ব কৰোতেই, ভেবেৰা বৰবৰুৱাৰ লগত ৰামধ্বজসিংহ স্বৰ্গদেৱৰ মনান্তৰ ঘটে; আৰু সেই আপাহতে স্বৰ্গদেৱক নৰিয়া অৱস্থাত ডেবেৰাই খৰমজু নামেৰে বেজ এটাৰ হতুৱাই বিহ খুৱাই মাৰে। তাৰ পাচত, তিপাম ৰজা নাৰায়ণ গোহাঞিকে আদিকৰি চৈধ্য জনা ৰাজকোঁৱৰক ডেবেৰাই চক্ৰান্তৰ ওপৰত বধ কৰালে; তাৰো পাচত, নামৰূপীয়া ৰজাকো মৰালে।এই অনুক্ৰমে, ডেবেৰাৰ হাতত ৰামধ্বজ স্বৰ্গদেৱৰ বংশছেদ হোৱাত, সদৌশেহত, তুংখুঙ্গীয়া ফৈদৰ কোঁৱৰ এজনক তেওঁ ৰজা পাতি লয় (১)। কিন্তু, ১২ বাৰদিন মাথোন ৰাজপাট খাওঁতেই, এই তুংখুঙ্গীয়া কোঁৱৰজনকো অবাবত বধ কৰাই, ডেবেৰা বৰবৰুৱাই চামগুৰীয়া ফৈদৰ চুহুং কোঁৱৰক খ্রীঃ ১৬৭৩ চনত ৰজা পাতি, মোমাইতামুলী বৰবৰুৱাৰ জীয়েকক স্বৰ্গদেৱৰ বৰ-আইকুঁৱৰী পাতিলে । পিচে, চুহুং স্বৰ্গদেৱে ডেবেৰা বৰবৰুৱাৰ অধৰ্ম্ম-অত্যাচাৰ অন্ত পেলাবৰ অভিপ্ৰায়ে তেওঁক বধিবৰ উপায় চিন্তিছিল; কিন্তু স্বৰ্গদেৱৰ খাৰছাই এজনীৰ মুখে সেই কথাৰ সম্ভেদ পাই, ডেবেৰাই স্বৰ্গদেৱক,ডেৰমাহ মাধোন ৰাজপাট খাওঁতেই, গুপুত ব্যৱস্থাৰে বিহ খুৱাই মাৰিলে। তাৰ পাচত, ডেবেৰা বৰবৰুৱাই গড়গঞা ৰজাৰ নাতিয়েক তুংখুঙ্গীয়া ফৈদৰ গোবৰ নামেৰে কোঁৱৰক খ্রীঃ ১৬৭৪ চনত ৰজা পাতি লয়। গোবৰ স্বৰ্গদেৱে ২০ কুৰি দিন মাথোন ৰাজপাটত বহিবলৈ পালে; তেওঁ ডেবেৰা বৰবৰুৱাৰ মনোনয়ন মতে গেৱা ৰজা কাৰণে, বাঁহগৰীয়া আতন বুঢ়াগোহাঞি ডাঙ্গৰীয়া প্ৰমুখ্যে আনো আনো ডা-ডাঙ্গৰীয়া, ফা-ফুকন, বৰুৱা-বিষয়াসকলে লগলাগি তেওঁক বধ কৰায়। সদৌশেহত, ডেবেৰা বৰবৰুৱাৰ মইমতীয়া আচৰণ অসহনীয় হোৱাত, আৰু তেওঁৰ ষড়যন্ত্ৰত অকালত আৰু অবাবত ভালেমান ৰাজকোঁৱৰৰ অকাল-মৰণ সংঘটিত হোৱাত, বাঁহগৰীয়া আতন বুঢ়াগোহাঞি ভাঙ্গৰীয়াৰ নেতৃত্বত (২), ৰৰগোহাঞি ডাঙ্গৰীয়া, লালুকসোলা বুঢ়াফুকন, পানীফুকন,ৰাজখোৱা, হাজৰিকীয়া প্ৰভৃতি বা-বিষয়াসকলে (৩) লগলাগি চাপি গৈ, বাঁহগড়ত ৰণ দি, ডেবেৰা বৰবৰুৱাক ধৰি নি, ৰজাহাটত বধ কৰালে ( ৪) । গোবৰ ৰজাৰ অকাল-মৃত্যুৰ পাচত, সেই চনতে দিহিঙ্গীয়া ফৈদৰ চুজিন্‌ফা কোঁৱৰক ৰজা পতা হয়। স্বৰ্গদেৱ চুজিন্‌ফাই তিনি বছৰ মাথোন ৰাজত্ব কৰোঁতেই, আনো আনো ডা-ডাঙ্গৰীয়া বিষয়া সকলেৰে যোগ {{Rule|}} {{gap}}(১)এওঁকে তুংখুঙ্গীয়া ফৈদৰ প্ৰথম ৰজা বুলি ধৰা যায়।-"তুংখুঙ্গীয়া বুৰঞ্জী,” ৪পৃষ্ঠা। (২) মিল, — শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ “তুংখুঙ্গীয়া বুৰঞ্জী," ৬ পৃষ্ঠা (৩) "শৰাইঘাটৰ ৰণ”ত জয়লাভ কৰা বাবে ইবিলাক “শৰাইঘটীয়া বিষয়া” নামেৰেও জনাজাত। (৪) “বুঢ়াফুকনে অনেক বিকৰ্থনা কৰি ৰজাহাটলৈ আনি ভীম আওটাই ডেবেৰাক চেপিবলৈ দিওঁতে ভীম ডাঙ্গি দুটা মানুহ মৰিল । তাৰ পাচত, ৰাজহাটতে ডেবেৰাক হাবিয়ে ভৰিৰপৰা মূৰলৈকে কুৰিলে। এইদৰে, ৰজা মৰা ডেবেৰা বৰবৰুৱাক শাস্তি দি মৰা হ'ল"।- "পুৰণি আহোম বুৰঞ্জী।"<noinclude></noinclude> 3aa9aa9n1hqyhpyjlo9hbvc4w58gfs3 পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৭ 104 52371 194294 146699 2024-11-08T18:58:38Z অনামিকা(চুমু) বড়া 1609 194294 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Joli Rumi" /></noinclude>{{center|(এক)}} {{gap}}ছবিয়ে কথা কয় নে নকয়? যদি কয় সেই ছবিয়ে বুকুত বিহৰ ঢল আনে নে? তেনে ছবিয়ে কলিজাত দুখৰ শিলনি সাজে নে? {{gap}}নাজানে অলংকৃতাই। নাজানে সেই ছবিয়ে হুমুনিয়াহবোৰ ওলাই আহিব নোৱাৰাকৈ কিদৰে তাইৰ বুকুত শিলনি বান্ধি ল’লে। সেয়া যেন ছবি নহয়, এহাল কিশোৰ-কিশোৰীৰ জীৱন্ত প্ৰেম-গাথা। {{gap}}অলংকৃতাই অফিচৰ বিশাল টেবুলৰ কাষতে লাগি থকা কম্পিউটাৰটোলৈ চেয়াৰখন ঘূৰাই ল’লে। অফিচ ইতিমধ্যে ছুটী হৈ গৈছে। কম্পিউটাৰৰ ছোৱালীজনীও গ’লগৈ৷ তাইহে অকলে অকলে পৰি ৰৈছে। বিশাল অফিচ চৌহদৰ সুসজ্জিত কোঠা এটিত অকলশৰীয়াকৈ জীৱন-জগত, প্ৰেম-হুমুনিয়াহৰ ককটেইল মিলাই তাই পান কৰি গৈছে। {{gap}}কঞ্জনীলে পঠোৱা ফটোবোৰ তাই কম্পিউটাৰত চাই ৰ’ল। যিমানেই তাই কথাবোৰ সহজভাৱে ল’ব বিচাৰিছে, সিমানেই তাই সুৰংগ ফালি ৰহস্য ভেদত আৱদ্ধ হৈছে। পখিলা এজনীৰ দৰেই লাগিছে ছোৱালীজনীক৷ কি নাম আছিল তাইৰ? কি নাম সেই ৰঙীন ৰংগনাৰ? যদিও তাই মনত পেলাব নোখোজে সেই নাম, তথাপি সেই নামে তাইৰ পিছ নেৰে। {{gap}}উল্কি আছিল তাইৰ নাম। উল্কি শইকীয়া। এহাতেৰে তাইৰ কঁকালত ধৰি সেয়া আল্ট্ৰাছ নিয়াজিৰ। খুব সুখী যেন দুয়োটি৷ চঞ্চল বতাহজাকে যেন আৰু চঞ্চল কৰি তুলিছে দুয়োকে৷ মায়’ডিয়াৰ শুভ্ৰ হিমগুৰিয়ে উল্কিৰ ৰঙা টুপীটো শুকুলা কৰি তুলিছে। বৰফে বৰফে উৰি ফুৰা সেইকুৰা যেন জ্বলি থকা এটুকুৰা আঙঠা। ইমান উত্তাপ! ইমান উত্তাপ সেই সম্বন্ধত? যি সম্বন্ধত সমাজ আৰু আইন ধৰাশায়ী হয়, সেই সম্বন্ধই কিয় ইমান উত্তাপ কঢ়িয়ায়? {{gap}}নিজক পাৰে মানে আঁতৰাই থৈ তাই উল্কি আৰু আল্ট্ৰাছৰ ছবিবোৰ চাই গৈছে। প্ৰতিখনেই বেলেগ বেলেগ ৰঙৰ কেনভাচ। প্ৰতিখনেই নিয়মৰ বিপৰীতে অনিয়মৰ বাণী ছটিয়াই গৈছে। {{gap}}ক'ৰবাত তাইৰ চিঞৰটো মায়'ডিয়াৰ পাহাৰত ঠেকা খাইছে। {{gap}}“এয়া অনীতি”, তাই চিঞৰিছে। {{gap}}পাহাৰৰ সিপাৰৰ পৰা খিলখিলনিৰ প্ৰতিধ্বনি ভাঁহি আহিছে, {{gap}}“নহয় অনীতি। এয়াই সত্য”। {{gap}}সত্য! এই অনীতিবোৰ সত্য। অনিয়মবোৰ হেনো অনিয়ম নহয়। কোনে কয় সেই কথা? সমাজে বান্ধি থোৱা এডাল সোলোক-ঢোলোক শিকলিত বন্দী হৈ তাইৰ কাঠগৰাত থিয় নিদিয়ে সেই নাৰীয়ে, যি নাৰীয়ে তাইৰ একান্ত প্ৰিয়জনৰ স’তে ঘনিষ্ঠতাৰ ঘৰ সাজিছে। {{gap}} আল্ট্ৰাছৰ ফেচবুক একাউণ্টত সোমাই তাই ফটোবোৰ ক্লিক কৰি যায়। তাৰ পাছত উল্কিৰ একাউণ্ট খোচৰে। একেই ঠাইৰ ফটো। যুগ্ম ফটোবোৰ তাত নাছিল। যুগ্ম ফটোবোৰ আছিল কঞ্জনীলে পঠোৱা ফটোবোৰত। যুগ্ম মানে উল্কি আৰু আল্ট্ৰাছ, আল্ট্ৰাছ আৰু উল্কি। ধৰফৰাই ৰৈছে তাই আৰু কঞ্জনীল। প্ৰেমক সদায়ে প্ৰাধান্য দি অহা তাই এই প্ৰেমত মূক হৈ পৰিছে। ধৰ্মৰ প্ৰসংগ নহয় সেয়া, বয়সৰ ব্যৱধানৰ কথাও নহয়, এই প্ৰসংগ এক জটিল নিয়মৰ প্ৰসংগ। এয়া সমাজ নামৰ দেৱালখনত খুন্দা খাই উভতি অহা কিছু প্ৰশ্ন। ঘড়ীটোলৈ চালে তাই৷ সাত বাজিল। কঞ্জনীলে ফোন কৰাৰ কথা আছিল। ৰিভলভিং চেয়াৰখনতে ওপৰমুৱাকৈ মূৰটো পেলাই তাই পিছলৈ আঁউজি ফোনটোৰ অপেক্ষাত ৰ'ল। পাতল নীলা ৰঙৰ দীঘল দীঘল পৰ্দা ভেদি ৰূমৰ পোহৰ ষ্ট্ৰিট লাইটৰ পোহৰত বিলীন হৈছে। পোহৰৰ ছায়া- {{gap}}ময়াত তাইৰ হঠাতে ল'ৰা দুটিলৈ মনত পৰিল। তাইৰ বুকুৰ জিউ দুটিক অকলে এৰি থৈ তাই বিয়লি এপৰলৈকে অফিচত বহি আছে। নিজৰ ওপৰতে ধিক্কাৰ জন্মিল তাইৰ। ড্ৰাইভাৰক গাড়ী সাজু কৰিবলৈ কৈ তাইৰ পাৰ্ছ মিৰৰখনত মুখখন চাই ল’লে। ওঁঠৰ ওপৰেৰে পাতল গুলপীয়া লিপষ্টিকডাল বুলাই তাই থিয় হ’ল। {{gap}}মুখখন সৌম্য। ভিতৰত তোলপাৰ লগাই থকা ধুমুহাজাকৰ চাৰিওফালে দেৱাল গঁথা হৈ গ’ল। সেই ধুমুহাজাকে তাইৰ কণমানি দুটাৰ মনত আউল নলগায়। তাই নাৰী। তাই হাজাৰ ৰূপ ধাৰণ কৰিব পাৰে। অলপ<noinclude></noinclude> 514gzf8u3cdjdntpl9btrfxte9aj58t পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৯ 104 52373 194295 146717 2024-11-08T19:05:05Z অনামিকা(চুমু) বড়া 1609 194295 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Joli Rumi" /></noinclude>{{center|(দুই)}} {{gap}}ভাইব্ৰেশ্যন মুডত থকা ফোনটো কঁপি উঠিছিল। তাই তেতিয়া কেইবাজনো অধিবক্তাৰ স’তে মুখ্য ন্যায়াধীশৰ কোঠাত জৰুৰী আলোচনাত। চাওঁ নাচাওঁকৈ অলংকৃতাই ফোনটোত দৃষ্টি নিক্ষেপ কৰিলে। {{gap}}অচিনাকি নম্বৰ৷ মুখ্য ন্যায়াধীশৰ ৰূমত ফোনটো ধৰিবলৈ তাইৰ অস্বস্তি লাগিল। ফোনটো বাজি বাজি অফ হৈ গ’ল। {{gap}}ক্ৰিমিনেল কেচ এটাৰ আলোচনা কৰোঁতে কৰোঁতে দুপৰৰ বেলি উঠিল। মুখ্য ন্যায়াধীশৰ কোঠাৰ পৰা আহি গোটেইকেইজন তাইৰ কোঠাত সোমাল। জৰুৰী কেচকেইটাৰ ফাইলত চহী কৰি পঠিয়াব লাগে। তেনে এদ’মমান ফাইলৰ মাজতে ডুব গৈ থাকোঁতেই আকৌ ফোনটো বাজি উঠিল। কামৰ মাজত ফোনকল আহিলে ভীষণ বিৰক্তি পায় তাই। তাতে আকৌ অচিনাকি নম্বৰ। {{gap}}ক্লান্তিৰ সুৰ এটা টানি তাই মাত দিলে, “হেল্ল”। {{gap}}“আপুনি আল্ট্ৰাছ নিয়াজিৰৰ পত্নী নেকি?” {{gap}}বুকুখন কঁপি উঠিল তাইৰ। আল্ট্ৰাছৰ নাম লৈ তাইক কোনেও ফোন নকৰে। কিবা বিপদ হোৱা নাইতো তাৰ! কিছু শংকা মিহলি অনুভূতিবোৰ নিয়ন্ত্ৰণলৈ আনি তাই মাত লগালে, “হয়। আপুনি কোনে ক'লে?” {{gap}}“মোক আপুনি চিনি নাপাব। মই কঞ্জনীল। মংগলদৈৰ পৰা কৈছো”। ‘আল্ট্ৰাছ নিয়াজিৰৰ পত্নী’ আৰু ‘মংগলদৈ',এই শব্দকেইটাৰ মাজত কি যোগসূত্ৰ? মুহুৰ্ততে দুডাল বিদ্যুৎ পৰিবাহী তাঁৰে তাইৰ মগজুলৈ সংকেতধ্বনি কঢ়িয়াই নিলে। উল্কিৰ ঘৰ মংগলদৈত। সিমানখিনি তাই জানিছিল। উল্কি আৰু আল্ট্ৰাছৰ মাজৰ বু বু, বা বাখিনিও তাই নজনাকৈ থকা নাছিল। সেয়াইনে যোগসূত্ৰ? {{gap}}“আপুনি উল্কিৰ.......?”, আধাতে ৰৈ দিলে তাই। {{gap}}“হয়। উল্কি মোৰ পত্নী। আপোনাক মোৰ অলপ ক’বলগীয়া আছে”। {{gap}}আছে, আছে। তাইৰো ক’বলগীয়া আছে। কেনেকৈ বুজায় তাই, তাইৰো যে উল্কিৰ স্বামীক ক’বলৈ বহুত কথাই আছে। কিমানদিন যে তাই উল্কিৰ স্বামীৰ লগত যোগাযোগ কৰিবলৈ বিচাৰি ফুৰিছেঙ্গ কিন্তু এতিয়া এই মুহূৰ্তত সেয়া সম্ভৱনে? এইখিনি সময়ত তাইৰ সন্মুখত অধিবক্তা কৃশানু গৌতম আৰু দ্বিতীয় শ্ৰেণীৰ ন্যায়াধীশ বিশাল তামুলী। টেবুলৰ কাষৰ কম্পিউটাৰটোৰ সন্মুখত কাংক্ষিতা নামৰ কম্পিউটাৰ চলোৱা ছোৱালীজনী। ফোনৰ সিপাৰে তাইৰ স্বামীৰ অবৈধ প্ৰেমৰ অভিযোগকাৰী। কি কৰে তাই? কি কৰে এনে মুহূৰ্তত তাই? কি কৰিলেহেঁতেন অন্য নাৰীয়ে? তাই নাজানে সেই কথা। {{gap}}পলকতে তাইৰ মুখৰ বৰণ সলনি হৈছিল। তাইৰ মাতটোত শতযুগৰ মলিনতা আহি পৰিছিল। এই যেন এইমাত্ৰকে তাই দৌৰি গৈ শোৱনি কোঠাৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰি বিছনাত উবুৰ খাই পৰি গাৰু তিয়াব, এই যেন ব্ৰহ্মপুত্ৰৰ আন্ধাৰ বালিচৰত চুলি মেলি কোনোবা অতৃপ্ত আত্মাৰ দৰে বহি ৰ'ব নতুবা এজনী উদভ্ৰান্ত নাৰীৰ দৰে অসংযত সাজেৰে বৰ্ষণমুখৰ কোনো মধ্যৰাতি ঢলং-পলংকৈ নিচাগ্ৰস্ত লোকৰ দৰে লক্ষ্যহীন এক যাত্ৰাত ভৰি থ’ব নতুবা নিষিদ্ধ গলিত এজাক উতনুৱা যুৱক-যুৱতীৰ দৰে চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী পকাব নতুবা চহৰৰ উপকণ্ঠৰ কোনো ধাবাত অকলে পান কৰিব ৰঙীন পানীয়। {{gap}}তেনে একোৱেই কৰা নহ’ল সেই সময়ত৷ তাইৰ মুখৰ অভিব্যক্তিত সন্মুখত থকা লোক দুজনে কিবা ধাৰণা কৰি উঠি যাবলৈ ওলাইছিল, তাই মুহূৰ্তত নিজকে সম্বৰণ কৰিলে, তেওঁলোকক বহিবলৈ ইংগিত দি ফোনত ক’লে, “আপুনি অলপ পাছত ফোন কৰিব পাৰিবনে?” {{gap}}কঞ্জনীল যেন ফাটি পৰিছিল। কেনেকৈ পাৰে? কেনেকৈ পাৰে নাৰীয়ে এনেবোৰ মুহূৰ্তত নিজকে ইমান স্থিতপ্ৰজ্ঞা কৰি ৰাখিব পাৰে? কেনেকৈ? সি কিয় নোৱাৰে? কিয় ফটোখিনিত উল্কি আৰু আল্ট্ৰাছৰ মাজত ঘনিষ্ঠতা দেখাৰ পাছৰে পৰা সি চৰম অশান্তিত সময় কটাইছে? সি জানে, কিদৰে সি আল্ট্ৰাছৰ পত্নীৰ ফোন নম্বৰ সংগ্ৰহ<noinclude></noinclude> 7sjfgqmsm2rwx1df3jbzh8ivcjptla6 পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১১ 104 52375 194301 146727 2024-11-08T19:09:57Z অনামিকা(চুমু) বড়া 1609 194301 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Joli Rumi" /></noinclude>মানুহগৰাকীক কিহে ভাৰাক্ৰান্ত কৰে এনেকৈ? ইমানদিন সি ভাবি আহিছিল, শাৰিৰীক তথা মানসিক পৰিপূৰ্ণতাৰে পুষ্ট এই নাৰী। আজি সি গম পাইছে, ক’ৰবাত সূৰ্যৰো বিচ্যুতি ঘটে। চকুত নপৰে মানুহৰ। কিছু আৱেগিক হ’ল সি। ক’বলগা কথাবোৰ সামৰি সি মাথোঁ ক’লে “মেডাম, নিউটনৰ তৃতীয় সূত্ৰটো মনত আছেনে? সেই যে সূত্ৰটো, প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে”। {{gap}}তাই চাই ৰ’ল। কি ক’ব বিচাৰিছে বিশালে সেই কথা বুজাৰ আগতেই সি কৈ গ’ল, “যিয়েই আপোনাক আজি পিছলৈ টানিছে, সেইটোৱেই আপোনাক এদিন সিমান আগলৈ লৈ যাব। এতিয়া মই যাওঁ৷ আপুনিও বেছি দেৰি নকৰিব”। {{gap}}কথাখিনি কৈ সি ওলাই গ’ল। চকুৰ কোণ সেমেকি উঠিছিল তাৰ। বিশাল চৌহদত তাইক অকলে এৰি সি গাড়ীৰ ষ্টিয়েৰিং পকালে। শৈলমানৱীৰ দৰে তাই বহি ৰ’ল। উল্কি, আল্ট্ৰাছ, মায়’ডিয়া, ফটো, মেচেজ, ফোন, ৰঙা টুপী, শুকুলা তুযাৰ এই শব্দবোৰ সাৱটি তাই বহি ৰ’ল। ইমানবোৰ শব্দৰ সংগতো বৰ নিঃসংগ অনুভৱ কৰিছিল অলংকৃতাই। সৰ্বশৰীৰ শীতল হৈ পৰিছিল। এই যেন তাই চিঞৰি চিঞৰি কান্দিব, আকুলভাৱে অনুৰোধ জনাব কাৰোবাক, “তুলি ধৰচোন মোক, মোৰ পৃথিৱীখন ধ্বংস হোৱাৰ আগতেই কোনোবাই তুলি ধৰ মোক”। {{gap}}বিশালৰ গাড়ীখন ধূলি উৰুৱাই গুচি যোৱাৰ খবৰ তাই পালে, খিৰিকীৰে দেখিলে তাই, ড্ৰাইভিং ছিটৰ পৰা সি তাইৰ খিৰিকীৰ ফালে চাই গৈছিল। {{gap}}“নাই নাই। আৰু অলপো পুতৌৰ দৰকাৰ নাই মোক। মই নিজে নিজক বুজাম। মোক অকলে থাকিবলৈ দে, জীৱন মোক শক্তি দে’’৷ {{gap}}অলংকৃতাৰ দৰে সবল ব্যক্তিত্বৰ মানুহ এগৰাকীৰ এই বিভঞ্জ ৰূপ অকল্পনীয়। হে জীৱন, বৈচিত্ৰৰে ভৰা তোমাৰ ক্ষণ। উচুপনিৰ ক্ষণবোৰ ঢাকিও তাই জীৱনৰে গান গাই আছে। {{gap}}অথচ কেতিয়াবা কিয় মন যায় তাইৰ নিজৰ ওপৰত প্ৰতিশোধ ল’বলৈ, কিয় মন যায় নৰকৰ কীটে কিলবিলোৱা সেই ৰাস্তাত ভৰি দিবলৈ, কিয় মন যায় আল্ট্ৰাছক জনাবলৈ সেই খবৰ, “চোৱা আল্ট্ৰাছ, চোৱা মোক, মই তোমাৰ হৈ নাথাকিলোঁ, মই দেখোন মোৰেই হৈ নাথাকিলোঁ৷” {{gap}}............. {{gap}}চকুপানী টোপাল সৰিল। ব্ৰাৰ্টাণ্ড ৰাছেলৰ কিতাপখনৰ পয়ষষ্ঠি নম্বৰ পৃষ্ঠাত চকুপানীটোপালে ঠিকনা পালে। তাইৰ মনৰ গতিত বাধা আহিল। অদূৰৰ পৰা পুৱা চাৰি বজাৰ ঘণ্টাৰ শব্দ ভাঁহি আহিল। টোপনি অবিহনে পাৰ হোৱা তাইৰ এয়া প্ৰথমটো নিশা। আল্ট্ৰাছ ঘৰত নাই। কিতাপখন জপাই তাই শোৱনি কোঠালৈ আহিল। পূত্ৰদ্বয় নিদ্ৰাদেৱীৰ কোলাত। সৰু পুত্ৰই মাজে মাজে খেপিয়াই খেপিয়াই মাকক বিচাৰিছে। জিৰো পাৱাৰৰ লাইটটো তাই নুমুৱাই দিলে। ভেন্টিলেটৰেৰে পোহৰৰ ৰেঙনি দেখা গৈছে। আগদিনা কঞ্জনীলৰ ফোনটো নাহিল। তাই প্ৰস্তুত হৈ উঠিছিল তেতিয়া। চৰম সত্যটো শুনিলেও যাতে তাই ভাগি নপৰে, তাৰ বাবে তাই নিজকে সাজু কৰি তুলিছিল। কিন্তু সি ফোন নকৰিলে৷ তাৰ বিপৰীতে তাইলৈ পঠিয়াই দিলে ফটোৰূপী জুইৰ লেহন, সৰ্ব কলিজা দহি যি এতিয়াও তাইৰ চকুৰ আগত নাচি আছে। {{gap}}সৰুটোৱে বাগৰ দিছে, মুখখন উজ্জ্বল তাৰ, টোপনিতে খিলখিলকৈ হাঁহি কৈ উঠিছে, “পাপাই মোৰ কাৰণে ৰিম’ট কন্ট্ৰল গাড়ী আনিব”। {{center|++}} {{center|('''তিনি''')}} {{gap}}সৰুপুত্ৰৰ উজ্জ্বল মুখখনলৈ অলংকৃতাই চাই ৰ’ল। ছবছৰীয়া এটা শিশুৱে সপোনতে দেউতাকৰ লগত কথা পাতি পাতি মাকৰ উমাল কোলাত নিশ্চিন্তে পৰি ৰৈছে। পুতলা গাড়ী, বল, ছবিৰ বাদে কিয়েইবা ভাবিব পাৰে সিহঁতে! দুইটিকে কপালত দুটা চুমা আঁকি দিলে তাই। ওঁঠযোৰ শুকান তাইৰ। চকুপানীৰ লুণীয়া সোৱাদে হয়তো ওঁঠ চুইছিল। উঠি গৈ বেচিনত মুখখন ধুই ল’লে। মেলা চুলিখিনি গত লগাবলৈ তাইৰ সত নগ'ল। দুৱাৰ খুলি লাহে লাহে ঘৰৰ সন্মুখৰ সেউজীয়া লনখনৰ ঝুলনাডালত বহি ল’লে। বাগানভেলিয়াৰ ফুলবোৰে ঢাকি ৰখা<noinclude></noinclude> okx4d75am8vti96k0rrm9bvw6d21udh পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৫ 104 52379 194306 146927 2024-11-09T08:31:47Z অনামিকা(চুমু) বড়া 1609 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 194306 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Joli Rumi" /></noinclude>সাংবাদিকৰ বেষ্টনীত সোমাই পৰিল। {{gap}}তাইৰ চকুৰ আগলৈ বাৰে বাৰে দৃশ্যটো আহি আছে। ৰাজপথ তেজেৰে তুমুৰলি কৰি এজন মানুহ চিঞৰি চিঞৰি থানাৰ ফালে দৌৰিছে। হাতত একোছা চুলিৰে সৈতে এটা মুণ্ড। তাৰ মৰমৰ পত্নীৰ দেহৰ পৰা বিছিন্ন কৰি অনা মুণ্ড সেয়া। সি স্বীকাৰোক্তি দিছে, তাৰ পত্নীৰ পৰ-পুৰুষৰ স’তে সম্পৰ্ক আছিল। কঞ্জনীললৈ মনত পৰে তাইৰ। {{gap}}দূৰৈৰ পৰা ভাঁহি আহে পাপনৰ কণ্ঠ, {{gap}}“উল্লাসে পাহৰায় {{gap}}ৰঙা ৰঙে যে {{gap}}তেজ সিঁচি যায়”। {{gap}}কি বুলি দিছিল সি শেষৰটো মেচেজ, “বাইদেউ আপুনি একো নক’লে। মই মৰি যাম বাইদেউ। তাইকো মাৰি পেলাম। আপোনাৰ মিষ্টাৰকো জেলত ভৰাম। আপোনাৰ মিষ্টাৰে মোৰ মিছেছৰ লগত এনেকুৱা সম্পৰ্ক গঢ়ি তুলিছে, আপোনাৰ অকণো গাত লগা নাই?” {{gap}}উচুপনি এটাই বুকু ভেদি ওলাই অহাৰ বাট বিচাৰি ৰ’ল। গাড়ীৰ আগচিটত পি এছ অ’ জন আৰু চালকৰ আসনত গাড়ীচালক ৰমেশ। ক’বলৈ মন আছিল তাইৰ, “নামি যা তহঁতে, গাড়ীখন মোক এৰি দে, মই এতিয়া অৰঙে দৰঙে হেৰাবলৈ যাম। মোক এৰি দে অকলে।” {{gap}}কঞ্জনীললৈ ফোন কৰিবলৈকো সুযোগ পোৱা নাই তাই। মানুহেৰে পৰিবেষ্টিত পৃথিৱীত তাইহে ৰৈছে অকলে। আকাশখনলৈ চালে তাই, ডাৱৰেৰে আৱৰা আকাশ। এই যেন হুৰহুৰাই খহি সৰিব অভিমানী মেঘালি চকুলো। চকুলোৰে গঢ়ি উঠা উত্তল লেন্সত ধৰা দিয়েহি জীৱন। মুহূৰ্ততে যেন সৰু হৈ পৰে অলংকৃতাজনী। ছটফটাই উঠে তাইৰ পয়ত্ৰিশবছৰীয়া হিয়া। সৰিব খোজা চকুলোৰ শিলগুটিটো পতাত বান্ধি তাই চকুহাল মুদি দিলে। ববী প্ৰিন্টৰ বগা ফ্ৰক পিন্ধা এজনী দহবছৰীয়া ছোৱালী। আলসুৱা ছোৱালীজনী ডাঙৰ হোৱা নছিল তেতিয়াও। সৰু সৰু কথাতে ককায়েকৰ লগত ঠেহ পাতি ৰাস্তাৰ সিমূৰৰ ধ্ৰুৱমৰ ঘৰ পায়গৈ। ফুলি থকা মুখখন চিকুটি চিকুটি ধ্ৰুৱমে অভিমান ভঙাৰ খেল খেলে। ধ্ৰুৱম নাই আজি। প্ৰতিটো উজুটিতে তাইক তুলি ধৰা ধ্ৰুৱমৰ খবৰ নাপায় তাই। অথচ এই মুহূৰ্তত কি যে মন গৈছিল, ককায়েকৰ দৰেই যেন আল্ট্ৰাছৰো অভিযোগেৰে কাণ ঘোলা কৰি দিব ধ্ৰুৱমৰ। সেই যে কৈছিল সি, “কিছুমান বিন্দুত তই একেবাৰে অকলশৰীয়া হৈ পৰিবি। তেতিয়া তই ভাঙি পৰিবি নেকি কৃংতা? নপৰিবি দেই”, বাহিৰলৈ যোৱাৰ আগমূহূৰ্তত ধ্ৰুৱমে তাইৰ চুলিখিনি লিৰিকি দিছিল। কৈ গৈছিল, জীৱন-যাপনৰ সূত্ৰ, {{gap}}“ব’ৰৰ সূত্ৰটো মনত আছেনে? সেই ক্লাছ এইটত আমাক বনিয়া ছাৰে শিকাইছিল।” {{gap}}তাই চাই ৰৈছিল তালৈ। কি সংগতি এই পাতনিৰ স’তে? মনত নাই তাইৰ। বিজ্ঞানৰ একো সূত্ৰই মনত নাই তাইৰ। তাই কলা শাখাৰ ছোৱালী৷ ইংৰাজীত মেজৰ লৈ পঢ়িছে। কেনেকৈ মনত থাকে নীলচ্‌ ব’ৰৰ সূত্ৰ? {{gap}}“চা, পদাৰ্থ এটা কিহেৰে গঠিত হয় জানইতো- অণু, পৰমাণুৰে। পদাৰ্থৰ ক্ষুদ্ৰতম কণাটোৱেই হৈছে পৰমাণু। সেই পৰমাণুৰ কেন্দ্ৰত থাকে ধনাত্মক আধানযুক্ত প্ৰটন। কাষে কাষে আৱৰ্তনত থাকে ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰন। কেন্দ্ৰত থকা প্ৰটন যিমানেই শক্তিশালী হয়, সিমানেই শক্তিশালী হয় ঋনাত্মক আধানযুক্ত ইলেক্ট্ৰন। বুজিলি নে কিবা?” {{gap}}নাই, তাই নুবুজে৷ বুজাৰ সময় নহয় এয়া। ধ্ৰুৱম যাবগৈ, ইয়াতকৈ কঠোৰ সত্য তাইৰ বাবে একোৱেই নাই! সি তথাপি কৈ যায়, “জীৱনত যেতিয়াই বিপদত পৰিবি, তেতিয়াই চিন্তা কৰিবি, তোৰ মাজত থকা ধনাত্মক শক্তিৰ আকৰ্ষণতহে ঋণাত্মক আধানৰূপী শক্তিবোৰে তোৰ চাৰিওফালে ঘূৰি ফুৰিছে” {{gap}}বুজিছিলনে তেতিয়া? নুবুজিছিল যদিও শব্দবোৰ কাণত বাজি ৰৈছিল। সি বেগটো কান্ধত লৈ লগৰ দীপকৰ বাইকত উঠি ধূলি উৰুৱাই গুচি গৈছিল। অস্ফুট স্বৰেৰে সিয়াঁৰি গৈছিল তাইক, “পুনৰ লগ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে”। {{gap}}অভিমানৰ চকুলোৰে চপচপীয়া হৈ বহুতদিন ভাবিছে নীলচ ব'ৰৰ সূত্ৰ। যেতিয়াই তাইক ঋনাত্মক শক্তিয়ে থকা-সৰকা কৰিছে, তেতিয়াই তাইৰ মনলৈ আহে ধ্ৰুৱমৰ তত্ব, “তোৰ মাজত সিমানখিনি ধনাত্মক আধান আছে<noinclude></noinclude> sv38x6c1ncupcub6wmjzeo2qfp68szr পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৬ 104 52380 194307 146928 2024-11-09T08:36:24Z অনামিকা(চুমু) বড়া 1609 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 194307 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Joli Rumi" /></noinclude>কৃতা, হাজাৰ ঋণাত্মকতাৰ মাজতো তই পাৰিবি মূৰ দাঙি সদম্ভে থিয় দি থাকিবলৈ৷” {{gap}}কাণত ৰিণি ৰিণি বাজি থাকে সেই সুৰ,“তই পাৰিবি কৃতা। তই পাৰিবি।” {{center|++}} {{center|'''(চাৰি)'''}} {{gap}}পাপনৰ গান, ধ্ৰুৱমৰ স্মৃতি আৰু নীলচ্‌ ব’ৰৰ সূত্ৰৰে ঋণাত্মক শক্তিবোৰৰ আধানশূন্য কৰি থাকোঁতেই অলংকৃতাৰ ফোনটো বাজি উঠে। আদালতৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত ফোনটো ৰিচিভ কৰোঁ বুলিও তাই ৰিচিভ কৰিব নোৱাৰে। গাড়ীৰ সন্মুখৰ চিটত গাড়ীচালক ৰমেশ। কিছুমান কথা৷ বৰ গোপন; য’ৰ খবৰ ঘৰৰ চাৰিকোণৰ দেৱালখনৰ বাদে কাকোৱেই জনোৱা নাযায়, তেনেবোৰ কথা এই সময়ত তাই কিদৰে পাতে? কিন্তু তাইৰ বাবে ফোনকলটোও সমানেই দৰকাৰী। কঞ্জনীলক বুজোৱাৰ দৰকাৰ। তাক বুজাবলৈ অন্ততঃ এটা পৰিবেশ লাগে। কিন্তু ক’ত যে পায় সেই পৰিবেশঙ্গ ফোনটো ৰিচিভ কৰিলে যদিও তাই মুকলিকৈ কথা পাতিব নোৱাৰি মাথোঁ কৈ থ’লে, “কঞ্জনীল, মই তোমাক আধাঘণ্টা পিছত ফোন কৰি আছোঁ হ’বনে” {{gap}}প্ৰকৃতিষ্ঠ অৱস্থাত নাছিল কঞ্জনীল। তাৰ মাততে বুজা যায় সেই কথা। কি লৈ আছে সি, কি নিচাৰে আছন্ন হৈ পৰিছে তাৰ বিষাদবোৰ, তাই বুজে, ক’ৰবাত যেন তাই বিধ্বংসী ধুমুহাৰ উমান পাই যায়। নিম্নস্বৰেৰে শূন্যতা ভৰা কণ্ঠেৰে সি কয়, {{gap}}“বাইদেউ, মই সিদ্ধান্ত ল’লো, তাইক ইয়াৰ পৰা পঠিয়াই দিম।” {{gap}}পঠিয়াই দিব? ক’লৈ পঠিয়াই দিব? পুনৰাই কিবা সুধিবলৈ ভয় লাগে তাইৰ। জানোচা সি কৈ দিয়ে, “উল্কিক লৈ যাওক বাইদেউ” বুলি। এই ভাবনাটি অহাৰ লগে লগে বৰ অসহায় অসহায় লাগিল তাইৰ। নিজৰ পুৰুষৰ মাজত কি এক নিৰাপত্তা থাকে, হাজাৰ মূল্যৰ বিনিময়তো নাৰীয়ে যি ত্যাগ কৰিব নিবিচাৰে। মুহূৰ্ততে অস্থিৰ হৈ পৰে অলংকৃতা, হীনমন্যতাই ক্ৰিয়া কৰি যায় দেহ-মনত। এই যেন সেই সৰুফুটীয়া ছোৱালীজনীৰ ওচৰলৈ দৌৰ মাৰি যাব, তাইৰ ভৰি দুখনত ধৰি ক’ব, “প্লিজ উল্কি, তুমি মোৰ সংসাৰৰ পৰা আঁতৰি দিয়া। বিনিময়ত যি লাগে লৈ যোৱা”। যেন কঞ্জনীলকে কৰযোৰে কাতৰ অনুৰোধ কৰিব তাই, “কঞ্জনীল, তুমি তোমাৰ পত্নীক সুখী কৰা, তাই যি বিচাৰে তাকেই দিয়া, মাথোঁ ইয়াৰ পৰা লৈ যোৱা”। নহ’লেবা আল্ট্ৰাছৰ বুকুত মূৰ আফালি দাবী জনাব, “আল্ট্ৰাছ, তুমি মোৰ। তোমাৰ সন্তানৰ খাতিৰত তুমি উলটি আহাঁ। বিনিময়ত যি বিচাৰা তাকেই দিম আল্ট্ৰাছ। মাথোঁ ঘূৰি আহাঁ”। {{gap}}গধুৰ হুমুনিয়াহ এটাই গাড়ীৰ ভিতৰখন গধুৰ কৰি তোলে। গ্লাচখন খুলি দিয়ে তাই। ওন্দোলা আকাশ, খহি পৰিব যিকোনো মৃহূৰ্ততে। আগতে এনে পৰিৱেশত আল্ট্ৰাছৰ সৈতে ক’ৰবালৈ গ’লে কিমানবাৰ যে সাৱটি নধৰিছিল তাইক। {{gap}}কঞ্জনীলৰ ফোনটো সামৰি থয় তাই। এতিয়া ইয়াত গধুৰ উশাহ। উশাহবোৰত সি বাট হেৰুৱাব। বাট হেৰুৱালে অবাটে যাব। অবাটে গ’লে পৰোক্ষভাৱে তায়েই দায়ী হ'ব। দায়ী হ'লে তাই গোটেই জীৱন বিবেক দংশনত ভুগিব। বিবেকৰ বশ হৈ থকালৈকে সেয়া হ’বলৈ তাই দিব নোৱাৰে। উল্কিৰ বিষয়ে তাই খুব বেছি কথা নাজানে। সাতবছৰৰ প্ৰেমৰ অন্তত বিবাহ হেনো উল্কি আৰু কঞ্জনীলৰ। যোৱা তিনিবছৰৰ পৰা উল্কি আল্ট্ৰাছৰ ব্যক্তিগত সহায়িকা হিচাপে কাম কৰি আছেহি। কামৰ সৰু-বৰ নাই, সেই কথা তাই বুজে! কিন্তু ঘৰৰ পৰা ইমান দূৰত থাকি কাম কৰিছে যেতিয়া সেই কামৰ কিছু গুৰুত্ব নোহোৱা নহয়। তাইৰ জানিবলৈ মন গ'ল, কিহৰ প্ৰয়োজনত উল্কিয়ে ঘৰ আৰু স্বামীৰ পৰা দূৰৈত থাকি এটা ব্যক্তিগত খণ্ডত সীমিত আয় উপাৰ্জন কৰিব লগা হৈছে। আত্মীয় কুটুম্বৰ কাষত থাকিও তেনে পৰিমাণৰ আয়ৰ পথ এটা হয়তো তাই উলিয়াব পাৰিলেহেঁতেন। সুধিব লাগিব কঞ্জনীলক, সুধিব লাগিব কেতবোৰ কথা। কিহৰ তাড়নাত উল্কিয়ে ন-কইনা সাজেৰে স্বামীৰ ঘৰৰ পৰা ওলাই আহি এক অচিনাকি ঠাইত অকলশৰীয়াকৈ জীৱন যাপন কৰাৰ সিদ্ধান্ত ল'ব লগা হ'ল? কঞ্জনীলৰ মৰমে কিয় তাইক ধৰি ৰাখিব নোৱৰিলে? এয়া অৰ্থনৈতিক স্বাধীনতাৰ নামান্তৰ নে ব্যক্তিগত প্ৰয়োজনীয়তাৰ স্বাক্ষৰ? যদিওবা এয়া তেওঁলোকৰ ব্যক্তিগত কথা, কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়াই তাইৰ সংসাৰখন থান বান কৰি<noinclude></noinclude> pnk3qwdftckbdui5rc3395bg14389y4 পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৮ 104 52382 194308 146938 2024-11-09T08:43:33Z অনামিকা(চুমু) বড়া 1609 194308 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Joli Rumi" /></noinclude>{{gap}}সজোৰে হা হা হা হাঁহি উঠে সি, “তোৰ দৰে গেন্ধেলীজনীক মই প্ৰেমৰ প্ৰস্তাৱ দিম? হেৰ’, তোক দেখোন মই চেমিজ পিন্ধাৰ পৰাই লগ পাইছোঁ”। {{gap}}গেন্ধেলী!!! তেলত ভজা লুচিৰ দৰে মুখখন ফুলি আহে তাইৰ। ঘপহকৈ উঠি কলেজৰ গেট পায়হি। পিছলৈ এবাৰ ঘূৰি চায়, কেনেবাকৈ সিও পিছে পিছে আহিছে নেকি? নাই। সি উঠি নাহে। সি ঠাইতে বহি থাকে। তাই নেদেখাকৈয়ে পুখুৰীৰ পাৰৰ বন এডাল উভালি সি পানীলৈ দলি মাৰে। চেমিজ পিন্ধাৰ পৰাই লগ পোৱা ছোৱালীজনীৰ সতে অন্য পুৰুষসত্তাক দেখিলে হয়তো সি বৰ কষ্ট পাব। বনডাল পানীলৈ দলি মাৰি দিয়াৰ পাছতেই সি সিদ্ধান্ত লয়, যাবগৈ সি। এই ঠাই এৰি সি যাবগৈ ক’ৰবালৈ। তাইক একো উমান নিদিয়াকৈ সি তাইৰ পৰা দূৰৈত অৱস্থান কৰিব। ক্ষণেপ্ৰতি তুলি ধৰিবলগীয়া হোৱা তাই বাৰু বৰগছজোপাৰ দৰে জী থাকিব পাৰিবনে, এই শংকাই শংকিত কৰি তোলে তাক। সেই শংকাতে আকৌ পিছৰ দিনা তাইক সোধে, “ডাৰউইনৰ তত্বটো জাননে কৃত৷”? {{gap}}“নাজানো। কেনেকৈ জানিম মই ডাৰউইনৰ তত্ব কি? মই কিবা তোৰ দৰে কিতাপৰ পোক নেকি?” আগৰ দিনাৰ খং মাৰ যোৱা নাছিল তাইৰ। {{gap}}“যোগ্য ভোগ্য বসুন্ধৰা বুলিও ক’ব পাৰ’ নতুবা চাৰভাইভেল অৱ দ্য ফিটেষ্ট বুলিও ক’ব পাৰ’, পৃথিৱীত যোগ্যজনহে জীয়াই থাকিব পাৰে।” {{gap}}“যোগ্য নহ’লে?”, তাই প্ৰশ্নবোধক চাৱনি এটা নিক্ষপ কৰে তালৈ। {{gap}}“কোনো এক নিয়মৰ মাজেৰে সেইজন হেৰাই যোৱাৰ উপক্ৰম ঘটে”, গহীন সুৰ টানি সি উত্তৰ দিয়ে। {{gap}}ভয় লাগি যায় তাইৰ। তাই যে লতিকাডালৰ দৰে ইমান দুৰ্বল, ধ্ৰুৱমৰ আঙুলিটো নহ’লে বাৰে বাৰে বাগৰি পৰিব খোজে, তাই বাৰু এই পৃথিৱীখনৰ বাবে যোগ্য হৈ উঠিবনে?” {{gap}}তাইৰ চিন্তাম্বিত মুখখনলৈ চাই সি পুনৰাই কৈ উঠে, “ইমান চিন্তা কৰিব নালাগে দে, ভগৱানে তোক পৃথিৱীলৈ পঠিয়াইছে মানে যোগ্যতাৰ পৰীক্ষাত তই উত্তীৰ্ণ হৈছ কাৰণেহে পঠিয়াইছে। ভগৱানৰ বিচাৰক শুদ্ধ প্ৰমাণ কৰা দায়িত্ব তোৰ। যিকোনো পৰিস্থিতিকে তই হাঁহিমুখে আঁকোৱালি লবি, দেখিবি কঠোৰ পৰীক্ষাবোৰ তই হেলাৰঙে পাৰ হৈ যাব পাৰিছ”। {{gap}}অনৰ্গল কৈ যায় সি। অলংকৃতাই বুজি নাপায় আধাখিনি কথা। তথাপি কথাবোৰে বুকুত বাহ বান্ধিছিল চাগৈ। নহ’লেনো পোন্ধৰ বছৰৰ মূৰত সেই কথাবোৰত তাই অজান প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ফুৰেনে? {{gap}}গাড়ীৰ দুৱাৰ খোলাৰ শব্দত সচকিত হৈ উঠে তাই। ৰমেশ পিছলৈ আহি গাড়ীৰ দুৱাৰ খুলি দিছে। গম নোপোৱাকৈ তাই ঘৰ পালেহি। {{gap}}ছেহ! কিবোৰ যে ভাবি থাকিল তাই। ঘৰলৈ গৈয়ে তাই ছাদৰ কোণ পালেগৈ। আল্ট্ৰাছ আজি ঘূৰি অহাৰ কথা। সি বাৰু কিবা গম পাইছেনে? তাৰ সন্মুখীন হ'ব পৰাকৈ তাই ধৈৰ্য ধৰি থাকিব পাৰিবনে? কথাবোৰ ভাবি ভাবি তাই ফোনটোত কঞ্জনীলৰ ফোন নম্বৰটো বিচাৰি উলিয়ালে। {{gap}}“বাইদেউ কওক”, সিমূৰত কঞ্জনীলৰ জড়কণ্ঠ। ভিতৰি ভিতৰি যে সি অৰ্ধমৃত হৈছে, তাৰ মাততে বুজা যায়। তাই ইতিমধ্যে নিজকে তুলি ধৰিছে, ভগৱানক বাৰে বাৰে খাটিছে, “মোক সেই বৰগছজোপাৰ দৰে মহীয়ান কৰি তোলা ভগৱান,মোৰ ছায়াই আৱৰি লব তোমাৰেই সৃষ্ট সহস্ৰ পক্ষী-লতা।” {{gap}}মৌন হৈ ৰ’ল তাই। সান্ত্বনা দিয়াৰ যোগ্যতা আছেনে তাইৰ? জানোচা সি ওলোটাই কৈ দিয়ে, “বাইদেউ মোৰ কথা বাদ দিয়ক। আপুনি নিজকে সান্ত্বনা দিয়ক৷” বুলি। বৰ স্পষ্টবাদী ল’ৰাটো। {{gap}}তেনেকৈ নক’লে সি, বৰঞ্চ সুধিলে, “বাইদেউ আপোনাৰ কি অলপোৱেই কষ্ট হোৱা নাই?” {{gap}}কি অদ্ভুত প্ৰশ্ন তাৰ! যেন তাই কষ্ট পালেই তাৰ দুখৰ জলঙা সৰকি সোমাই আহিব নতুন ৰ’দৰ জিলিঙনি। ভুল ভুল। তোমালোকৰ এয়া ভুল মনোবৃত্তি। পৃথিৱীখনে কিয় বিচাৰে তাই কষ্ট পাওক, কিয় বিচাৰে তাইৰ স্বামীয়ে, কিয় বিচাৰে সেই পৰনাৰীয়ে। সেই নাৰীৰ স্বামীয়েনো কিয় বিচাৰিছে তাই কষ্ট পাওক? শেঁতা জোনটো ঢিমিক ঢামাককৈ জ্বলি উঠিছে। এৰিকাপামৰ লাহি গাটো হালিছে। অলংকৃতাৰ বুকুখন দুৰু দুৰুকৈ কঁপিছে। কঞ্জনীলে সেই নাৰীক ত্যাগ কৰাৰ কথা কৈছে। তাইৰ পৃথিৱীখনৰ ক'ৰবাত কিন্তু প্ৰেম এতিয়াও আছে। এতিয়াও<noinclude></noinclude> r7y3d2yw3pdxky7qtoadl9wau2f5bmo পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৯ 104 52383 194309 130844 2024-11-09T08:47:49Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194309 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>তাই প্ৰস্তুত হৈ উঠা নাই স্বামীক ত্যাগ কৰিবলৈ। নাৰী আৰু পুৰুষৰ এয়া কি অহমিকাবোধঙ্গ পুৰ্ষে নিজৰ নাৰীগৰাকীক যিমানেই আতোলতোলকৈ নাৰাখক কিয়, সামান্য দোষত সিহঁত প্ৰতিশোধপৰায়ণ হৈ উঠে। তাৰ বিপৰীতে নাৰীগৰাকীয়ে পুৰুষৰ দোষবোৰৰ স'তে মোকাবিলা কৰে। এটা কথা তাই বুজি নাপায়, তাই আৰ্থিকভাৱে সক্ষম, মানসিকভাৱেও তাই নিঃসংগ নহয়, কিছুমান ক্ষেত্ৰত শৰীৰৰ প্ৰয়োজনো গৌণ, অথচ তাই আল্ট্ৰাছৰ জীৱনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই কিয়। {{gap}}“জানেনে বাইদেউ, সিহঁত দুয়োটা একেলগে হোটেলত আছিল?’’ {{gap}} “নাই”, এক বিকট চিঞৰত যেন জোনটো থপৰাই সৰি পৰিল। জোনটোৰ স’তে যেন ফোনটোও হাতৰ পৰা ছাদৰ ওপৰত পৰি গ’ল। বুকুৰ ভিতৰত এজাকমান বৰলে বিন্ধিবলৈ ধৰিলে। সংজ্ঞাহীন হৈ পৰাৰ আশংকাত তাই তললৈ নামি আহিল। মিছা মিছা। এই কথা মিছা। সিহঁতে একেখন হোটেলত থকা নাই। থাকিলেও বেড শ্বেয়াৰ কৰা নাই। তেওঁৰ কাষত কেৱল তাই, তাই মানে অলংকৃতা, অলংকৃতা আৰু আল্ট্ৰাছ, আল্ট্ৰাছ আৰু অলংকৃতা। এয়াহে সত্য। বাকীবোৰ অপবাদ। তাইৰ অন্তৰাত্মাই কয় সেই কথা। {{gap}}কাচৰ ফ্ৰেমেৰে বন্ধা সিহঁতৰ যুগ্ম ফটোখনৰ ওচৰত ৰৈ তাই প্ৰশ্ন তোলে আলট্ৰাচক, “কৈ দিয়া আল্ট্ৰাছ, মোৰ ল’ৰাৰ শপত, সঁচা কথা কোৱা। কৈ দিয়া পৃথিৱীয়ে কোৱা কথাবোৰ মিছা বুলি”। {{gap}}আল্ট্ৰাছ মৌন হৈ ৰয়। তাইৰ খং চৰে। কঞ্জনীলে কোৱা কথাবোৰ সঁচা নেকি? কিয় মনে মনে ৰয় তাইৰ স্বামী? {{gap}}“আল্ট্ৰাছ। আল্ট্ৰাছ। মোৰ চকুলৈ মূৰ তুলি চোৱা। কোৱা এবাৰ। সেই নাৰীৰ ওচৰত মোক সৰু কৰা নাই বুলি এবাৰলে’ কোৱা আল্ট্ৰাছ।” {{gap}}কাচৰ ফ্ৰেমৰ ভিতৰৰ আল্ট্ৰাছ মনে মনে ৰয়। তাইৰ ধৈৰ্যৰ বান্ধ খোল খাই যায়। তাই নাজানে পুত্ৰদ্বয় ক'ত আছে। পাহৰি যায় বনকৰা মানুহগৰাকীৰ উপস্থিতিও। বিকট চিঞৰ মাৰি ফটোৰ ফ্ৰেমটো দাঙি মজিয়ালৈ দলি মাৰি দিয়ে। চনচনকৈ ভাগি যোৱা কাঁচৰ শব্দত দুইপুত্ৰ দৌৰি আহে। সৰুটিয়ে গোল গোল চকুহাল ডাঙৰ কৰি ভয়াৰ্ত দৃষ্টিৰে ককায়েকক প্ৰশ্ন কৰে, {{gap}}“মা ভূত বনি গ’ল নেকি দাদা?” {{gap}}তাইৰ সম্বিত ঘূৰি আহে। এয়া কি কৰিছে তাই? কিয় এনেখন কৰিছে তাই? আসঃঙ্গ অন্তৰ ভেদি উদ্‌গীৰণ হোৱা আগ্নেয়গিৰিয়ে ছাৰখাৰ কৰি পেলাব নেকি তাইৰ সৌম্য প্ৰতিমূৰ্তি? পুত্ৰৰ ওচৰত কি জবাব দিব তাই এই আচৰণৰ? দুই পুত্ৰক দুহাতেৰে আঁকোৱালি লয় তাই। কাচৰ টুকুৰাবোৰ তাতে এৰি তাই শোৱনি কোঠাত পৰি ৰয়। {{gap}}চিলমিলকৈ অহা টোপনিতে তাই বিৰবিৰাই যায়, {{gap}}“মোৰ বিপন্ন লগনৰ সাক্ষী বৈ ৰোৱা জোনাকী টঙীঘৰ, খহটা শিলৰ উজুটিৰ পৰা তুলি ধৰচোন মোক। তুলি ধৰচোন মোক দুপাখি মেলি, তোৰ মেঘৰ ডেউকাৰে মোৰ আলসুৱা কলিজা সাৱটি তুলি ধৰচোন এবাৰলৈ। মনত আছেনে তোৰ, তোক যে মই কথা দিছিলোঁ, বিষাদৰ মৰল ঘৰত তলা লগাম মই। শুনচোন। মোৰ হেনো কথাত ছন্দ নাই। সেয়ে কথাবোৰ কবিতা নহ’ল। মোৰ হেনো গানতো ছন্দ নাই। সেয়ে গানবোৰো সুৰ নহ’ল। কি কৰোঁ ক’? মোৰ প্ৰেমত সামস্তবাদী পুৰাতন খামোচ। যুগৰ লগত তাল মিলাব নোৱাৰি দ-খাৱৈত ককবকাই ৰোৱা মোৰ বিষাদ। {{gap}}চিন্তা নকৰিবি পিছে। মই ভাগি নপৰোঁ। একোকে লৈ আক্ষেপো নকৰোঁ। অলপ পৰৰ মাথোঁ মৌনতা, জীৱনৰ কিম্বা হিচাপ-নিকাচৰ।” {{center|++}} {{center|(পাঁচ)}} {{gap}}“অলংকৃতা”, আৱেগিক কণ্ঠেৰে তেওঁ মাত লগায়। {{gap}}“ওমম”, শুন-নুশুন মাতেৰে সঁহাৰি দিয়ে তাই। {{gap}}“কিবা কোৱা”, তেওঁৰ গভীৰ কণ্ঠই ৰজনজনাই যায় তাইৰ মনৰ চোতাল। তেওঁৰ দুচকুৰ পোহৰত মুহূৰ্ততে<noinclude></noinclude> 5b4ss7sep9q3tx6bv0akr5c46k8t3zh পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/২০ 104 52384 194310 130857 2024-11-09T08:52:28Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194310 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>উদুলি মুদুলি হৈ পৰে তাইৰ মনৰ পদূলি। আগবাঢ়িব খুজিও ৰৈ যায় তাই। লাজে-আৱেগে নখে মাটি চিকুটে। ক’ব বিচৰাবোৰ ক’ব নোৱাৰি ওপৰা ওপৰিকৈ চিগাৰেট টানে তেওঁ। বাউলী হৈ পৰে তাই। বাউলী হয় সন্ধ্যামণি। বাউলী হয় সময়। চাৰিওফালে বিধিগত সতৰ্কীকৰণ, “চিগাৰেট স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক” আৰু এইফালে তাইৰ পৃথিৱীত চিগাৰেটৰ গোন্ধত পখিলা উৰে। ভালবোৰতো ফুল ফুলে। বেয়াবোৰতো মোহ জাগে। প্ৰিয়পুৰুষৰ প্ৰতি উন্মত্ত ভাল লগাই তাইক অন্ধ কৰি তুলিছে। ঘাম আৰু চিগাৰেটৰ গোন্ধৰ নিচাত আছন্ন হৈ পৰা সময়খিনিতে তাইৰ সম্বিত ঘূৰি আহে। {{gap}}“নাই, আৰু নহ’ব। আৰু চিগাৰেটৰ অনুমতি দিয়া নহ’ব”, বুলি তিনি নম্বৰ চিগাৰেটটো আল্ট্ৰাছৰ ওঁঠৰ পৰা আজুৰি তাই দূৰলৈ দলিয়াই দিয়ে। {{gap}}গেটলৈকে আগবঢ়াই থ’বলৈ অহা তেওঁ তাইক থাপ মাৰি হাতখন ধৰি লয়। {{gap}}তেওঁৰ চকুলৈ চাই ৰয় তাই। ইমান তিৰবিৰ, ইমান পোহৰ। ডাঠকৈ চেলাউৰিকোচা। জোঙাকৈ নাকটি। থুঁতৰিত এটা ভাঁজ। সেই ভাঁজটোৰ বাবেই তাই নাচাওঁ নাচাওঁকৈয়ে প্ৰতিবাৰ তেওঁক আঁৰ চকুৰে চাই ৰয়। {{gap}}কথাবোৰ প্ৰতিশ্ৰুতিলৈ ৰূপান্তৰ কৰিব নে নকৰিব সেই সিদ্ধান্ত ল’বলৈ দুটিমান নিশাৰ টোপনি বিসৰ্জন দিয়ে অলংকৃতাই। অস্থিৰ হৈ কোনো এক বন্ধ বাৰত মাকৰ কোলাত মূৰ থবলৈ নামনিমুৱা ৰেলত তাই বহি পৰে। মাক আৰু আল্ট্ৰাছ, আল্ট্ৰাছ আৰু ককায়েক, তিনিওজনৰে মাজত কিবা নজহা নপমা অদৃশ্য সূতাত বন্দী হৈ থাকে তাইৰ আলসুৱা কলিজা! প্ৰতিবাৰ ঘৰৰ পৰা কৰ্মস্থলীলৈ অহাৰ সময়ত মাকৰ আঙুলিত খামুচি ধৰি তাই উচুপি উঠে, বুকুত হেৰুৱাৰ গানে সুৰ লয়, বীণত তাইৰ কথাবোৰ ধ্বনিত হয়, “কিবা পাবলৈ হ’লে কিবা হেৰুৱাই পেলাম আই”। মৌনতাই উচুপনিত ইন্ধন যোগায়। তাই নীৰৱে বেগটো লৈ ৰেল-ষ্টেচনলৈ বুলি ওলাই ককায়েকৰ বাইকৰ পিছৰ ছিটত বহি পৰে। {{gap}}অকলশৰীয়া যাত্ৰাবোৰ বিশেষজনৰ অনুভৱৰ উপস্থিতিয়ে মধুৰ কৰি তোলে। এই ৰাগ প্ৰেমৰ ৰাগ। প্ৰেম তাইৰ ৰন্ধ্ৰে ৰন্ধ্ৰে। প্ৰেমত ত্যাগ কৰা যায়। প্ৰেম ত্যাগ কৰা নাযায়। {{gap}}মাকৰ ঘৰৰ পৰা উলটি অহাৰ পাছত আকৌ চঞ্চল হৈ পৰে চহৰৰ গলি। চহৰৰ গলিত উদযাপন হয় প্ৰেমযুগলৰ গধূলি। {{gap}}“তোমাৰ দুচকুত চকুলো হৈ সৰিবৰ মন”, কেবাদিনৰ মূৰত লগ পোৱা অলংকৃতাৰ ওচৰত আবেগিক হৈ উঠে আল্ট্ৰাছ। আবেগিক হৈ উঠে তাই! তাইৰ চকুৰ পোহৰত বাট বুলিবলৈকে চকুলো হৈ সৰে তেওঁ। প্ৰতিনিয়ত সৰে সেই চকুলোত তেওঁৰ অস্তিত্ব। বিয়াৰ আগতেও সৰিছিল। বিয়াৰ পিছতো সৰিছে। এতিয়াও তেওঁৰে নামৰ চকুলো টুকিছে তাই। প্ৰতিটোপাল চকুলোৰ কাৰণ ভিন্ন, প্ৰতিটোপাল চকুলোৰ ৰং ভিন্ন, প্ৰতিটোপাল চকুলোৰ ওজন ভিন্ন। একে নামৰ এটোপাল চকুলো সৰিছিল ককায়েকৰ সন্মুখত বিয়াৰ কেইদিনমান আগত। {{gap}}অসম ন্যায়িক সেৱাত উত্তীৰ্ণ হৈ দ্বিতীয় শ্ৰেণীৰ মেজিষ্ট্ৰেট ৰূপে যোগ দিয়াৰ পাছতে অলংকৃতাই লগ পাইছিল আল্ট্ৰাছক। মানহানি কেচ এটাৰ বাবে আহিছিল আল্ট্ৰাছ৷ আহিয়েই চকু পৰিছিল ক’লা কোট পৰিহিতা কম বয়সীয়া ৰমনী অলংকৃতাৰ ওপৰত। পেশীবহুল চেহেৰাৰে সুঠাম সবল আল্ট্ৰাছ। মূহূৰ্তৰ ববে যেন বিজুলী চমক। কেনেকৈ কি হ’ল, ঠিক কোনটো বিন্দুৰ পৰা কথাবোৰ আগবাঢ়িল তাই নাজানে। মাথোঁ জানে তাৰ পাছত গধূলিবোৰ আল্ট্ৰাছৰ নামৰ। ৰাতিৰ ৰাতিটো ফোনকল, মেচেজ, হাতত ধৰাধৰিকৈ নিৰ্জন গলি, নতুবা তাইৰ লাইব্ৰেৰীৰ শাৰী শাৰী কিতাপৰ দমৰ মাজত বহি গৰম গৰম কফি। আকৰ্ষণীয় ব্যক্তিত্ব, পুৰুষসুলভ কণ্ঠৰ প্ৰেমত পৰিছিল নেকি তাই? নাজানে সেই কথা। খুব কম সময়ৰ ভিতৰতেই সেই সম্পৰ্ক গভীৰ সম্পৰ্কলৈ পৰিৱৰ্তন হৈছিল। পৰিণামত তাইৰ অনামিকা আঙুলিত সকলোৰে অলক্ষিতে এটা আঙুঠিয়ে শোভা পাইছিল। আল্ট্ৰাছৰ নামৰ সেই আঙুঠি। {{gap}}“সি মুছলিম, তই হিন্দু। তই পূবে সেৱা কৰ, সি পশ্চিমে”, কোনোবাই সঁকীয়াইছিল তাইক। তাইৰ কাণত তেতিয়া কপাহৰ ঠিলা। {{gap}}“তাৰ পৰিয়াল আৰু তোৰ পৰিয়ালৰ মাজত আকাশ-পাতাল পাৰ্থক্য। তই তাত মিলিব নোৱাৰিবি”, সেয়াও কোনোবা শুভাকাংখীৰ সাৱধানবাণী। তাই কাণৰ ঠিলা নোখোলে।<noinclude></noinclude> ek20le89llprkwnwf19wrpys36lrf2j পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/২১ 104 52385 194311 130871 2024-11-09T08:57:19Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194311 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>{{gap}}“তোৰ মেষ ৰাশি। তাৰো মেষ ৰাশি। দুটা ডাঙৰ ৰাশিৰ মাজত ৰাহিযোৰা নাহে কৃতা”, সেইবোৰ কথা তাইৰ কাণৰ কাযেৰেই নাযায়। {{gap}}কিছুমান সম্পৰ্ক খুব আবেগিক। অন্ততঃ তাইৰ দৰে ছোৱালীৰ দৰে। এই যে তাক চকুৰে তেওঁক প্ৰতিশ্ৰুতি দিলে, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈকে তাই বয়সৰ ব্যৱধান, ধৰ্মৰ গণ্ডী, সামাজিক স্থিতি সকলো একাষৰীয়াকৈ থ’লে। উদযাপন কৰি গ’ল প্ৰেমৰ লগনবোৰ। {{gap}}সমস্যা কেৱল এটাই আছিল। বাৰ্ধক্যই কোঙা কৰা তাইৰ বিধৱা মাকজনী। কিন্তু যৌৱনৰ প্ৰেমৰ শক্তিৰ আগত যেন আন যিকোনো সমস্যা গুৰুত্বহীন হৈ পৰে। কথাবোৰ ককায়েকৰ কাণত নপৰাকৈ থকা নাছিল। নামনি অসমৰ এক নৈষ্ঠিক হিন্দু পৰিয়ালৰ যুৱতী অলংকৃতাৰ প্ৰেম উজনিৰ মুছলিম যুৱক আল্ট্ৰাছৰ সতে। যেন ঘৰৰ মূধচত বহি ৰমলিয়াই থকা কাউৰীজনীয়ে অনাহূত খবৰ কঢ়িয়াই আনিছিল। কঁপি উছিঠিল সি। বেমাৰী মাকজনীক কোনোপধ্যে দিয়া নায়ায় এই খবৰ। প্ৰেমৰ সাগৰত নিজকে ডুবিবলৈ এৰি দিয়া জীয়েকৰ খবৰ কি স’তে মাকৰ ঔষধৰ লগত মিহলোৱা যায়, সেই চিন্তাত সি ততাতৈয়াকৈ ভনীয়েকৰ কাষ পায়হি। {{gap}}“আল্ট্ৰাছ কোন হয়?” ককায়েকে তাইৰ খবৰ ল’বলৈ বুলি আহি হাতৰ চাহ কাপ মুখলৈ নি সুধি পেলালে। {{gap}}অলপ সময়ৰ বাবে মৌনতা। মিছা কথা ক’লে বহুতকেইখন দুৱাৰ বন্ধ হৈ যাব। সঁচা ক’লে? সঁচা ক’লে হয়তো বহুতকেইখন শানিত চুৰিৰ আঘাতে তাইক থকা-সৰকা কৰি পেলাব। {{gap}}ককায়েকে ইতিমধ্যে আল্ট্ৰাছৰ বিষয়ে তথ্য গোটাই লৈছিল। অত্যন্ত বাস্তৱবাদী ককায়েকৰ মতে কিবা স্বাৰ্থ নাথাকিলে কোনে মানুহে ইমানবোৰ ত্যাগ কৰিবলৈ প্ৰস্তুত নহয়। কি ত্যাগ কৰিব লাগিব আল্ট্ৰাছে, তাই নুবুজে সেই কথা। তাই দেখোন ত্যাগ কৰিবলৈ প্ৰস্তুত হৈ উঠিছে আপোন ঘৰখন, আপোন মাকজনী, আপোন ঠাইৰ আপোন মাত-কথা, বাগৰুম্বাৰ চিনাকি সুৰ, চিনাকি নৈখনি, চিনাকি পাহাৰখন, কমলা বেচিবলৈ অহা ভূটীয়া কেইজনীৰ সতে মুখচুপতি-এই সকলোবোৰেইতো ত্যাগ কৰিব তাই। তাৰ বিপৰীতে আঁকোৱালি ল’বলৈ শিকিছে হাড়িয়াৰ নিচাত ডুবি থকা ঝুমুৰৰ তালবোৰ, আহোম-মোগলৰ ঠাঁচ থকা ৰঙা-বগা মুখবোৰ, সোণাৰু-নাহৰৰ ফুলৰ দেশৰ খবৰবোৰ। আটাইতকৈ প্ৰিয় হৈ পৰিছে ব্ৰহ্মপুত্ৰ নৈখন। তাইৰ দৰেই মুহৰ্ততে ওফন্দি উঠি ৰ’দে জিলিকোৱা জলজ মুকুতাবোৰ। {{gap}}“চা, তোক আকৌ কৈছোঁ, এই বিয়া অসম্ভৱ। তই ঘূৰি আহ এইটো সম্পৰ্কৰ পৰ৷”, মৌনতা ভংগ কৰি ককায়েকে মাত লগায়। {{gap}}“নোৱাৰিম দাদা। মই তেওঁক কথা দিলোঁ”, আড়স্ততা এৰি ককায়েকক জনাই দিয়ে তাইৰ শেষ সিদ্ধান্ত। {{gap}}“আসঃ, আমি মৰি গ’লো নেকি হা? দুদিন লগ পোৱা এজনৰ বাবে তই অতবছৰে আশ্ৰয় দিয়া ঘৰখন পাহৰি যাবি?” {{gap}}দোদ্যুল্যমান অৱস্থাত পৰে তাই। প্ৰেমৰ ৰাস্তাৰ পৰা ঘূৰি অহাৰ শংকাত নহয়, বৰঞ্চ ঘৰখন হেৰুৱাব সেই শংকাত তাই আল্ট্ৰাছলৈ ফোন লগায়। আল্ট্ৰাছো যেন গভীৰ চিন্তাত পৰে। অনশেষত সমাধানৰ সূত্ৰ দাঙি ধৰে আল্ট্ৰাছে, “ব’লা। কোৰ্ট মেৰেজ কৰি লওঁ।” {{gap}}কি অপৈণত চিন্তা! তাইৰো তথা আল্ট্ৰাচৰো সেই অপৈণত চিন্তাৰ ফলত মাকজনী বাউলী হ’ল। তাইৰ নামত চৰু-হাড়ি নিকা কৰিলে। পিছে তেওঁ নৰিয়া পাটী এৰিব নোৱাৰিলে। বেমাৰী মানুহগৰাকীৰ বয়স যেন বহুত বাঢ়ি গ'ল। সেই অসহায় চকুহালে তাইক আজিও আমনি কৰে। তাই জানে, মাকে তাইক অভিশাপ নিদিয়ে, তাইৰ পিণ্ড কুকুৰক খুৱাব নোৱাৰে, কিন্তু প্ৰচলিত সমাজব্যৱস্থাত নীতি-নিয়মবোৰ তেওঁ উফৰাই পেলোৱাৰ সাহসো কৰিব নোৱাৰে। {{gap}}তাইক অত্যন্ত মৰম কৰা ককায়েকে বৰ কষ্ট পাইছিল। একমাত্ৰ ককায়েকেই তাইৰ বাটত হেঙাৰ হৈয়ো থিয় দিয়া নাছিল, আনে গম নোপোৱাকৈ যোগাযোগ ৰক্ষা কৰিও আছিল। কিন্তু সি ভাঙি পৰিছিল। কাণে ডিঙিয়ে গহনা ওলোমাই, দোলাত উঠাই তাৰ একমাত্ৰ ভনীয়েকজনীক সি বিয়া দিব পৰা নাছিল, সেই দুখবোধটোত সিহঁত দুটাৰ মাজৰ সম্পৰ্কটো এখন ভগা দলঙৰ দৰেই হৈছিল। সি নকয়, তাই বুজে। তাই নকয়, সি বুজে। ভাতৃ-ভগ্নীৰ সম্পৰ্কটোৱে ঠেহ পাতে। এয়াও প্ৰেম। এই প্ৰেমৰ আন এক নাম ভাতৃত্ব। সবাৰো ওপৰৰ সিংহাসনত ৰজাৰ দৰে<noinclude></noinclude> gmnjdw2y5k3h9n9b0ik7jqpulbsj8x8 পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/২২ 104 52386 194312 130885 2024-11-09T09:02:05Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194312 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>অধিস্থিত হৈছিল আল্ট্ৰাছৰ স’তে প্ৰেম, যিহক পাবলৈ তাই বাকী সকলো শিকলি ছিঙি পেলাইছিল। প্ৰেমৰ লক্ষ্যত উপনীত হৈ বিজয়ীৰ হাঁহিটো মাৰোঁতেই মাকৰ এযাৰ কথাই তাইক সংকুচিত কৰি পেলালে, {{gap}}“মোৰ ওচৰত ৰৈ ছোৱালীজনী খুজি নিয়াৰো সাহসকণ নাছিল নে ল’ৰাটোৰ? এই ল’ৰাটোৱে তাইৰ দৰে ছোৱালীজনীক সুখত ৰাখিব পাৰিবনে?” {{gap}}ধৰফৰাই উঠিছিল তাই। এৰাতো। মাকে কোৱা কথাষাৰ মিছা নাছিল। তাইৰ দৰে স্বাভিমানী ছোৱালীজনীক প্ৰেমে এনেদৰে অন্ধ কৰি পেলাইছিল নে যে, মাকক সিহঁতে এবাৰ সোধাৰ প্ৰয়োজনবোধকণো নকৰিলে। মোহভংগ ৰাতিবোৰে নীৰৱে উচুপে। বুকুত বলি থাকে বিষাদৰ বা’। গভীৰ নিদ্ৰাৰত আল্ট্ৰাছৰ হাত দুখনৰ কবলৰ পৰা নিজকে মুক্ত কৰি বাৰাণ্ডালৈ ওলাই আহে তাই। তাইক দেখি আকাশৰ তৰাজনীয়ে মিচিককৈ হাঁহে। সেমেকা চকুৰে তায়ো হাঁহি এটি পঠিয়াই দিয়ে তৰাজনীলৈ। তৰাজনীয়ে যোগসূত্ৰ স্থাপন কৰে মাক আৰু তাইৰ মাজত। “মা তই মোক যিমানেই ডাঙৰ হ’বলৈ শিকালি, সিমানেই সৰু সৰু অংকবোৰ মই পাহৰি গ’লো অ’। নহলেনো তোক মই এবাৰ মুখ ফুটাই নকওঁনে”? সিফালৰ পৰা তৰাজনীয়ে মাকৰ খবৰ আনে। “ভালে থাকচোন মাজনী। তই ভালে থাকিলেই মোৰ সকলো দেনা-পাওনাৰ হিচাপ শুদ্ধ হৈ পৰিব”।৷ {{gap}}ভালে থকাৰ বাটত প্ৰশ্নটোৱে তাইক কুৰুকিকুৰুকি খায়। মাকৰ আগত কিয় বুকুখন খুলিব নোৱাৰিলে, সেই কথাই বাঢ়ৈটোকা চৰাইজনীৰ দৰে কলিজাটো খুঁটি থাকে। পৌন:পৌনিক ভগ্নাংশৰ দৰেই উত্তৰ আছিল প্ৰশ্নটোৰ। যিমানেই ভবা যায়, সিমানেই দীঘল হৈ গৈ থাকে। যিমানেই দীঘল কৰা যায়, উত্তৰ ওলাই গৈ থাকে। অকণমান যোগাত্মক সংখ্যা যোগ কৰি এই আউল লগা অংকবোৰ সামৰি থোৱাই ভাল। সেই অংকবোৰ সামৰি তাই গঢ়ি তুলিছিল এখন সৰুকৈ পৃথিৱী। {{gap}}সৰু পৃথিৱী নহয়নো কি? চাকৰি আৰু ঘৰ। ঘৰ আৰু চাকৰি। দহবছৰীয়া বিবাহিত জীৱনৰ ফচল দুটি সন্তান। কৰ্তব্যৰ সময়ছোৱাত তাইৰ টেবুলত ভৰ দিয়ে ভিন ভিন সমস্যাই। ঘৰলৈ আহি ডাঙৰ ঘূৰণীয়া টেবুলখনৰ চাৰিওকাষে বহি লয় তাইৰ স’তে দুয়োটি কণমানি। সমস্যা সমাধানৰ দায়িত্ব লয় টেবুলখনে। প্ৰায়ে তাই ডুবি থাকে তেনে কোনো গ্ৰন্থৰ মাজত। টেবুলখনতে উবুৰি খাই পৰেহি তাইৰ সৰু সংসাৰ। আল্ট্ৰাছক কিতাপৰ গোন্ধই নাটানে। সেই সময়ত তেওঁ ব্যস্ত থাকে ফোন, হোৱাটচআপ, ফেচবুক, মেচেজ, টিভি, বাতৰি কাকত, শৰীৰৰচৰ্চা ইত্যাদিত। যি সময়ত তাই সমাজ-জীৱনৰ জটিল সমস্যা সমাধানৰ সূত্ৰ ফঁহিয়াই থাকে, সেই সময়ত আল্ট্ৰাছ ব্যস্ত থাকে বিত্তীয় লাভ-লোকচানৰ অংকত। দুয়োখনেই বাস্তৱ জীৱনৰ ছবি, দুয়োখনতেই সমাজৰ চিত্ৰ প্ৰতিফলন। অথচ আল্টাছে তাইৰ ওপৰত কৈফিয়ৎ তোলে, “তুমি একেবাৰেই চ’ছিয়েল নোহোৱা”। {{gap}}কেতিয়াবা আল্ট্ৰাছে আপত্তি কৰে, {{gap}}মোৰ লগত পাৰ্টি এটালৈ যাবলৈ তোমাৰ সময় নহয়।” {{gap}}নিতান্তই এৰাই চলে এনে ওজৰ-আপত্তিবোৰ তাই। কেৱল আল্ট্ৰাছেই নহয়, যিকোনো মানুহেই বুজিব তাইক। কিছুমান কাম তাই কৰিব নোৱাৰে। মন গ’লেই ওচৰ চুবুৰীয়াৰ ঘৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আড্ডা দিব নোৱাৰে। মন গ’লেই ঘোঁৰা চেঁকুৰাদি চেঁকুৰাব নোৱাৰে তাইৰ উচ্ছল যৌৱন এয়া তাইৰ পেছাই সমৰ্থন নকৰে। আইনৰ ৰক্ষক তাই। সমাজৰ সুস্থতাৰ নিমিত্তেই সেই আইন। আল্ট্ৰাছে ইমান সাধাৰণ কথাটোকে নুবুজেনে? নুবুজে আল্ট্ৰাছে। নুবুজে বাবেই মুখ ওন্দোলাই ঘৰৰ পৰা গপ-গপাই ওলাই গৈ ক্লাবত বহি থাকেগৈ তেওঁ। তাইৰ ওঁঠেৰে মিচিককৈ হাঁহি এটি ঢৌ খেলি যায়। ডাঙৰ হোৱা নাই আল্ট্ৰাছ। বয়স অনুপাতে ডাঙৰ হোৱা নাই আল্ট্ৰাছ। তাইতকৈ সাত বছৰে ডাঙৰ মানুহজনে এতিয়াও সৰু ল’ৰাৰ দৰে আচৰণ কৰে। তাই তেওঁৰ অভিমান ভাঙি সমাধান সূত্ৰ দাঙি ধৰে মানে ৰাতি এপৰ হয়গৈ। {{gap}}“আজিলৈ হৈছেগৈ নে?”, টিভিৰ ৰিম’ট পকাই পকাই আমনি লাগে আল্ট্ৰাছৰ। {{gap}}ঘড়ীটোলৈ চায় তাই। বাৰ বাজি পাৰ হয়। টেবুলৰ ওপৰৰ কিতাপখনৰ জটিল কথাবোৰ আধৰুৱা হৈ ৰয়। আল্ট্ৰাছৰ চকুত তাইময় পৃথিৱী। সেই চকুত ৰূপালী কাৰেঙৰ জোনাকী পালেঙৰ সপোন। সেই সপোনত দুলি থাকে সোণালী ঘোঁৰাৰে সেন্দুৰীয়া পথেৰে নামি আহি কনেঙৰ বুকুত আশ্ৰয় ল’ব বিচৰা চেনেঙৰ ঠিকনা। চেনেঙৰ ঠিকনাত বলি থাকে ঐনিতম সুৰেৰে বলিয়া বতাহ। মধুৰ মধুৰ। প্ৰতিটো পলেই যে মধুৰঙ্গ<noinclude></noinclude> i2rmbb8wktxvlkida4dmebx9c4m33mj পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/২৩ 104 52387 194313 130895 2024-11-09T09:07:39Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194313 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>{{gap}}মধুৰ সময়ৰ স্মৃতিৰ পাতখিলা পঢ়ি থাকোঁতেই ফোনটো বাজি উঠে তাইৰ। আল্ট্ৰাছ কালিও নাহিল। ডাৱৰে ঢকা আকাশখনে ফ্লাইট কেনচেল হোৱাৰ খবৰ দিছে। আজি আহিব আল্ট্ৰাছ। পুৱাতেই বাজি উঠা ফোনটোৱে তাকেই ক’লে। হুমুনিয়াহ এটাই কথাবোৰৰ পট পৰিৱৰ্তন কৰি পেলায় থিতাতে। কথাবোৰত এতিয়াহে শেলুৱৈ গজিছে। বাৰে বাৰে বুকুত বন্ধি ল’ব খোজা সম্পৰ্কটো পিছলিব খোজে। ক’ৰবাত যেন কিবা এক দূৰত্ব বিষাদৰ ফুলবোৰ ৰমক-জমককৈ ফুলি অলংকৃতা নামৰ মানুহজনীৰ মুখত এক শূন্যতাৰ প্ৰচ্ছায়া সানে। এয়া প্ৰেম আছিল নে? নে মোহ আছিল? নে এক চুক্তি আছিল? ইমানৰ মাজতো বিধৰ্মী ছোৱালী এজনীৰ ওচৰত নিজকে সঁপি দিব খোজা সম্পৰ্কটো প্ৰেমৰ এক ভণ্ডামিহে আছিল নে? সেই সময় শুদ্ধ আছিল নে এই সময় শুদ্ধ, সেই উত্তৰ উলিয়াব নোৱাৰি তাইৰ মুখৰ প্ৰচ্ছায়াই কাজল বৰণ ধৰে। কাৰো চকুত নপৰে সেই প্ৰচ্ছায়া। আল্ট্ৰাছৰো চকুত নপৰে হয়তো। চকুত পৰে বিশাল তামুলীৰ। তাইতকৈ জুনিয়ৰ সহকৰ্মী বিশাল তামুলী। আইন সংক্ৰান্তীয় কামত বহুতবাৰ তাই বিশালৰ স’তে কাম কৰিছে। বহুতবাৰেই তাইৰ উদাসীনতা বিশালৰ চকুত ধৰা পৰিছে। প্ৰত্যেকবাৰেই কিবা সুধিম বুলি ভাবিও তাইৰ কাজলমুখৰ প্ৰত্যয়খিনিত তেওঁ থমকি ৰয়। ৰূপকথাৰ নায়িকাজনীৰ দৰেই অফুৰন্ত যৌৱনৰ গৰাকী অলংকৃতাই যেতিয়া ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বিষাদৰ ৰাগ টানে, তাইৰ স্বামীয়ে তেতিয়া চিনেমাহলত সুন্দৰী নাৰীৰ স’তে বিলাসিতা কৰে। বিশাল তামুলীৰ অজানা নহয় এই খবৰ। চহৰৰ অজানা নহয় এই খবৰ। আধুনিকতাৰ নামান্তৰ সেই সম্পৰ্কবোৰত তাইৰ দৰে বিলাসী প্ৰেমৰ সংজ্ঞা নজনা মানুহৰ সৰল চিলাইবোৰত আউল লাগি বাৰে বাৰে সূতা চিগে। বিশালে ধৰা পেলায় তাইক। সন্ধ্যাৰ কানি-মুনি আন্ধাৰত প্ৰায়েই তাইক লগ পায় ফেৰীঘাটৰ অকলশৰীয়া পদযুগলৰ সৈতে। ৰমেশে তেতিয়া মথাউৰিৰ তলত গাড়ী পাৰ্ক কৰি নিশ্চিন্ত টোপনি মাৰে। মথাউৰিৰ ওপৰত তাই ইভিনিং ৱাকত নিজৰ স’তে নিৰন্তৰ অপলাপত ব্যস্ত হৈ পৰে। {{gap}}অপলাপেইতো এয়া। প্ৰেমত অতবোৰ ত্যাগ কৰি অহা তাইজনীৰ প্ৰেমিকে তাইক ত্যাগ কৰাৰ প্ৰস্তুতি চলায় গোপনে। তাইৰ অজানিতে ওভতনি পথৰ জপনা সজাই থয়। সেই কথাবোৰ অপলাপ নহয়নো কি? ‘ইভিনিং ৱাক’ৰ নামত বিশাল তামুলীয়েও তাইৰ কাজল চকুত ৰামধেনু অঁকাৰ প্ৰয়াস কৰে। অৱশ্যে তাইৰ ব্যক্তিত্বই তাক বাধা দিয়ে। স্বাভিমানেৰে তুলবুলীয়া প্ৰিয়নাৰীৰ এহালি ভৰুণ চকু, বিশাল মূৰ তুলি চাই দিলেই যেন সৰি পৰিব বিশ্বাসৰ টোপোলা সেয়ে সি সঁফুৰাতে সাঁচি থয় সংযম, সঁফুৰাত সাঁচি থয় আস্থা, সঁফুৰাত লুকুৱাই থয় প্ৰেমৰ ঠিকনা। প্ৰেমৰ সংজ্ঞা সলাই পেলায় তেওঁ, প্ৰেম মানেই ত্যাগ, প্ৰেমত ত্যাগ নহয় বিবেক। {{gap}}ৰাতিৰ ৰাতিটো অস্থিৰ হৈ থাকে তেওঁ। তেওঁৰ কক্ষপথ আৰু অলংকৃতাৰ কক্ষপথ একে নহয়। প্ৰায়েই এই আৱৰ্তনে সংঘৰ্ষৰ সম্ভাৱনা কঢ়িয়াই আনে। তেনে সম্ভাৱনা নস্যাৎ কৰি বিশালৰ বাবে বদলিৰ হুকুম আহে। প্ৰমোচনৰ সৈতে বদলি। নিতান্তই আনন্দদায়ক খবৰটোত তেওঁ কোনোধৰণৰ উৎসাহ অনুভৱ নকৰিলে। ফোনৰ উপৰি ফোন, অভিনন্দন, শুভেচ্ছাবাণীবোৰৰ পৰা পলাই আহি সি অলংকৃতাৰ চেম্বাৰত বহি ল’লে। {{gap}}“হেই ইয়ংবয়, কংগ্ৰেচুলেচন’’, তাইৰ অভিবাদনত বেঁকাকৈ হাঁহি এটা মাৰি সি মোবাইল ফোনটো পিতিকি থাকে। {{gap}}“এনি প্ৰবলেম বিশাল?” তাৰ সেমেকা হাঁহিটো ধৰা পৰে অলংকৃতাৰ ওচৰত। {{gap}}তেওঁ সুখী নহয় বদলিৰ হুকুমত কিয় সুখী নহয় তাৰ কোনো কাৰণ নাই। নতুন ঠাইত নতুন পদত যোগ দিব তেওঁ। অপাৰ উৎকণ্ঠা হোৱাৰ বিপৰীতে তেওঁৰ মনত যেন গভীৰ হতাশা। {{gap}}অলংকৃতাৰ ভৰুণ চকুৰ ভাষাই তেওঁৰ বকু খান্দে। ফেৰীঘাটৰ অকলশৰীয়া খোজবোৰে কলিজা ফালে তেওঁৰ। ক’ব খোজে তেওঁ, “মেডাম কথা দিয়ক মোক, অকলশৰীয়া সময়বোৰৰ উচিত সমাধান উলিয়াই আপুনি সুখী হ’ব বুলি। মেডাম কথা দিয়ক মোক, আপোনাৰ সুন্দৰ মনটোক আৱৰি ৰাখিবলৈ স্বাস্থ্যৰ উচিত যতন ল'ব বুলি। মেডাম কথা দিবনে মোক, নিজকে এনেকৈ জ্বলি জ্বলি শেষ হ'বলৈ নিদিয়ে বুলি?” অথচ তেওঁ ক'ব নোৱাৰে সেই কথা। এই কথাবোৰ সঁফুৰাত সাঁচি থোৱা কথা। এই কথাবোৰ কৈ তেওঁ অলংকৃতা নামৰ মহিয়সীগৰাকীক উল্কি নামৰ নাৰীগৰাকীৰ শাৰীত থ’ব নোখোজে। বৰঞ্চ তেওঁ কৈ উঠে, “মাক এৰি যাবলৈ মন নাছিল মেডাম। মা অলপ অসুখীয়া। মোৰ লগে লগে মায়ে ঘূৰা মেলা কৰাও অসুবিধা”। {{gap}}মা মা মা! এই শব্দটোত কি আছে? এই শব্দটো যে তাইৰ জীৱনৰ পৰা হেৰাই যোৱাৰ আশংকা জাগে<noinclude></noinclude> keugns56a82gv8ood2v9m9t1cm5hsjg পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/২৪ 104 52388 194314 130908 2024-11-09T09:10:48Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194314 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>ক্ষণেপ্ৰতি। {{gap}}বিয়াৰ কেইবছৰমানৰ পিছৰ কথা। নৰীয়া পাটিত পৰি থকা মাকৰ খবৰ লবলৈ ঢাপলি মেলিছিল তাই। মাকৰ দুচকুৰ অসহায়তা। তাইৰ নামত মৃতকৰ্ম সমাপন কৰা মাকে তাইৰ হাতত পানী এগিলাচ তুলি দিবলৈকো শক্তিকণ যোগাৰ কৰিব পৰা নাছিল। ছানি পৰা চকুৰে মাকে তাইৰ মুখখন খুঁটিয়াই খুঁটিয়াই চাইছিল। বেনাৰসী চিল্কৰ ৰঙা শাৰীখন তাই পাৰে মানে থিত লগাইছিল। {{gap}}“তই সুখী নে মাজনী”, মাকে তাইৰ চকুৰ সিক্ততা ধৰা পেলাইছিল। {{gap}}“আজিৰ পৰা সুখী মা। তোৰ অমতত গুচি গৈ অপৰাধবোধত ভুগিছিলো। তই ক্ষমা কৰি দিলেই মই সুখী মা”। {{gap}}শোটোৰা পৰা হাতৰ উমাল পৰশে মেৰিয়াই লৈছিল তাইৰ আলসুৱা কলিজা। তাইৰ মিহি কপালখন চুই চাইছিল তেওঁ। ইয়াতে এটা বেলি গজাৰ সপোন দেখিছিল তেওঁ। মৰমৰ জীয়েকৰ সেওতাত সেন্দুৰীয়া পদূলি ৰচি দিয়াৰ সপোন দেখিছিল তেওঁ। সেই সেওতা এতিয়া উকা। তাইৰ স্বামীৰ ধৰ্মই সেয়া অনুমতি নিদিয়ে। তাইৰ নামত চৰু-হাড়ি ধুই চুৱা খেদা মাকজনী। তাই বুজি উঠে, ক’ৰবাত মাকৰ চকুলোৱেওতো বাট নেদেখে। {{gap}}“ভালেৰে থাকিবি মাজনী। সংসাৰখন ধৰি থাকিবি। কথাবোৰ কওঁতে সাৱধান হ’বি। তই বহুত স্পষ্টবাদী ছোৱালী। জোঁৱাই কেনেধৰণৰ মই দেখা নাই। মোতকৈ বেলেগে তোক কেনেকৈ বুজি পাব? সেইটোতেই মোৰ ভয় লাগে।” {{gap}}“কি ভয় লাগে মা? মোক লৈ কি ভয় লাগে তোৰ?” কৌতূহল দমাব নোৱাৰি সুধি পেলায় তাই। {{gap}}“ক’ৰবাত তোৰ কথাবোৰ যদি জোঁৱাইৰ বদহজম হৈ যায়, সেই ভয়ে মোক খুলি খুলি খায়”। {{gap}}আল্ট্ৰাছে তাইৰ মাকৰ সন্মুখীন আজিলৈকে হ’ব নোৱাৰিলে। অথচ তেওঁক নেদেখাকৈয়ে মাকে ভৱিষ্যতবাণী কৰিছিল। নে শংকাত ভুগিছিল মাকে? জীৱনৰ অভিজ্ঞতাই পৰিপূৰ্ণ কৰা অৰ্ধশিক্ষিতা মাকজনীয়ে কেনেকৈ বুজিছিল তাইৰ নীতি আদৰ্শবোৰে আল্ট্ৰাছৰ বাবে বদহজমৰ ৰূপ ল’ব। {{gap}}প্ৰেম নে মোহ? {{gap}}প্ৰেমহীনতা নে মোহভংগ? {{gap}}কিহৰ তাড়নাত আল্ট্ৰাছে পৰনাৰীৰ মাজত জীৱনৰ সন্ধান কৰে? কিহৰ বেদনাত তাইৰ খোজবোৰত ধতুৰা ফুলৰ বিহ সানি যায়? যি কথা নুবুজিছিল তাই, সেই কথা মাকে কেনেকৈ জানি গ’ল আগতীয়াকৈ? {{gap}}আইৰ শৰীৰৰ অসুখ। {{gap}}তাইৰ মনৰ অসুখ। {{gap}}তাইৰ পৃথিৱীৰ অসুখ। {{gap}}তাইৰ সমাজখনৰ অসুখ। {{gap}}সেই প্ৰেমৰ সংজ্ঞা কি, যিহে পলকতে অনুভৱ সলায়। {{gap}}আল্ট্ৰাছে চহৰত ভৰি দিয়াৰ খবৰ আহে। বিশালৰ বদলিৰ হুকুম আহে। ধ্ৰুৱমৰ খবৰবোৰ আদবাটত হেৰায়। উল্কি আৰু কঞ্জনীলৰ গধুৰ উশাহবোৰে প্ৰমাদ গণে। তাইৰ মাকজনী হেৰাই যোৱাৰ সময় চাপে। সকলো অহা- যোৱাৰ সূত্ৰবোৰত ধ্ৰুৱক সংখ্যাটিৰ দৰে বহি লয় দুইপুত্ৰ। দুইপুত্ৰই উৎসাহিত হৈ ফোন কৰি তাইক হিচাপ দিয়ে, “পাপাই মোৰ কাৰণে এইটো আনিছে, সেইটো আনিছে”। তাই কল্পনা কৰি লয়, শোৱনি কোঠাৰ বিছনাখনত বহি আল্ট্ৰাছে পুত্ৰদ্বয়ৰ সতে পুতলা গাড়ীৰ মেলা পাতে। তাই মনৰ গাড়ী চেঁকুৰাই দিয়ে। আল্ট্ৰাছৰ সন্মুখীন কেনেকৈ হোৱা যায়, সেই অংকই সূত্ৰ পাহৰে। পৰনাৰীৰ শৰীৰৰ গোন্ধত তাইৰ শোৱনিকোঠাত যেন ফেঁটীসাপে ফণা মেলি ৰৈ থাকে। বৰবিহৰ বৰ বিষ। এই বিষৰ বৰ কষ্ট। {{center|++}}<noinclude></noinclude> pggp28sp9xhi870hqsn4hzdploi21eo পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/২৫ 104 52389 194315 130921 2024-11-09T09:14:50Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194315 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>{{center|(ছয়)}} {{gap}}নিজাববীয়াকৈ বিয়াৰ সিদ্ধান্ত লৈ পেলাইছিল দুয়োৱে। তাইৰ বাবে সেয়া প্ৰত্যাহবান যেন লগা নাছিল একেবাৰে। প্ৰেমৰ শক্তিৰ আগত তাই কৰিবলগীয়া হোৱা ত্যাগবোৰ যেন তুচ্ছ হৈ পৰিছিল। {{gap}}“তোমাৰ নামটো সলাব লাগিছিল অলংকৃতা, দুকোঠলীয়া ঘৰ এটা ভাড়ালৈ লৈছিল সিহঁতে। তাৰে ভিতৰচৰাত বহি আছিল অলংকৃতা। আল্ট্ৰাছৰ মুখৰ শব্দকেইটাত এই প্ৰথমবাৰৰ বাবে তাই উচপ খাই উঠিল। {{gap}}“কিয় আল্ট্ৰাছ? কিয় মোৰ নাম সলাম?”, তাই উত্তৰৰ অপেক্ষাত আল্ট্ৰাছলৈ চাই ৰ’ল। ভিতৰি ভিতৰি কঁপি উঠিল তাই। আল্ট্ৰাছে কি কয় এইবোৰ? ধেমালি কৰিছে চাগৈ বুলি পুনৰ প্ৰশ্ন কৰে। {{gap}}“আল্ট্ৰাছ।” {{gap}}“ওমম।” {{gap}}“নাম সলোৱাৰ কথা কিয় ক’লা?” {{gap}}“আমাৰ ধৰ্মৰ ম’তে তুমি এটা আৰৱী শব্দৰ নামৰ অধিকাৰী হোৱাটো প্ৰয়োজন”। {{gap}}“কিয়?” {{gap}}“কিয় মই নাজানো। এয়া কাজী চাহাবৰ মত।” {{gap}}“কোন কাজী চাহাব?” {{gap}}“আসঃঙ্গ তুমি ইমান বেছিকৈ প্ৰশ্ন কৰা। মই কাজী চাহাবৰ ওচৰলৈ তোমাক লৈ যাম। নিজেই সুধি ল'ব পাৰিবা।” {{gap}}অলংকৃত নিশ্চুপ হৈ বহি ৰৈছিল। সিদিনা তাইৰ নিকাহ আছিল। সিদিনা বাহিৰৰ কোঠাত তাইৰ নামৰ বিষয়ে এলানি আলোচনা চলিছিল। কি নামেৰে শুৱাব নব-বধু তথা ধৰ্মান্তৰিত অলংকৃতাক, এই লৈ আল্ট্ৰাছৰ বন্ধুসকল ব্যস্ত হৈ পৰিছিল। {{gap}}অঞ্জুমান নে আনোৱাৰা নে আছিয়া নে আফৰীনা? {{gap}}তাইক ইছলাম ধৰ্মলৈ দীক্ষিত কৰাৰ পুৰা প্ৰস্তুতি চলিছিল। তাইক সোধাৰ প্ৰয়োজনবোধ কোনেও কৰা নাছিল। ঘৰখনে তাইক ত্যাগ কৰিছিল। আল্ট্ৰাছৰ ঘৰখনে তাইক গ্ৰহণ কৰা নাছিল। বন্ধু বান্ধৱৰ পৰামৰ্শমতে সিহঁত নিকাহত বহিছিল। তাৰেই পদক্ষেপ নাম সলনিকৰণ, আৰু তাতেই যেন তাইৰ ৰৈ দিয়াৰ ইচ্ছা জাগিছিল। {{gap}}আল্ট্ৰাছে তাইৰ মুখখনি মন কৰিছিল নে নাই তাই নাজানে। তাই বেডৰূমত কুঁচিমুচি বহি ৰৈছিল। সিটো কোঠাৰ পৰা ভাঁহি আহিছিল চাঙী সজাৰ শব্দ। উল্লাসেৰে সজা হৈছিল সেই চাঙী। কিছুপৰৰ পাছতেই যে সেই চাঙীত উঠাই তাইৰ ‘অলংকৃতা’ নামটি লৈ যাব অনন্তধামলৈ। {{gap}}যুক্তি-তৰ্কত কাকো জিকিবলৈ নিদিয়া ছোৱালীজনী এইবাৰ টলকা মাৰিছিল। ধৰ্মৰ নামত তাই নিঃশেষ হৈ যাব নেকি এই চিন্তাই কুৰুকিছিল মন। {{gap}}সকলোবোৰ ত্যাগ কৰি অহাৰ পাছতো সদম্ভে থিয় দি তাইৰ কাষত আছিল তাইৰ পিতাকে দিয়া নামটো। “চাবা, মইনাৰ মাক, গুণেৰে অলংকৃতা হ’ব তাই”, এই কথা প্ৰায়েই কৈছিল দেউতাকে। তাইৰ মেলেৰীয়া হৈছিল সেইবাৰ।দেউতাক ওৰে ৰাতিটো বহি ৰৈছিল তাইৰ মূৰ শিতানত। বাৰে বাৰে হাত ফুৰাই চাইছিল জ্বৰৰ উত্তাপ। তেজ ওলোৱাত দেউতাক বলীয়াৰ দৰে হৈছিল। বলীয়াৰ দৰে হৈছিল ককায়েক। চোতালৰ এচুকত আঁঠুকাঢ়ি বহি লোৱা ককায়েকক মাকে জোৰ কৰিও ভাত খাবলৈ উঠাই আনিব পৰা নাছিল। মুখেৰে বিৰবিৰাই আছিল সেই কণমানি ককায়েকটোৱে, “দেতা, ভন্টীক আৰু কেতিয়াও দুখ নিদিওঁ, কেতিয়াও দুখ নিদওঁ।” {{gap}}শিলৰ খুঁটিৰ দৰে ৰৈ গৈছিল সেই কথা। দুখ দিয়া নাছিল ককায়েকে। দেউতাক ঢুকুৱাৰ পাছত সি বৰগছজোপাৰ দৰে আৱৰি ৰাখিছিল তাইক। যেতিয়াই য’লৈকে দৰকাৰ হয়, ককায়েকে লৈ যায়। তাইৰ সমূহ হেঁপাহ ককায়েকে পূৰ কৰাৰ চেষ্টা কৰে। আতোলতোলকৈ ৰাজকুমাৰীৰ দৰে জীয়াই আছিল তাই। ঘৰৰ এক বিশাল সাম্ৰাজ্য ঘেৰি আছিল অলংকৃতা নামটিৰ অস্তিত্ব। ঘৰৰ চাৰিবেৰ, স্কুল ডেক্স-বেঞ্চ, কলেজৰ গছজোপাত,<noinclude></noinclude> 9b1o0z98j6vx0umybsrlqm3z11x4ren পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/২৬ 104 52390 194316 131036 2024-11-09T09:20:03Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194316 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>পৰীক্ষাৰ চাৰ্টিফিকেটসমূহ, প্ৰতিখন কিতাপৰ প্ৰথম পৃষ্ঠাত সেই নামটিয়ে এটুকুৰা ঠাই দখল কৰি বহিছিল। {{gap}}তাই সজোৰে প্ৰতিবাদ কৰিছিল, মূৰ জোকাৰিছিল, নাই নহ’ব, দেউতাকে কৈছে তাই হেনো গুণেৰে অলংকৃতা হ’ব। এই নামটো কোনোপধ্যেই সলোৱা নহ’ব। নবছৰতে তাই নিজৰ নামটোৰ প্ৰেমত পৰিছিল। এয়া তাইৰ অস্তিত্ব, এয়া তাইৰ একান্ত নিজা এটি শব্দ, যি শব্দই হাজাৰ নিদ্ৰাৰত অৱস্থাতো তাইৰ বুকুত কম্পন তোলে। আচলতে তাই নিজৰ প্ৰেমত পৰিবলৈ শিকিছিল তেতিয়াই। এই মুহুৰ্তত তাই অনুভৱ কৰিলে, সেই নবছৰীয়া ছোৱালীজনীতকৈ এতিয়া যেন তাই বহুত সৰু হৈ পৰিছে। লেহুকা, মূৰ দাঙিব নোৱাৰা এটি নিঃসহায় শিশু হৈ যেন স্থিতি লৈছে। কণমানি ছোৱালীজনীৰ স্বাভিমানৰ ওচৰত তাইৰ পঁচিশবছৰীয়া অভিমানেও পাত্তা পোৱা নাই। চূড়ান্তভাৱে নগ্ন হৈ পৰিছে তাইৰ অসহায়তা। নিৰেণ দত্ত ছাৰক কোৱাৰ দৰে তাই আল্ট্ৰাছক তেনেদৰে বাধা দিব পৰা নাই। প্ৰেমৰ বাবেই এই ত্যাগ নে? নিশ্চয় নহয়, হোৱা হ’লে ইমানখিনি কথা তাইৰ মনলৈকে নাহিলহেঁতেন। {{gap}}এৰা। {{gap}}ক’ৰবাত তাইৰ আত্মপ্ৰেম এতিয়াও বৰ্তি আছে। “হে প্ৰিয়জন, মোৰ এই আত্মপ্ৰেমক সন্মান জনাবলৈ শিকি পেলোৱা। এবাৰলৈ অনুভৱ কৰা মোক। মোক ভালপাবলৈ শিকা। মোৰ ভালপোৱা কথাবোৰক সন্মান কৰিবলৈ শিকা”। {{gap}}সিহঁতৰ সমাজলৈ তাইক উঠোৱাৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলিছিল। তাইৰ আৰু আল্ট্ৰাছৰ নিকাহৰ দিন ধাৰ্য কৰা হৈছিল। তাইৰ ঘৰৰ মানুহ নথকাৰ দৰে সেই নিকাহত আল্ট্ৰাচৰ ঘৰৰ মানুহো উপস্থিত থকাৰ কথা নাছিল। {{gap}}দুয়োঘৰৰ অমতত হোৱা বিবাহপৰ্বত কেৱল আল্ট্ৰাছৰ বন্ধু-বান্ধৱহে উপস্থিত থাকিব, সেই কথা আল্ট্ৰাছে তাইক জনাইছিল। কইনাসাজেৰে তাই আল্ট্ৰাছৰ কাষত বহিব, নিকাহৰ সময়ত গুণা কৰা পাটৰ কাপোৰযোৰ পিন্ধিবনে চিকেন কাজৰ ঘাগৰাযোৰহে মেৰিয়াই ল’ব, সেই দোমোজাখিনি মনৰ ভিতৰত লৈ চুলিখিনি ফণিয়াই থাকোতেই এমোকোৰা সন্তুষ্টিৰ হাঁহি লৈ আল্ট্ৰাছ সোমাই আহিল, “আফচানা নিয়াজিৰ। আজিৰ পৰা তুমি আফচানা নিয়াজিৰ।” {{gap}}হাতৰ ফণি তাইৰ হাততে থাকিল। মেলা চুলিখিনি মেলাতে থাকিল। তাই আল্ট্ৰাছলৈ চাই ৰ’ল। হৰিণীৰ দৰে সৰল এহালি চকু। কাজলসনা চকু। যি চকুৰ ভাষা আল্ট্ৰাছে কোনোদিনেই হয়তো নুবুজিলে। তাইৰ চাৱনিত মুগ্ধ হৈ সি তাইক দাংকোলাকৈ দাঙি ধৰিলে। আল্ট্ৰাছৰ কামিজত আতৰৰ গোন্ধ। আতৰৰ আঁৰত আল্ট্ৰাছৰ শৰীৰ নিজা গোন্ধ। অতদিনে তাইক বাউলী কৰি অহা আপোন গোন্ধ সেয়া। সেই গোন্ধই আজি সুঁতি সলাইছে। সেই গোন্ধই তাইৰ চকুৰ বিষাদৰ স’তে সংগত হোৱা নাই। ক’ৰবাত যেন কিবা এটা তাল-মিল ঘটা নাই। গালৰ ডিম্পলটিত টুকুৰিয়াই আল্ট্ৰাছে কৈ উঠে, {{gap}}“আল্ট্ৰাছ নিয়াজিৰৰ পত্নী আফচানা নিয়াজিৰ। তোমাৰ মুখখনৰ দৰে ধুনীয়া হ’ব নামটোও।”,আল্ট্ৰাছৰ কোলাৰ পৰা তাই নীৰৱে নামি পৰে। {{gap}}ধুনীয়া তাই। সেই কথা আল্ট্ৰাছৰ বাৰে বাৰে কয়। তাইৰহে তেতিয়া সোধা নহয়, আল্ট্ৰাছৰ মতে সুন্দৰতা কোনখিনিত। তাইৰ এই শৰীৰত নে মনত নে ব্যৱহাৰ-পাতিত নে মাত-কথাত? নে সুন্দৰতা তাইৰ লক্ষ্মৌৰ পৰা অনা ঘাগৰাযোৰত? আল্ট্ৰাছে সেই বেদনাৰ উমান নাপায়। কোনোবা এজনী আহি তাইৰ মূৰৰ পৰ চিফনৰ উৰ্ণাখন পৰিব নোৱাৰাকৈ ক্লিপ মাৰি দিয়ে। গালত প্ৰসাধনৰ পাতল প্ৰলেপ। সেওঁতাত সোণবৰণীয়া কপালী। কপালত? নাই, কপালত নাছিল তাইৰ মাকে চাব বিচৰা ৰঙাকৈ বেলিটি। {{gap}}আৰু তাই? দোমোজাৰ সীমনাত থমকি ৰৈছিল তাইৰ সেই খোজ, যি খোজৰ পিছতেই তাইৰ অলংকৃতাজনীৰ মৃত্যু ঘটি আফচানা নামেৰে পুনৰ্জনম ল’ব। কাৱিলনামাত লিপিবদ্ধ হৈ ৰৈ গৈছিল সেই নাম। একলাখ টকা মোহৰানা বন্ধা আল্ট্ৰাছৰ বিয়াত তাই কবুল কৰিছিল। স্বাক্ষৰিত হৈ গৈছিল সেই চুক্তি, আল্ট্ৰাছ আৰু আফচানাৰ বিয়াৰ চুক্তি। {{gap}}“মোহৰানা মানে কিনো?” {{gap}}আইনৰ ছাত্ৰী তাই। তথাপি সুধি পেলাইছিল আল্ট্ৰাছক। আল্ট্ৰাছে তাইক বুজাইছিল, “মোহৰানা মানে সেই ধন, যি ধন স্বামীয়ে স্ত্ৰীক তালাক দিয়াৰ সময়ত পৰিশোধ কৰিব লাগিব। আমাৰ ধৰ্মত নাৰীক উচিত সন্মান দিয়া<noinclude></noinclude> f5f24xbm0h6c0d7fud0tt4jinalo2nq পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/২৭ 104 52391 194317 127033 2024-11-09T09:23:14Z অনামিকা(চুমু) বড়া 1609 194317 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> হৈছে। এইখন পঢ়ি চালে তুমি সবিশেষ গম পাবা। তোমাৰ প্ৰাপ্য আৰু অধিকাৰৰ বিষয়ে গম পাবা।” {{gap}}কিনো আছিল সেই চুক্তিত, সেই কথা আজিলৈকে চোৱাৰ প্ৰয়োজনবোধ নকৰিলে। চূড়ান্ত বাস্তৱধৰ্মী এই বিবাহ পদ্ধতিয়ে তাইৰ দৰে আৱেগিক লোকৰ কোনো সপোন কঢ়িয়াব নোৱাৰে। য’ত বিয়াৰ দিনাই তালাকৰ দৰে শব্দৰ স’তে মোকাবিলা কৰিব লগা হয়, বিয়াৰ দিনাই য’ত বিচ্ছেদৰ হিচাপ-নিকাচ চলে সেই বিবাহ পদ্ধতিত তাইৰ দৰে প্ৰেমৰ পুৰাতন গোন্ধ খামুচি থকা আৱেগিক মনৰ স্থান নাই। {{gap}}কাৱিলনামাখন তাই মেলি নাচালে। তাইৰ নিজৰ ওপৰত আস্থা আছে, তাইৰ প্ৰেমৰ ওপৰত আস্থা আছে, তাইৰ ত্যাগৰ ওপৰত আস্থা আছে, লগতে সদায়েই আছে প্ৰিয়জন, তেওঁৰ ওপৰতো গভীৰ আস্থা। আল্ট্ৰাছে কৈছিল, এয়া এক নিয়ম। নাৰীসমাজৰ সুৰক্ষাৰ বাবেই এই নিয়ম, যাতে পুৰুষৰ প্ৰবঞ্চনাৰ বলি হৈ কোনো নাৰীয়ে শূন্য এটাৰ সৈতে জীৱন অন্ত পেলাব লগা নহয়। ইয়াতনো ভুল ক’ত? এয়াতো মানুহৰেই প্ৰবৃত্তি, ক্ষণে ক্ষণে মোট সলোৱা মানুহৰ বিৰুদ্ধেই এই অস্ত্ৰ। যুগে যুগে পুৰুষৰ ইচ্ছাধীন হৈ থকা এগৰাকী পত্নীক বিচ্ছেদ দিয়াৰ দৰে সিদ্ধান্তৰ পৰা কিছু পৰিমাণে হ’লেও আঁতৰাই ৰাখিব পাৰে এই অস্ত্ৰই। কিন্তু পৰাপক্ষত তেনে হয়নে? এনে ব্যৱস্থা থকাৰ পাছতো অসহায় হাজাৰজনী নাৰী। অসহায় তাই নিজেও। পৃথিৱীখনে সিয়াঁৰি যায়, “অলংকৃতা তোৰ দৰে শিক্ষিত নাগৰিকৰ অসহায়ত্ব এয়া। পৰ্দাৰ মাজত জীৱন কটোৱা সেই নাৰীসকলৰ কথা ভাবি চা এবাৰলৈ”। {{gap}}এৰা। {{gap}}কি দুৰ্বিসহ জীৱন কটায় কিছু নাৰীয়ে। আজিও এচাম নাৰীয়ে মুক্ত বতাহকণ সমানে ভাগ কৰিব নোৱাৰে। বেমাৰী মাকজনীক ৰাতি এপৰত অকলে নি হস্পিতেল পোৱাবগৈ নোৱাৰে। বহু নাৰীয়ে আজিও নিজৰ ভাললগা-বেয়ালগাৰ হিচাপ কৰিব নোৱাৰে। তেনে এখন সমাজৰে বাসিন্দা তাই। তেনে এখন সমাজত বিবাহসূত্ৰে ধৰ্মান্তৰিত কৰাৰ কথা তেনেই সহজ। তেনেদৰেই অতি সহজ নাম সলনি কৰাৰ প্ৰক্ৰিয়াও। আৱেগহীন এখন সমাজৰ বোলছবিত তাই এটি চৰিত্ৰহে পৰিল। {{gap}}নিকাহৰ পাছতে মিঠাইৰ পেকেট বিলাইছিল। আল্ট্ৰাছে তাইক ফুচফুচাই সুধিছিল, “এতিয়া ভাল লাগিছেনে অলংকৃতা?” {{gap}}দুচকু ভৰি পৰিছিল তাইৰ তাইৰ প্ৰিয়পুৰুষৰ কণ্ঠত তাই এতিয়াও অলংকৃতা হৈয়ে ৰৈছে। “আৰু একোকে নালাগে আল্ট্ৰাছ। বহুত সুখী মই”, আল্ট্ৰাছৰ সবল বাহুৱে আঁকোৱালি লৈছিল তাইক। “আফচানা নামেৰে মাতিলে বেলেগ কাৰোবাক মতা যেন লাগিব নহয়নে অলংকৃতা”, তাইৰ মূৰৰ চুলিখিনি লিৰিকি আল্ট্ৰাছে কৈ উঠিল। {{gap}}অভিমানত মুখ ওন্দলি আহে তাইৰ। এই সাধাৰণ কথাটোকে ইমান দেৰিলৈ ভবা নাছিল কিয় তেওঁ? এই বিয়া কাৰ বিয়া? চুক্তিপত্ৰত উল্লেখ থকা আল্ট্ৰাছ আৰু আফচানাৰ বিয়া নে বাহুৱন্ধনৰত আল্ট্ৰাছ আৰু অলংকৃতাৰ বিয়া? {{gap}}সামঞ্জস্য হেৰোৱা কথা। এটি সৰু কথা। তাই কোনোদিনেই আফচানা নহ’ল। চৰকাৰী নথিপত্ৰৰ পৰা মানুহৰ মুখলৈকে অলংকৃতা হৈ ৰ’ল। অলংকৃতা হৈ শৰীৰ-মন-আত্মা সকলো আল্ট্ৰাছক সমৰ্পণ কৰিলে। মাথোঁ কাৱিলনামাত অলংকৃতা নামৰ অস্তিত্ব শূন্য হৈ ৰ’ল। আজি দহবছৰৰ মূৰত যেন কোনোবাই আহি তাইৰ ইতিকিং কৰি কৈছে, “তইঁতো কোনোদিনেই আল্ট্ৰাছৰ পত্নী নহ’লি। অতদিনে তই হৈ ৰ’লি বাৰাংগনা নাৰী”৷ {{gap}}আসঃ! সম্বন্ধীয় ভিনিহিয়েকে লৈ আনিছিল সেই খবৰ। আল্ট্ৰাছক আজিকালি প্ৰায়েই ছোৱালী এজনীৰ সতে দেখা যায়। নিজৰ পৃথিৱীত জী উঠিবলৈ শিকা তাইজনীয়ে পৃথিবীৰ প্ৰশ্নবোৰৰ উত্তৰ দিব পৰা নাছিল, মুখৰ পৰা যেন ওলাই গৈছিল ভগা হিয়াৰ বিননি, “বিষ ভিনদেউ বিষ, আৰু একোকে নক’ব”। {{gap}}তাৰ পৰিৱৰ্তে মুখত হাঁহি এটি বিৰিঙাই কৈ উঠে তাই, “ব্যৱসায়ৰ খাতিৰতে ঘূৰি ফুৰিবলগীয়া হয় ভিনদেউ।” {{gap}}“অলপ ঘনিষ্ঠতা চকুত পৰিল কাৰণে ক’লো বেয়া নাপাবি”, ভিনিহিয়েকে পুনৰ কৈ পেলায়। {{gap}}চকুৰ পানীবোৰ অবাধ্য। মুহূৰ্ততে সৰি পৰে। থোকাথুকি মাতেৰে তাই কৈ উঠিছিল, “নক’ব ভিনদেউ নক’ব”। {{gap}}ভিনদেউজন ওলাই গৈছিল। শিলামূৰ্তিৰ দৰেই ৰৈ গ’ল তাই। শাৰীৰ আচল খহি বুকুখন উদং হৈ পৰিল।{{nop}}<noinclude></noinclude> t4a4ikc916ta8qikwkhifs7oet79ac2 পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/২৮ 104 52392 194318 126839 2024-11-09T09:26:34Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194318 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>এৰা, বুকুখন সঁচাকৈয়ে উদং হৈ পৰিল। একোৱেই নাথাকিল তাইৰ বাবে। এৰাসুঁতিৰ দৰে এলাগী হৈ পৰিল তাইৰ চকুলো, ক’ৰবাত আপদীয়া বতাহজাকে সুযোগ পালেই শুনাবলৈ নেৰে, “তইতো কোনোদিনেই আল্ট্ৰাছৰ পত্নী নহ’লি। অতদিনে তই হৈ ৰ’লি বাৰাংগনা নাৰী”। {{gap}}সেই বাৰাংগনাৰ জুপুৰিলৈকে অতখিনি মোহ তাইৰ। দিনান্তত ক্লান্ত শৰীৰ জুৰ পেলাব পৰা এটি জুপুৰি। কেইবাদিনৰ ভ্ৰমণ সামৰি আল্ট্ৰাছে সেই জুপুৰিত আজি ভৰি থৈছে। অলংকৃতাই অফিচৰ পৰা ঘৰ গৈ পাওঁতে সেই জুপুৰিৰ শোৱাকোঠাৰপৰা ভাঁহি আহিছিল দুইপুত্ৰৰ কলকলনি। দুইপুত্ৰৰ লগত উমলি থাকোঁতে আল্ট্ৰাছো এটি শিশু হৈ পৰে। এইখিনি সময়ক কিদৰে অভিনয় বুলি কয় তাই? সঁচা-মিছাৰ ৰেখাডালে তাইক এইখিনিতে আঁচোৰ সানে। {{gap}}বাথৰূমৰ পৰা ওলাই তাই কিটচেনত সোমায়। আল্ট্ৰাছৰ খোৱাত বৰ চখ। বিয়াৰ সময়লৈকে খিচিৰিকণৰ বাদে বেলেগ একো ৰান্ধিব নজনা অলংকৃতাৰ হাতত বিয়াৰ পাছত ভিন ভিন ৰেচিপি প্রস্তুত হয়। কোনোদিনে নকৰা কামবোৰ বিনাদ্বিধাই মানি লৈছিল তাই। সৰু ঘৰখনিক পোহৰোৱাৰ প্ৰচেষ্টা অহৰহ চলি থাকে। {{gap}}আজি পিছে তাই আল্ট্ৰাছৰ চকুলৈ চাব পৰা নাই। তাইৰ অস্বাভাৱিক আচৰণ আল্ট্ৰাছৰ চকুত নপৰাকৈ থকা নাই। আগতেও তাই মাজে মাজে এনেদৰে মুখ ওন্দোলাই থাকে। ব্যস্ততাৰ মাজত সি ফোন কৰিবলৈ থাকি গ’লে, নতুবা বিশেষ কোনো দিনৰ কথা তাৰ মনত নাথাকিলে তাই এনে ওফোন্দবোৰ পাতে। সেই ওফোন্দবোৰ মিঠা, ক্ষন্তেক মৰমতে পমি যোৱা আজিৰ এই ওফোন্দ পিছে নজহা- নপমা, পমিবলৈ কোনো দ্ৰাৱক পদাৰ্থ বিচাৰি নোপোৱা। পিছফালৰ পৰা আল্ট্ৰাছ সোমাই আহি তাইৰ ডিঙিত সাৱটি ধৰালৈকে তাই ড্ৰেছিং আইনাৰ সন্মুখত বহি নিজকে খুঁটিয়াই খুঁটিয়াই চাই ৰ’ল। খেপিয়াই চুই চালে নিজৰ নাক-মুখ-ডিঙি-কাণ৷ কি আছিল উল্কিৰ মাজত, যি তাইৰ মাজত নাছিল, এই প্ৰশ্নই উত্তৰ বিচাৰি মগজুত তালফাল লগাইছে। তাইৰ উদাসী চকুহালৰ কাৰণ আল্ট্ৰাছৰ এতিয়াও জনা নাই। তাইৰ কান্ধত মূৰ গুঁজি দাপোণৰ পিনে চাই তেওঁ কৈ উঠে “কি হ’ল? গহীনাই আছা যে”। {{gap}}মৌন প্রহৰত ঠেকা খাই জীণ যায় সেই প্রশ্ন। মাজৰাতিৰ আকাশত তেতিয়া ত্ৰন্দনৰতা জোনালী। উমলিবলৈ লগত বুটা বছা তৰাজাক নাই। বাহিৰত মৈথুনৰত মেকুৰীৰ বিলাপ। লাইটটো বন্ধ কৰি অস্ফুট স্বৰেৰে তেওঁ সুধি পেলায়, “ইহঁত দুটা টোপনি গ’লনে বাৰু?” {{gap}}জীৱনত প্রথমবাৰৰ বাবে তাই বাৰাংগনাৰ অভিজ্ঞতা লাভ কৰিলে। জুপুৰিটো এটা অন্ধকাৰ দৈত্যই পহৰা দি থাকে। চাকিবোৰে মৰিশালিত মুখ লুকুৱায়। তাই অশুচি হয়। {{center|++}} {{center|(সাত)}} {{gap}}গভীৰ অৱসাদত নে আগৰ কেইবাটাও উজাগৰী নিশাৰ ফলত তাই পৰম তৃপ্তিত টোপনিত জীণ গ’ল। কোনোবাই যেন আঁতৰাই নিছিল তাইৰ আত্মা, শূন্যতাৰ জোলোঙাত পৰি ৰৈছিল ক্লান্ত শৰীৰ৷ একোৱেই মনত নাই তাইৰ! নিজৰ মৃত্যুৰ খবৰ পোৱা নাছিল, আল্ট্ৰাছৰ দুবাহুত পিষ্ট হোৱাৰ কথা তাই পাহৰিছিল। কুকুৰাই ডাক দিওঁতে খকমককৈ সাৰ পাইছিল তাই। সাৰ পাই দেখিছিল, খোপাটোৰ পৰা দীঘল চুলিখিন সুলকি পৰি আল্ট্ৰাছৰ উদং পিঠিত লিপিট খাই আছিল। আল্ট্ৰাছৰ নোমাল বুকুৰ উমাল পৰশত মুখ গুঁজি তাই তাৰ স’তে নিজকে মেৰ খাই থকা অৱস্থাত উদ্ধাৰ কৰিছিল। {{gap}}আসঃ কি হৈ গ'ল তাইৰ? এয়া হোৱাৰতো কথা নাছিল। বাৰে বাৰে সেই প্রশ্নটোতেই জিকাৰ খাই উঠিছে তাইৰ সৰ্বশৰীৰ। শ্বাৱাৰৰ শীতল পানীয়ে তাইৰ শৰীৰ শীত পৰা নাই। শাৰদীয় জোনটো মৰি ন-বেলি উঠিছে। সদ্যোজাত বেলিটিৰ ৰঙচুৱা আভা অকণ বাথৰূমৰ ভেণ্টিলেটৰেদি সোমাই আহিছে। চেম্পু কৰা চুলিখিনিত কণ্ডিশ্বনৰ অকণ সানি লৈ বেচিন মিৰৰখনলৈ চালে। এতিয়াও দহজনে ঘূৰি চাব পৰাকৈ নিটোল মুখনি তাইৰ। আল্ট্ৰাছৰ নিচা আনিব পৰাকৈ পদ্মিনী নাৰীৰ দৰে তাইৰ শৰীৰৰ গোন্ধ। {{gap}}তথাপি!<noinclude></noinclude> 5xwip8pdyw4ru90o0bcexrxmi6iqpb5 পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/২৯ 104 52393 194319 126852 2024-11-09T09:31:16Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194319 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>{{gap}}তথাপি উল্কিয়ে তাইৰ সুখৰ পিয়লাৰ ভাগ কাঢ়ি নিয়ে। তাইতকৈ দহবছৰৰ সৰু উল্কি। এজনী সৰুফুটীয়া ছোৱালী উল্কি। সেই চঞ্চল ছোৱালীজনীয়ে পাহাৰী জুৰিটিৰ দৰে বৈ আহি তাইৰ প্রশান্ত মহাসাগৰৰ দৰে বিশাল বুকুত খুন্দা মাৰে। সেই সৰু ছোৱালীজনীয়ে তাইৰ অধিকাৰত চকু দিয়ে। শ্বাৱাৰৰ পানীৰ সৈতে উটি নাযায় এই অভিমান। বাথৰূমৰ পৰা ওলাই আহে তাই। {{gap}}টাৱেলেৰে তিতা চুলিখিনি মেৰিয়াই চকুত কাজল এলানি বোলাই ল’লে। আঁৰ চকুৰ চালে, আল্ট্ৰাছে টোপনিতে বিছনা খেপিয়াইছে। তাইকে খেপিয়াইছে নে? তাৰ অৱচেতন মনত এতিয়াও তায়েই সোমাই আছেনে? তেন্তে কঞ্জনীলে কোৱাৰ দৰে হোটেলৰ বন্ধৰূমৰ কাহিনীবোৰ সত্যনে? নে বিভ্ৰান্তিৰ মিছিল সেয়া? {{gap}}ভুলটো ক’ত হৈ যায়? বিচৰাবোৰৰ সংগতি নাথাকে কিয়? কিয় আল্ট্ৰাছৰ ওচৰত অভিমানেৰে পৰিপূৰ্ণ বুকু এখন লৈও তাই নিজকে সমৰ্পণ কৰে? উত্তৰত এথোপা দোমোজাৰ ফুল। কথা নহয় এয়া, দোমোজাৰে ভৰা সমীকৰণ মাথোঁ। নাই নাই, এই দোমোজাৰ পৰা তাই মুক্ত হ’ব লাগিব। তাই অসুবিধা পাইছে। এই কথাটোৰ বাবে নিজকে তাই সময় দিব পৰা নাই, দুইপুত্ৰৰ ওচৰত মন বহাব পৰা নাই। আনহে নালাগে, অফিচৰ কামতো মন দিব পৰা নাই। {{gap}}এনে এক দোমোজা লৈ অলংকৃতা বহি আছিল অফিচ চেম্বাৰত। চহৰৰ বিখ্যাত চৰ্মৰোগ বিশেষজ্ঞজনৰ ডিভোৰ্চ কেচৰ ফাইলটো তাইৰ ওচৰলৈ আহিছিল। তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল তেওঁৰেই বৈধ পত্নী ডাঃ তটিনীয়ে। সিহঁতৰ ডিভৰ্চ কেচটো হাতত লৈছিল অধিবক্তা কৃশানুৱে। চৈধ্যবছৰীয়া পুত্ৰৰ সতে পত্নীক এৰি আচামীজনে এগৰাকী যোড়শী গাভৰুৰ সতে সম্পর্ক গঢ়ি তুলিছিল। কৃশানুৱে কৈ গৈছিল, “জানেনে মেডাম, একদম ভণ্ড এই ডাক্টৰজন। কলেজত পঢ়ি থাকোঁতেই তেওঁলোকে বিবাহপাশত আবদ্ধ হৈছিল। চকুত তেতিয়া ন ন সপোন- প্ৰতিষ্ঠাৰ সপোন, ধন গোটোৱাৰ সপোন। বাইদেউৰো তেনে সপোনেই আছিল। দুয়োজনেই একেলগে নাৰ্চিং হোম খুলিলে, দুয়োজনেই প্ৰতিষ্ঠিত হ’ল। যৌৱনৰ আচল সময়খিনি টকাৰ পাছত দৌৰোঁতেই গ’ল। যেতিয়া সময় পালে, তেতিয়া বাইদেউৰ মূৰত ৰূপালী ৰং আৰু ভিনদেউৰ দুহাত উপচাই ধন”। {{gap}}হুমুনিয়াহ এটা এৰিবলৈ সময় নৌহওঁতেই কৃশানুৱে মাত লগালে, “একে লগতে পঢ়া বাইদেউক পিছলৈ ভিনদেউৱে তলপেটৰ মেদখিনিৰ কাৰণেও ঠাট্টা কৰিছিল। সন্তানটোৰ খাতিৰত বাইদেউৱে সিমানখিনি সহি লৈছিল। কিন্তু যেতিয়া ভিনদেৱে কৃশাংগী বিউটিচিয়ানগৰাকীৰ অনামিকা আঙুলিত আঙুঠি পিন্ধালে, বাইদেউৰ সিদিনা সেন্দূৰ পিন্ধিবলৈ হাত কঁপিলে। পাগলীৰ দৰে হ’ল বাইদেউ। ল’ৰাটোৰ ক্ৰিকেট বেটখনেৰে খিৰিকীৰ গ্লাচ ভাঙিলে। তিনিমহলীয়া ঘৰটোৰ সমূহ সম্পত্তি চূৰ্ছুমৈ কৰিলে। চিঞৰি চিঞৰি পাহৰি গ’ল নিজক। পাহৰি গ’ল অতদিনৰ সাধনাৰ প্রস্তুত কৰি উঠা ধৈৰ্যৰ প্রতিমূৰ্তিটো। বাইদেউক এতিয়া এটা পৰিৱৰ্তন লাগে। সেই সম্পৰ্কটোত সোমাই থাকিলে বাইদেউ আক্ষৰিক অৰ্থত পাগলী হৈ যাব”। {{gap}}অনৰ্গল কৈ গৈছিল কৃশানুৱে। খিৰিকীৰে বাহিৰলৈ চাই আছিল তাই। চকুৰ আগলৈ আহিছিল মলিন চেহেৰাৰে শতচ্ছিন্ন সাজেৰে এটি নাৰীমূৰ্তি। কোনোবাই যেন সেই নাৰীমূৰ্তিক দেখুৱাই গৈছে, “চোৱা চোৱা এই পাগলীজনীলৈ চোৱা। জানানে, এসময়ত তাই খুব নামকৰা গাইন’কল’জিষ্ট আছিল”৷ নাৰীমূৰ্তিটো ক্ৰমাৎ যেন তাইৰ মাজত সোমাই গৈছে। তাইৰ শৰীৰ মেৰিয়াই এখন উৱলা চাদৰ, মূৰত জঁট বন্ধা চুলি। ল’ৰা দুটি ক’ত তাইৰ? নাজানে। নাজানে। আল্ট্ৰাছৰ বাহুবন্ধনত উল্কি। কৃশানুৱে কৈছে, “সেই সম্পর্কটোত সোমাই থাকিলে বাইদেউ আক্ষৰিক অর্থত পগলা হৈ যাব।” তাইক যেন কোনোবাই কৈছে, “এনেকৈ তই পাগলী হৈ যাবি”। {{gap}}দিনতে অজান এক দুঃস্বপ্নই খেদি ফুৰিলে তাইক। দুঃস্বপ্নটোৱে এস্কিম’ৰ দৰে তাইৰ বুকুত ইগলু সাজি ল’লে। ইগলুৰ ভৰত তাইৰ কলিজা সোঁতমোচ পৰে। ডিভোৰ্চৰ সপক্ষে কৃশানুৱে যুক্তি দাঙি ধৰে। এনে লাগে যেন কৃশানুৱে তাইৰে কথাবোৰ কৈ আছে। কিছুমান কথা জানিবলৈ মন যায় তাইৰ। জানিবলৈ মন যায়, সম্পৰ্ক খহাৰ লগে লগে হৃদয় খহেনে। এই যে আল্ট্ৰাছৰ গোন্ধৰে আমোলমোল সত্তাটো, এটি মাথোঁ চহীৰ পাছতে, সেই গোন্ধবোৰ তাই জোকাৰি আঁতৰাই পেলাব পাৰিবনে? পৰা হ’লেতো কথাই নাই। ৰবৰেৰে দাগবোৰ মোহাৰি নতুনকৈ জীৱনৰ প্ৰেমত পৰিব। ‘কিন্তু’ এটাত ভৰিহাল থমকি ৰয় তাইৰ, নিজকে প্ৰশ্ন কৰে, যদি নোৱাৰে তেতিয়া? কি হ’ব তেতিয়া? কথাবোৰৰ উত্তৰ বিচাৰি পোন্ধৰ বছৰ পিছুৱাই যায় তাই।<noinclude></noinclude> 8v6y80b6vdd1kmb2pmejluruc10ywxw পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৩০ 104 52394 194320 126878 2024-11-09T09:36:12Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194320 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>{{gap}}“ইছলাম ধৰ্মটো অতি বাস্তৱিক। ইয়াত আৱেগতকৈ বাস্তৱৰ মূল্য বেছি”, চুইংগাম চোবাই চোবাই দুয়োটা সিদিনা কলেজৰ চিৰিটোতে বহি আছিল। বৰষুণ এজাকে বান্ধি থৈছিল দুয়োকে। {{gap}}“যেনে?”, আগ-গুৰি নোহোৱা বাক্যবাণত তাই ধ্ৰুৱমলৈ চাই ৰয়। {{gap}}“যেনে ধৰ, বহুপত্নী তথা ডিভোৰ্চৰ কথাটো। ইছলামত বহুপত্নীৰ ধাৰণাটোক ‘লিগেলাইজড’ কৰি থোৱা আছে। বিবাহেৰে এক উচিত মান্যতাও প্ৰদান কৰা হৈছে। তালাকৰ ব্যৱস্থাও আছে”। চিন্তাৰ সূতাত পাক লাগে তাইৰ, সুধি পেলায় পুনৰবাৰ, “গোটেই কথাবোৰ পুৰুষচালিত নহয়নে?” {{gap}}“হয়, পুৰুষচালিত হ’লেও নাৰীদমনৰ উদ্দেশ্যে এই নীতিসমূহ তৈয়াৰ কৰা হোৱা নাছিল। নাৰীক এক বিশেষ আসনত ৰখা হৈছিল। অৱশ্যে সম অধিকাৰৰ কথাটোত অলপ সন্দেহ আছে। যিহেতু বহুপত্নীৰ দৰে বহুপতিৰ ব্যৱস্থাটো প্ৰচলন কৰা হোৱা নাছিল”। {{gap}}অলপ পৰ ৰৈ সি আকৌ কৈ যায়, “কথাটো অৱশ্যে এনেদৰেও ভাবিব পৰা জনসংখ্যা বৃদ্ধিৰ বাবে বহুপত্নীৰ ধাৰণাটো অনা হৈছিল। হয়তো এয়া ধৰ্ম প্ৰচলনৰ এক কৌশলো হ’ব পাৰে”। {{gap}}ধৰ্মতত্ব, সমাজতত্বৰ কথাবোৰে তাইৰ মগজু বিন্ধে। কুৰি বছৰীয়া মগজুৱে বহুপত্নীৰ লগত জনসংখ্যা বৃদ্ধিৰ সম্পৰ্কটো মিলাব নোৱাৰে। সেয়ে পুনৰাই সোধে, {{gap}}“জনসংখ্যা বৃদ্ধিৰ লগত বহুপত্নীৰ সম্পৰ্কটো কি ধ্ৰুৱম?”, আজলীজনীৰ দৰে গালত হাত দি ধ্ৰুৱমলৈ উত্তৰৰ আশাত চাই ৰয়। {{gap}}“সেই আঁকৰীজনী! লাডেনক দেখা নাই, কিমানজনী পত্নী আৰু কিমানটা সন্তান। এগৰাকী পত্নী হোৱা হ’লে ইমানবোৰ সন্তান সম্ভৱ হ’লহেঁতেননে?” {{gap}}এইবাৰহে তাই বুজি পায়। বুজি তাই লাজ পায়। তাইৰ চিন্তাৰ শতমাইল আগত ধ্ৰুৱমৰ চিন্তাৰ দৌৰ। কিতাপৰ পাত লুটিয়াই ধ্ৰুৱমে কৈ যায় কথাবোৰ। নিজে পঢ়া কথাবোৰতকৈ ধ্ৰুৱমে কোৱা কথাবোৰহে অতবছৰে তাইৰ মনত ৰৈ গৈছে। আজি তাৰ অভাৱ বৰকৈ অনুভৱ কৰিছে তাই। আজি তাইৰ মগজুত নতুন নতুন প্ৰশ্নৰ পোখা। তাই জানে অপতৃণৰ দৰে গজি উঠা এই প্ৰশ্নবোৰ তাতে মৰহিব, অথচ এই মুহূৰ্তত এই প্ৰশ্নবোৰে শুহি লৈছে জীৱনদায়িনী প্ৰতিটো পল। {{gap}}তাই অফিচলৈ ওলাই অহা সময়ত আল্ট্ৰাছ বিছনাতে আছিল। ঘৰখন বৰ প্ৰিয় তাইৰ। ঘৰখন আল্ট্ৰাছৰো প্ৰিয়। যদিওবা চিমেন্ট-ইটা-বালিৰে সজা ঘৰখন দুটি প্ৰাণীৰ মাজত অনবৰতে বৈ থাকে এক অজীৰ্ণ অভিমান, তথাপি ঘৰখনৰ মোহে বান্ধি ৰাখিছে দুয়োকে। ডিভোৰ্চৰ কথাটো মনলৈ আহিলে প্ৰথম সেই কষ্টটো অনুভৱ হয় তাইৰ। ঘৰখন যে তাইৰ হৈ নাথাকিবঙ্গ ঘৰটোৰ চুকত থকা কিতাপৰ আলমাৰীটো তাইৰ হৈ নাথাকিব, তাইৰ হৈ নাথাকিব ছাদৰ ওপৰৰ এৰিকাপামজোপাৰ লাহি পৰশ। আৰু কি কি তাইৰ হৈ নাথাকিব? আল্ট্ৰাছ তাইৰ হৈ নাথাকিব। চলচলীয়া চকুহাল হাঁহি এটা বিৰিঙাই দিয়ে ওঁঠত। তেওঁৰ পৰা বিচ্ছেদৰ নিমিত্তেই এই আয়োজন। তেনেস্থলত তেওঁ তাইৰ হৈ ৰ’ব, এই সপোন দেখাৰ যুক্তি ক’ত? বাহাৰুল ইছলামৰ নাটক এখন চাইছিল ধ্ৰুৱমৰ ‘স’তে তাই। ফাইনেল পৰীক্ষাৰ কিছুদিন আগৰ কথা সেয়া। ভগীৰথী নে কি জানো নাম আছিল নাটকখনৰ, এতিয়া পাহৰিছে তাই। নাটকখন চাই উঠি ছটফটাই মৰিছিল তাই। ধ্ৰুৱমৰ আগত এৰি দিছিল অবুজ মনে নুবুজা প্ৰশ্নৰ ভঁৰালটো, {{gap}}“কিয় ধ্ৰুৱম”? {{gap}}“কি কিয়”? {{gap}}“এই যে নাটকত দেখুৱালে, তালাক দিয়াৰ পাছত একেগৰাকী পত্নীক পুনৰ্বিবাহত প্ৰতিবন্ধকতা। মগজুত সোমাই থকা কিতাপৰ পাতবোৰ খৰকৈ লুটিয়াই কৈ যায় সি, “কথাবোৰ তেনেকুৱা নহয়। ইছলাম ধৰ্মত পতি পত্নীৰ মাজত কোনো কাৰণত মনোমালিন্য হ’লে তালাকৰ ব্যৱস্থা আছে। কিন্তু এয়া এক কঠিন সিদ্ধান্ত। পুৰুষজনক সিদ্ধান্ত ল’বলৈ এক সুস্থ পৰিৱেশ আৰু উচিত সময় দিয়া হয়। তাৰ পাছতহে চূড়ান্ত সিদ্ধান্ত লোৱা হয়”। {{gap}}“কিন্তু বিচ্ছেদ হৈ যোৱাৰ পাছত যে একেগৰাকীকে পুনৰ বিয়া পাতিব নোৱাৰে?<noinclude></noinclude> aavrf5hj587n4b3lpimwa84sxfpdu15 পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৩১ 104 52395 194321 126859 2024-11-09T09:40:41Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194321 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>{{gap}}“ঠিক নোৱাৰে নহয়, চৰ্ত সাপেক্ষে পাৰে। বিচ্ছেদৰ পাছত একেগৰাকী পত্নীৰ লগত পুনৰ বিয়া হ’বলৈ হ’লে পত্নীগৰাকীক বেলেগৰ স’তে এদিনৰ বাবে হ’লেও বিয়া দিব লাগিব।” {{gap}}“কিহৰ বাবে এনে ব্যৱস্থা?”, তাই অধৈৰ্য হৈ পৰে। {{gap}}“এয়া পুৰুষজনৰ পূৰ্বৰ অপৈণত সিদ্ধান্তৰ প্রতি এক শাস্তিমূলক বিধান”। {{gap}}“কিন্তু?” {{gap}}“ওমম। সেয়াই।” {{gap}}আচৰিত হৈছিল তাই। পুৰুষজনৰ শাস্তিৰ বাবে পত্নীগৰাকীয়ে মূল্য ভৰিব লগা হয়। এয়া কেনেধৰণৰ বিধান? যুগে যুগে চলি অহা বিধান এয়া। কাৰোৱেই আপত্তি নাইনে? মন গলেই পুৰুষে নাৰীক বেদীত থাপে, মন গলেই চিতা সাজে, প্রত্যেক সমাজৰে একেই নিয়মনে? {{gap}}“নাৰী মানেই নৰকৰ দুৱাৰ। মানুহৰ দুখ যন্ত্ৰণাৰ জন্মদাত্ৰী হৈছে নাৰী। এগৰাকী নাৰী যে নাৰী, সেই কথা জানিয়েই নাৰী লজ্জিত হোৱা উচিত”, ফাদাৰৰ বাণী পঢ়ি মূৰৰ তেজ উতলি উঠে তাইৰ। সেয়া মধ্যযুগীয়া চিন্তাধাৰা। পিছে আজিনো আমি ক’ত আছোঁ? {{gap}}একেই। একেই৷ একেই মন্ত্ৰ সকলোতে। পুৰুষক শিকোৱা হয় অৱদমনৰ মন্ত্ৰ। শৰীৰৰ দোহাই দি নাৰীক দাসত্বৰ বান্ধোনত ৰখাৰ প্রচেষ্টা সৰ্বত্ৰ। {{gap}}আৰু কিবা এটা সুধিম বুলি লওঁতেই ধ্ৰুৱমে পেকেটটি খুলি বাদাম গলিয়াবলৈ আৰম্ভ কৰিছিল। তাইৰ প্রশ্নবোৰে বতাহৰো কণ্ঠ ৰুদ্ধ কৰি থৈছিল। আন্ধাৰ চাৰিআলিটো পোহৰাবলৈ পৰ দি থকা ষ্ট্ৰিটলাইটবোৰে সমাজখন পোহৰোৱাৰ শক্তি গোটাব পৰা নাছিল। এদণ্ড মৌনতাত ওলমি ৰৈছিল প্রাসংগিক-অপ্রসাংগিক কথাবোৰ। ধ্ৰুৱমে ৰাস্তাটো পাৰ কৰি দিবলৈ তাইৰ হাতখনত খামুচি ধৰিছিল। হিল পিন্ধাৰ চখ এটা নতুনকৈ হৈছিল তাইৰ। সেই চখৰ ফলতে য’তে ত’তে উজুতি খাবলৈ লৈছিল তাই । এজাউৰি গালিৰে প্ৰতিবাৰেই খামুচি ধৰিছিল সি। প্ৰেমৰ গোন্ধ নথকা এক সম্পৰ্কৰে সি তাইৰ প্রতিটো খোজৰ দিশ নিৰ্ণয় কৰিছিল। খামুচি ধৰিবলৈ তেনে এখন হাতৰ এতিয়া বৰ প্রয়োজন তাইক। এনে এখন হাত, যিখন হাতে নিৰাশাৰ অতল গভীৰৰ পৰা তাইক তুলি ধৰিব। উজুতি খোৱাৰ নতুন চখটো খোজত আঠা লাগি ৰৈছিল। সেই চখতে আল্ট্ৰাছৰ বিষয়ে একো নজনাকৈয়ে তাৰ লগত বিয়াত বহিবলৈ উঠি পৰি লাগিছিল। উজুটি খোৱাৰ চখ পূৰাই এইবাৰ তাইৰ মনলৈ বিচ্ছেদৰ দৰে প্রসংগ আহি পৰিছে। {{gap}}নহয়। নহয়। এয়া তাইৰ সিদ্ধান্ত নহয়। এয়া তাইৰ মানসিক প্রস্তুতিহে ৷ তাইৰ মনেৰে, প্রাণেৰে সাজি লোৱা কোঠালিবোৰত তাইৰ ছাঁটো নাথাকিব, শুই উঠিয়েই বাগানভেলিয়াজোপাৰ পৰশ লোৱাৰ অধিকাৰকণ তাইৰ নাথাকিব, সেই প্রস্তুতিতহে তাই বিতত হৈ পৰিছে। নিৰ্জীৱ বস্তু এটাৰ প্রতিও কিবা এক মোহ থাকে। কিতাপখনৰ প্রতি, নতুন কিতাপৰ ৰেকখনৰ প্রতি নতুবা শোৱা বিছনাখনৰ প্রতি তাইৰ অযুত ভালপোৱা ৷ অথচ কিয় এনে লাগে, এই ভালপোৱা যেন আল্ট্ৰাছৰ অনুগৃহিত ভালপোৱাহে ৷ আল্ট্ৰাছৰ মন গ’লেই যেন তাইৰ বাবে প্ৰস্থানৰ দ্বাৰ খুলি দিব, তেওঁৰ নিৰ্দেশ মানি পিছলৈ ঘূৰি চাব নোৱাৰাকৈ তাই অচিন বাটেৰে খোজ ল’ব। এই বাটত খোজ থমকি ৰলেও তাই যেন নিজহাতেৰে গঢ়া ঘৰটোলৈ নোচোৱাকৈ ওঁঠ কামুৰি পাৰ হৈ যাব। {{gap}}চেহ! কিবোৰ যে ভাবি আছে। তাইৰনো বাৰু ডিভোৰ্চৰ কথা ক’ৰ পৰা আহিল? তাইৰ দুটি সন্তানে দেউতাকক বিচাৰে, দেউতাকেও সিহঁতক বিচাৰে, আইনমতে সিহঁত মাকৰ লগত থকাৰ অধিকাৰ আছে। সিহঁত দুটিয়ে দেখোন সাঁকো হৈ ৰৈ আছে সিহঁতৰ মাজত। আচলতে কৃশানুৱে কৈ যোৱা ডিভৰ্চৰ কেচটোৱে তাইৰ মনগহনত যে আলোড়নৰ সৃষ্টি কৰিছে, সেয়া তাই নুবুজাকৈ থকা নাই। মনে মনে ভগৱানক খাটিলে, ভৰপূৰ সংসাৰ এখন কোনো নাৰীৰে হাতৰ পৰা খহি নপৰক। তাইৰ নিজৰ কথাবোৰো সামৰা দৰকাৰ। আজিয়েই তাই আল্ট্ৰাছৰ মুখামুখি হ’ব। স্পষ্টকৈ সুধিব উল্কিৰ কথা। সুধিব সেই সম্পর্কৰ গাঢ়তাৰ কথা। {{gap}}সিদ্ধান্ত এটা লৈ তাইৰ মনটো কিছু পাতল হ’ল। তাই ঘৰলৈ বুলি বাট পোনালে। গাড়ীৰ খিৰিকীৰে দেখিলে, প্রকাণ্ড গেটখন পাৰ হৈ বিশালৰ গাড়ীখন সোমাই আহিছে। তাইলৈ চাই সি সেমেকা হাঁহি এটা এৰিলে। বিশাল হয়তো দুই এদিনতে যাবগৈ। বিশালৰ লগত বৰ আন্তৰিকতা অনুভৱ কৰে তাই। কষ্টৰ সময়খিনিত সি<noinclude></noinclude> d4umitalc7yuj9rxdbmge129o63utnc পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৩২ 104 52396 194322 126863 2024-11-09T09:45:38Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194322 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>তাইৰ কাষত আছিল। সি হয়তো জনা নাছিল তাইৰ বিধ্বস্ততাৰ কাৰণ, কিন্তু কাষত আছিল। ভাললগা ধৰেণেৰে ৰৈ আছিল সি। অনুভৱ কৰে তাই, প্ৰেমৰ উৰ্ধতো আচলতে কিছুমান সম্পৰ্ক আছে, যিয়ে তুলি ধৰে অজানিতে খহি পৰা আকাশখন। আন্তৰিকতা দুই ওঁঠৰ শব্দত নাথাকে, আন্তৰিকতা শৰীৰৰ স্পৰ্শতো নাথাকিব পাৰে, আন্তৰিকতা থাকে অনুভৱত। যি অনুভৱে জীপাল কৰি ৰাখে খৰাঙৰ ৰ’দত ছিৰালফাট বিচৰা পথাৰখন, আন্তৰিকতা থাকে অনুভৱত। {{gap}}তাইৰ মন গ’ল কাৰোবাৰ ওচৰত যেন বুকুখন উদঙাব। কৈ যাব তাইৰ বিলাসী ঢঙৰ উদং জীৱনৰ কথা৷ কঞ্জনীলে দুদিনৰ পৰা ফোন কৰা নাই। ধ্ৰুৱম হেৰাই যোৱাৰ খবৰত শেলুৱৈ গজিছে। ককায়েকটো তাইৰ বন্ধুৰ দৰে হৈ পৰিলেও এইবোৰ কথা ককায়েকক কোৱা নাযায়। ছোৱালী বন্ধু তাইৰ নাই। বেছিভাগ ছোৱালীৰ লগতে তাইৰ কিছু কিছু অনুভৱৰ তাৰতম্য ঘটে। তাই নিতান্তই সুক্ষ্ম অনুভূতিসম্পন্ন আৱেগিক ছোৱালী। কথাই প্রতি চকুলো সামৰি থ’বলগীয়া হোৱাকৈ আৱেগিক তাই। চুলিখিনিৰ মাজত এনেয়ে তাই হাতৰ আঙুলিকেইটাৰে লিৰিকি দিয়ে। পাট-সূতাৰ কোমলতাৰে ঢৌ খেলোৱা একোছা চুলি, আগলৈ বৈ পৰা, মুহূৰ্ততে প্ৰেমত পেলাব পৰা। {{gap}}ঘৰ পাই দেখে, পুত্ৰদ্বয় ৰুবিক্স কিউব মিলোৱাত ব্যস্ত। কোনোমতে এটা পৃষ্ঠও সিহঁতে মিলাব পৰা নাই। নোৱাৰাৰ কথাই। তাইয়ে আজিলৈকে সম্পূৰ্ণকৈ মিলাবলৈ নিশিকিলে। তথাপি সিহঁতক সহায় কৰি দিওঁ বুলি ওচৰতে বহি ল’লে। খেলিমেলি হৈ থকা নীলা ৰঙৰ পৃষ্ঠটো মিলাবলৈ আপ্ৰাণ চেষ্টা দুয়োটিৰে। সৰুটিৱে অৱশ্যে বুদ্ধি এটা দিছে, গোটেইবোৰ খুলি আকৌ নতুনকৈ সজাই ল’বলৈ। তাই গৈ নোপোৱা হ’লে সিহঁতে চাগৈ অতপৰে ৰুবিক্স কিউবটো খুলি এটা এটাকৈ মিলাই গ’লহেঁতেন। তাই হাতত কিউবটো তুলি লৈ দুয়োটিকে শিকাবলৈ লাগি গ’ল, {{gap}}“এবাৰ ক্ল’কৱাইজ, এবাৰ এন্টিক্ল’কৱাইজ, এইবাৰ ওপৰলৈ ঘূৰাই লোৱা।” {{gap}}“এয়া চোৱা, নীলাৰ বিপৰীতে সদায় সেউজীয়াই হ’ব। বগাৰ বিপৰীতফালে সদায় হালধীয়াই হব, ৰঙাৰ বিপৰীতে সদায় কমলাই হ’ব। এয়া ৰুবিক্স কিউবৰ নিয়ম”। {{gap}}দুয়োটাই মন দি চাইছে। সেউজীয়া ৰঙৰ ওপৰৰ পৃষ্ঠটো মিলি গ’ল। সৰুটোৱে ফুৰ্তিতে হাত চাপৰি বজাবলৈ আৰম্ভ কৰিলে। মাজৰ স্তৰটি মিলাবলৈ কিউবটো ইফালে সিফালে পকাই থাকোঁতেই ছাদৰ ওপৰত আল্ট্ৰাছৰ মাত শুনা পালে। কিছু উত্তেজিত, কিছু উচ্চস্তৰৰ অসংলগ্ন কথাৰ টুকুৰা কিছুমান আহি তাইৰ কৰ্ণকুহৰত টোকৰ মাৰিলে। {{gap}}“তোক ফটোবোৰ কোনে দিলে তাৰ নাম ক”, সেয়া আল্ট্ৰাছৰ মাত। {{gap}}“মই সিহঁতক সুদাই নেৰোঁ। কোনে এই ষড়যন্ত্ৰ কৰিছে সেইজনৰ নাম লাগে মোক”, পুনৰবাৰ আল্ট্ৰাছৰ উত্তেজিত কণ্ঠ। {{gap}}“গিৰিয়েকটো হৈ তই কিয় তাইক অকলে ইয়াত এৰি থৈ গৈছিলি?” {{gap}}তাই বুজিলে, ফোনৰ সিপাৰে কঞ্জনীল। দুয়োৰে মুখত উল্কিৰ নাম। তাই নাই। সেই বাৰ্তালাপৰ ক’তোৱেই তাই নাই। অই স্পষ্টকৈ বুজি পালে সেই কথা। ইমূৰৰ পৰা নিৰৱচ্ছিন্ন সোঁতত বৈছিল গালিবৰ্ষণ। আল্ট্ৰাছৰ মাতত আছিল ধাতৱীয় কঠোৰতা। তেওঁৰ মুখমণ্ডল দানৱীয় হৈ পৰিছিল। নিজৰ দোষ স্বীকাৰ কৰি ল’ব পৰা মানসিকতা তেওঁৰ তেতিয়াও অহা নাছিল। তাই সুধিম বুলি ভাবি থকা কথাবোৰ কঞ্জনীলে ফোনত আল্ট্ৰাছৰ আগত সদৰি কৰিছিল। বৰ নগ্নভাৱে দুয়ো তৰ্কযুদ্ধত লিপ্ত হৈছিল। তাই লাহে লাহে ছাদৰ ওপৰ পালেগৈ। {{gap}}উল্কিক লৈ আল্ট্ৰাছ আৰু কঞ্জনীলৰ মাজত তেতিয়ালৈকে চলি আছিল ভীষণ গালি-গালাজ ৷ অত এব মৌন সন্ন্যাসিনীৰ ৰূপ ধাৰণ কৰা তাই আল্ট্ৰাছৰ পৰা নাতিদূৰত ঠিয় দি ৰ’ল। ক’লৈ যায় তাই? এই ঘৰৰ মুকলি বতাহকণ এতিয়া আবদ্ধ হৈ ৰৈছে ছাদৰ ওপৰৰ একোণত ৷ তাইক দেখি আল্ট্ৰাছে ফোনটো কাটি দিলে। মুখখন তেওঁৰ শুকান। হাফপেন্টৰ পকেটৰ পৰা তেওঁ লাইটাৰটো উলিয়াই এটাৰ পাছত এটাকৈ চিগাৰেট টানি গ’ল। কপালত তেওঁৰ বিন্দু বিন্দু ঘাম। ঘাম আৰু চিগাৰেটৰ গোন্ধৰ নিচাই আইক আগৰ দৰে বাউলী নকৰিলে। এই ঘামৰ কাৰণ তাই নহয়, উল্কিহে। এই চিগাৰেটৰ ধোঁৱাকণো তাইৰ নামৰ নহয়। এলাগী অনুভৱ এটাই তাইক চুই<noinclude></noinclude> 619lf2pmv95fknkxvba3pmomp1ot59e পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৩৩ 104 52397 194323 126871 2024-11-09T09:49:40Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194323 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>গ’ল। তলৰ কোঠাৰ পৰা দুইপুত্ৰৰ খিলখিলনি শুনা গৈছে। দেউতাকে আনি দিয়া ছয়ৰঙী কিউবটোত সিহঁতে খুব ফুৰ্তি পাইছে। ৰান্ধনিশালত প্ৰেছাৰ কুকাৰৰ হুইছেলটো বাজি উঠিছে। আল্ট্ৰাছৰ মুখখন দানৱীয় হৈ পৰিছে। মুখেৰে ভোৰভোৰাই তললৈ নামি গ’ল তেওঁ, “মই সিহঁতক সুদাই নেৰো। মোৰ উন্নতি দেখি সিহঁতৰ জ্বলন হৈছে। মোৰ বিপক্ষে সিহঁতে কন্সপিৰেচি কৰিছে। মোৰ মোবাইল ফোন হেক কৰিবলৈ আহে। চাই ল’ম সিহঁতক মই।” {{gap}}তাইৰ মুখৰ পৰা এটা শব্দ ওলাই নাহে। আল্ট্ৰাছৰ চিন্তাৰ পৰিধিত তাই আহত হয়। তেওঁৰ চিন্তাৰ জালখনত তাই নাই, তেওঁৰ ফোন হেক কৰাজনৰ বিৰুদ্ধেহে তেওঁ আস্ফালন কৰি আছে। তাই যে দুখ পাইছে, এই কথা তেওঁৰ মনলৈ এবাৰো অহা নাই। নাই, নাই, এই দম্ভালিক লৈ দুখ কৰা নাযায়। এই দম্ভৰ প্ৰেমত বাউল হোৱা নাযায়। কোনোবাই যেন তাইক কৈ গৈছে, “অলংকৃতা নিজৰ ভৰি নিজে সবল কৰ। এই পৃথিৱীত কোনো কাৰো হৈ নাথাকে।” {{gap}}এৰা, কোনোৱেই কাৰো হৈ নাথাকে। এই তত্বটোৱে তাইৰ বহুতো প্ৰশ্নৰ উত্তৰ দি গ’ল। হঠাতে বিজুলী-বাতিবোৰ বন্ধ হৈ চৌপাশে আন্ধাৰ হৈ পৰিল। আন্ধাৰৰ মাজত তাইৰ ছাঁটোও লুকাই পৰিল। তাই যেন নিজকে কৈ উঠিল, “দেখিলিনে কৃতা, আন্ধাৰ ৰাস্তাত ছাঁটোৱেও লগ এৰে।” {{gap}}ক’ৰবাৰ পৰা ছাঁটোৱে গৰগৰাই উঠিল, “মই তোৰ লগতে আছোঁ, আন্ধাৰ বাবে তইহে মোক দেখা নাই”। {{gap}}পুনৰবাৰ হতাশাৰ মুখখন ভাঁহি আহিল, “ইমান আন্ধাৰ। পথটিও নিতাল নিজম ৷ নিঃসংগ খোজবোৰ সাৰথি কৰি কেনেকৈ আগুৱাবি কৃতা?” {{gap}}ছাঁটোৱে হা হা হা কৈ হাঁহি উঠিল, “আৰে তইতো তাৰকা। আন্ধাৰতেই জিলিকিবি তই।” {{gap}}উল্কি আৰু আল্ট্ৰাছৰ প্ৰেমৰ বাটত তাই খলনায়িকা নেকি এই চিন্তা মনলৈ আনি পুনৰবাৰ তাই হতাশ হৈ পৰিল, প্রশ্ন কৰিলে আকৌ, “সেইবোৰ বাৰু সৱ ঠিক আছে। কিন্তু এই যে খলনায়িকাৰ অনুভৱ, এই অনুভৱটোৱে মোক খাবলৈ নিদিয়ে, শুৱলৈ নিদিয়ে। কি কৰো ক? {{gap}}“আৰে পাগলী, কিতাপ-কলম-কবিতা-গান যাৰ সংগী, তাক এই অনুভৱে চুই যায় কেনে কৰি? তই জী আছ, এইটো এটা সত্য আৰু প্রতিটো সত্যই সুন্দৰ।” {{gap}}বিশাললৈ মনত পৰিল তাইৰ। তেওঁ কৈছিল, যিয়ে আপোনাক পিছলৈ টানিছে, সিয়েই আপোনাক বহুত খোজ আগুৱাই নিব”। {{gap}}আত্মকথনে তাইৰ জ্ঞানৰ অক্ষি মুকলি কৰি চৌপাশ মুখৰিত কৰি তুলিলে। তাইৰ খোজবোৰে নতুন গতি ল’লে। কাণত বাজি থাকিল প্ৰিয় গানৰ কলি, {{gap}}“জীৱনে ৰং চায়, ৰঙে আঁকে ৰামধেনু।” {{center|++}} {{center|(আঠ)}} {{gap}}দুয়োজনৰে কাজিয়াবোৰ তুংগত উঠিছে। অলংকৃতাৰ পৰা কথাবোৰ লুকুৱাবলৈকে বাৰে বাৰে আল্ট্ৰাছ ছাদৰ ওপৰ পায়গৈ। ছাদৰ ওপৰত আকৌ উত্তেজিত হৈ সকলোৱে শুনাকৈ চিঞৰি চিঞৰি কথা পাতে। কথানো কি? আল্ট্ৰাছৰ আৰু কঞ্জনীলৰ মাজত চূড়ান্ত নিম্ন পৰ্যায়ৰ গালি গালাজ কিছুমান । সেই গালি গালাজত কোনেও কাৰো কথা শুনা নাই। দুয়োজনে দুয়োজনক দোষাৰোপ কৰি গৈছে। তাই তলৰ মহলাত জুপুকা মাৰি বহি আছে। এবাৰত চক খাই তাই কঁপি উঠিছে। এবাৰত ধ্ৰুৱমৰ কথাবোৰে তাইক এই কোলাহলৰ পৰা আঁতৰাই আনে। {{gap}}“কৃতা, এই যে মানুহবোৰে কাজিয়া কৰিলে নতুবা গালি পাৰিলে ইমান চিঞৰি চিঞৰি কথা কয়, কিয় তেনেদৰে চিঞৰি চিঞৰি কথা কয় জানানে বাৰু?”, কলেজৰ পৰা ঘৰলৈ বুলি বাছষ্টেণ্ডত ৰৈ থাকোঁতে দুজন বাছ-আৰোহীৰ মাজৰ কাজিয়াখন উপভোগ কৰি ধ্ৰুৱমে সুধি পেলাইছিল। {{gap}}“কিয় চিঞৰি কথা কয় আক’? খং উঠে সিহঁতৰ। খঙত উত্তেজিত হয়। সেইবাবে কয়”, নভবাকৈয়ে কৈ<noinclude></noinclude> 21hcpe8t8wl3ucby9rjw3eoqvgg3cns পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৩৪ 104 52398 194324 126881 2024-11-09T09:54:53Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194324 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>দিয়ে তাই। {{gap}}“বাৰু তেতিয়াহ’লে প্ৰেমিক-প্ৰেমিকাবোৰে ইমান চিঞৰি কথা নাপাতে কিয়?”, সি আকৌ সোধে তাইক। {{gap}}“ধেৎ, চিঞৰি কথা ক’লে আনে নুশুনিব নেকি? লাজ নাপাব নেকি সিহঁতে?”, চকুহাল পকাই ধৰে তাই। {{gap}}“নহয় অ’। চাবিচোন, সিহঁতৰ ওচৰত কোনো নাথাকিলেও সিহঁতে চিঞৰি চিঞৰি কথা নাপাতে”, উভতি ধৰে সি। {{gap}}এৰা নাপাতেতো। শিপ্ৰাবা আৰু অংকুশদাদাই আজিলৈকে কথা পতা তাই দেখা নাই। অথচ দুয়োটাকে হাতে হাতে ধৰি ওচৰা ওচৰিকৈ নিৰ্জন পাৰ্কত বহি থকা প্ৰায়েই দেখে সিহঁতে। প্ৰেমৰ মদিৰা পানত ব্যস্ত থাকে দুয়ো নৈঃশব্দৰ মুখৰাত যেন মুখৰিত হৈ থাকে প্ৰেমিকযুগলৰ সময়বোৰ। শব্দ নাই, অথচ কিমান প্ৰশান্তিময় এক গুঞ্জনেৰে গুঞ্জৰিত সেই সময়। মুখেৰে নোলায় এটি শব্দ, অথচ বুকুৰে বয় শব্দৰ মিছিল, চকুত বিলীন হোৱাৰ স্বপ্ন। এয়ে হয়তো প্ৰেম। {{gap}}দূৰৈৰ পাহাৰটোলৈ চাই পঠিয়ায় তাই। এনেকুৱা এটা নিৰ্জন টিলাত যদি তাইৰ স’তে থাকে আকাংক্ষিত প্ৰেমিকজন, কি যে ভাল লাগিব তাইৰ! কিন্তু এই যে ধ্ৰুৱম, তাইক অলপ সময়ৰ বাবে কল্পনাৰ জগতত বিচৰণ কৰিবলৈকো নিদিয়ে। অনবৰতে মুখখনেৰে পেকপেক কৰি থাকিব সি। তাই অলপ ভাবুক হবলৈ পালেহে, চিঞৰিলেই আকৌ, {{gap}}“অই তোক কিবা কৈ আছোঁ, শুনিছনে নাই?” {{gap}}“হা!”, কল্পনাৰ জগতত ভ্ৰমি আছিল তাই, ধ্ৰুৱমৰ খহটা চিঞৰটোত উভতি আহে, চকুহাল মেল খাই যায়, সোধে, “কি কৈ আছিলি ধ্ৰৱম?” {{gap}}“কিনো ভাবি থাক তই? বাৰু শুন, এই যে চিঞৰি চিঞৰি কথা পাতি থকা এই দুজন লোক, জাননে দুয়োজনৰ মনৰ মাজত বহুযোজন দূৰত্ব। গতিকে যিমান চিঞৰি চিঞৰি ক’লেও সিহঁতে ইজনে সিজনৰ কথা শুনা নাই। আৰু এই যে প্ৰেমিকযুগল, যেনে, শিপ্ৰাবা তাৰু অংকুশদাদা, তেওঁলোক মানসিকভাৱে ইমানেই ওচৰত যে তেওঁলোকৰ কথা কোৱাৰ কোনো প্ৰয়োজন নাই, চকুৰ ভাষাতেই ইজনে সিজনৰ কথা বুজি পায়।” {{gap}}“আৰে। হয়তো কথাটো। তোক কোনে ক’লে অ’ এইবোৰ কথা?”, তাই চিন্তা কৰি আঙুলিত লেখ ধৰে। কথাবোৰ সঁচা। কাজিয়া কৰা মানুহবোৰে ইজনে সিজনৰ কথা নুশুনে বাবেইতো ইমানকৈ চিঞৰে। ই যে ইমান কথা কেনেকৈ জানে? তালৈ কিবা এটা মৰম লাগি যায় তাইৰ। মৰমতে চিকুটি দিয়ে গালখনত। দুখ পাই সি তাইৰ চুলিকোছাত ধৰিবলৈ খেদি যায়। খেদাখেদি কৰি সিহঁত বাছখনত উঠেগৈ। বাছখনত মাত্ৰ এটা চিট থাকে। সি তাইক বহিবলৈ দি কাষতে থিয় দি থাকে। সেই সময়ত তাক বৰগছজোপাৰ দৰে ওখ আৰু বিশাল যেন দেখা যায়। {{gap}}তাই নাজানে, কি নাম সেই সম্পৰ্কৰ। নাজানে তাই, পুৰুষ আৰু মহিলাক সহজে বান্ধিব নোৱাৰা বন্ধুত্বৰ সম্পৰ্কই আছিল নে সেয়া? সৰু চহৰখনৰ সৱেই চিনি পাইছিল সিহঁত দুয়োটাকে, সকলোৱেই মৰম কৰিছিল দুয়োকে আৰু সেই চহৰখনৰ মানুহবোৰৰ মনবোৰ ইমানেই বহল আছিল যে কোনোদিনেই সিহঁতৰ বন্ধুত্বৰ ওপৰত আঙুলি পৰ্যন্ত নুঠালে। শেষলৈ ধ্ৰুৱমহে আনমনা হৈ ভাবুক হৈ পৰিছিল, দ’ম দ’ম কাগজ-কিতাপৰ মাজত আবদ্ধ হৈ পৰিছিল সি। তাই গৈ কেতিয়াবা তাক ৰূমত শুই থকা দেখিলে বন-খৰিকাৰে কাণত লৰফৰাই দিয়ে, সি তাইলৈ চকু মেলি চাই শেঁতা হাঁহি মাৰে। সেই হাঁহিটো এতিয়া তাইৰ বাবে দুৰ্বোধ্য, সেই ধ্ৰুৱম এতিয়া তাইৰ বাবে দুষ্পাপ্য। {{gap}}সেই সময়ছোৱা পাৰ কৰি তাই আইনৰ ডিগ্ৰীৰ বাবে সৰু চহৰখন এৰিলে। ফাঁট মেলা বাটৰ পোৱালিবোৰৰ কোনোবা এটাৰে ধ্ৰুৱমৰ স্মৃতিও সৰকি গ’ল। সময়বোৰ সৰকি গ’লনে তাই ধৰি ৰাখিব নাজানিলে, সেই কথা তাই নুবুজিলে। এতিয়াহে অনুভৱ হয় তাইৰ, শিমলুজোপাৰ কেঁকুৰিতে হেৰাই যোৱা সেই মধুময় পলৰ গুৰুত্ব যে অপৰিসীম হৈ ৰৈছে প্ৰতিক্ষণত। বৰকৈ অভাৱ অনুভৱ হয় ধ্ৰুৱমৰ দৰে এখন সহৃদয়ৰ, অভাৱ অনুভৱ হয় খোজে প্ৰতি উজুটি খোৱা তাইজনীক তুলি ধৰিব পৰাকৈ এখন বিশ্বাসী হাতৰ। {{gap}}“এই ধ্ৰুৱম! ক’ত আছ তই? তোক বিচাৰি ফুৰিছোঁ পৰ্বতে, ভৈয়ামে, মনৰ সীমনা পাৰ হৈ দিগন্ত ভেদিছোঁ,<noinclude></noinclude> gry9ngemvaxhsiyqpslt6dq98hft18a পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৩৫ 104 52399 194325 127008 2024-11-09T09:59:47Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194325 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>‘তই নাই’-এই খবৰত হুমুনিয়াহ এৰিছোঁ”, এনেকৈয়ে নিজকে নিচুকাই লয় কেতবোৰ পৰত অলংকৃতাই। {{gap}}সেই নিচুকণিৰে মনটোক নিচুকাই থাকোঁতেও ওপৰৰ পৰা ভাঁহি অহা গালিৰ টুকুৰাবোৰে তাইক বৰকৈ আমনি কৰিছে। নুশুনো বুলি ভাবিলেও দুটামান কথা বুজি পাই তাইৰ অন্তৰাত্মা কঁপি উঠিছে। তাইৰ সুখৰ দৌলত দেও লগা সময়ে যেন ভুমুকি মাৰি চাই ৰয়। কঞ্জনীলে ভাবুকি দিছে আল্ট্ৰাছক ৷ তেওঁৰ সন্মান লাঘৱ কৰাৰ ভাবুকি দিছে। বিনিময়ত আল্ট্ৰাছেও কঞ্জনীলক শেষ কৰি দিয়াৰ ভাবুকি দিছে। চকুৰ আগলৈ ভাঁহি আহিছে সেই দৃশ্য, পৰকীয় প্ৰেমৰ খবৰ বিলোৱাৰ দৃশ্য৷ কথাবোৰ পাগুলি পাগুলি তাই আলমাৰীৰ জপা কাপোৰবোৰকে উলিয়াই জাপি থাকিল। ল’ৰা দুটাক তাই ভাত খুৱাই শুৱাই দিলে। সিহঁতৰ ভাত-পানী চেঁচা হ’ল। আল্ট্ৰাছৰ তাইৰ সন্মুখীন হ’ব পৰা নাই। তাই তলত থাকিলে আল্ট্ৰাছ ওপৰলৈ যায়, তাই ওপৰলৈ গ’লে আল্ট্ৰাছ তললৈ নামি আহে। তায়ো কিবা এক সংকোচেৰে শোৱনি কোঠাৰ পৰা ওলাই আহিব পৰা নাই। শোৱনি কোঠাৰ খিৰিকীখনেৰে চাই ৰয় তাই। আঁটি আঁটি বান্ধি থোৱা ডাঠ পৰ্দা ভেদি তাইৰ মনৰ জুইত জাহ যাবলৈ কাষ চাপি আহিব পৰ| নাই চগাপাখি। অথচ এসময়ত খোল৷ খিৰিকীৰে এই বাটেদিয়েই নামিছিল মুঠি মুঠি জোনাক। সোণৰ পালেঙত তগবগাই দৌৰিছিল তেজাল সপোনৰ ঘোঁৰা। এই বাটেদিয়েই নামিছিল দিগন্ত বিয়পা নীলিমাৰ টুকুৰা। সেই খিৰিকীখন এতিয়া বন্ধ। বাহিৰৰ বতাহজাকে তাইৰ খবৰ ল’বলৈ বাৰে বাৰে বন্ধ খিৰিকীত খুন্দা মাৰিছে। জোনবাইজনীয়ে তাইলৈ জুমি চাইছে। তাইৰ শূন্যতাৰ ওপৰত উবুৰি খাই পৰিছে ব্যভিচাৰৰ পৃথিৱী। {{gap}}“ মোৰ ক্ষুদ্ৰ পৃথিৱী, মোকেই কিয় ঠগিলি, কিয় মোৰ সৰল অংকবোৰত জটিল সূত্ৰ ঢালিলি?”, তাইৰ বিলাপত তাইৰ শৰীৰৰ পৰা মাংস খহে, খহি পৰে তাইৰ অতদিনৰ সঞ্চিত সম্ভাৰ। {{gap}}“এতিয়াও কি বাকী আছে মোৰ? নিজৰ বুলিবলৈ অকণমান অহংকাৰ বাকী আছেগৈনে? আছেনে আত্মত্যাগৰ ক্ষমতা?” {{gap}}কোনোবাই সোঁৱৰায় তাইক, এয়াতো শাশ্বত সত্য। এয়াতো প্রকৃতিৰো সূত্ৰ। কোনে কয় মানুহ একগামী? মানুহ দেখোন স্বভাৱগতভাৱেই বহুগামী ৷ মানুহক কপৌৰ সতে তুলনা কৰা নাযায়। ধনেশ পক্ষীৰ দৰে একসুৰীয়া প্রেমৰ গীত নাগায় {{gap}}মানুহে। হলৌ-বান্দৰৰ দৰে সম্পর্কৰ বন্দিত্বৰে মানুহৰ সম্পর্কবোৰ আস্থায়িত নহয়। মানুহ প্রকৃতিগতভাৱেই বহুগামী। তেতিয়াহলেনো আল্ট্ৰাছৰ ভুল ক’ত? মানুহে কৰিব বিচৰা কামেইতো কৰিছে আল্ট্ৰাছে, অথচ মানৱজাতিৰ এই সহজাত আচৰণত কিয় কষ্ট পায় তাই? {{gap}}প্রশ্নবোৰে পকনীয়াৰ ৰূপ লয়। সেই পকনীয়াত জাহ যায় কিছু বিভ্ৰান্তি। সহনশীলতাৰ পৰীক্ষা কৰি তাইৰ মনটোক উত্তৰবোৰ দাঙি ধৰে। {{gap}}“ইয়াৰ মাজতে সমাজৰ সৃষ্টি হ’ল। সৃষ্টিৰ স্বাৰ্থত পৰিয়াল সৃষ্টি হ’ল। প্ৰৱৰ্তন হ’ল বিবাহ ব্যৱস্থাৰ। বিবাহ ব্যৱস্থাই সম্পৰ্কবোৰ মজবুত কৰিলে। আস্থা বাঢ়িল, বাঢ়িল প্ৰেমৰ দৰে স্বর্গীয় অনুভূতি। {{gap}}এৰা। প্ৰেমেই অন্ত পেলালে বহুগামিতাৰ। একমাত্ৰ প্ৰেমেই মানুহক পৃথক কৰি আনিলে আদিমতাৰ জগতৰ পৰা। প্ৰেমত মগ্ন হৈ মানুহে কবিতা ৰচিলে, সুৰ দিলে, সুৰবোৰে আত্মা জুৰ পেলালে, আত্মাই বিশালতাৰ সূত্ৰ শিকালে। {{gap}}বিশালতা! {{gap}}শূন্য এটাৰ দৰে গোল গোল উত্তৰবোৰ বাগৰি আহি তাইৰ ভৰিত থমকি ৰ’ল। বিশালতা আৰু শূন্যতাৰ সম্পৰ্ক মহাজাগতিক সম্পৰ্ক। শূন্যতাবোৰ আঁকোৱালি লৈও আকাশখন বিশাল। একেই শূন্যতাখিনি বুকুত সাৱটি ধৰিও বিশাল হৈ উঠিব নোৱাৰিবনে তাই? প্ৰেমৰ হাজাৰ ৰঙৰ ত্যাগেৰে শুকুলা হৈ নুঠিবনে তাই? {{gap}}প্রেম হেনো বহুৰঙী। কেতিয়াবা প্রেমৰ ৰং সেউজীয়া, যেতিয়া হৈ থাকে ই আস্থাৰ প্রতীক। কোনো এদিন প্রেমৰ ৰং ৰঙা, তেতিয়া ই আকুলতাৰ প্রতীক। এই সময়ত প্ৰেমৰ ৰং হালধীয়া, ই এতিয়া ত্যাগৰ প্রতীক। কেতিয়াবা প্ৰেমৰ ৰং নীলা, ই তেতিয়া বিৰহৰ প্রতীক ৷ যেতিয়া প্ৰেমৰ ৰং বেঙুনীয়া, তেতিয়া ই জটিলতাৰ প্রতীক হৈ পৰা এক উন্মাদনা।<noinclude></noinclude> enaoie26fnelf015ca1o3uztcta37wn সূচী:নীতি-শিক্ষা.pdf 106 64970 194292 193563 2024-11-08T18:44:35Z অনামিকা(চুমু) বড়া 1609 194292 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=নীতি-শিক্ষা |Language=as |Volume= |Author=পদ্মনাথ গোহাঞি বৰুৱা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=লীলা এজেঞ্চি |Address=তেজপুৰ |Year=1897 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=T |Pages=<pagelist 1="বেটুপাত" 2="প্ৰথম পৃষ্ঠা" 3="মুদ্ৰণ" 4="ছবি" 5="উছৰ্গা" 6to7="পাতনি" 8to9="সূচীপত্ৰ" 10="1" /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header={{rh||নীতি-শিক্ষা|}} |Footer= }} g4wu6mbhuw6irl9u1t0cvnadaz1n4nw পৃষ্ঠা:নীতি-শিক্ষা.pdf/৭০ 104 71245 194291 194098 2024-11-08T18:43:48Z অনামিকা(চুমু) বড়া 1609 /* বৈধকৰণ হৈছে */ 194291 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" />{{rh|৬০|নীতি-শিক্ষা|}}</noinclude>{{center|{{Xx-larger|'''৬। আধ্যা।'''}}}} {{center|⸺:✷:⸺}} {{center|{{X-larger|'''স্বাস্থ্য।'''}}}} {{gap}}শৰীৰৰ নিৰোগী অৱস্থাক স্বাস্থ্য বোলে। স্বাস্থ্য থাকিলে মানুহৰ গাত বল আৰু উৎসাহ থাকে। এই বল আৰু উৎসাহৰ গুণেৰে মানুহ ধনী, মানী, আৰু সুখীয়া হব পাৰে। {{gap}}যাৰ স্বাস্থ্য নাই, তাৰ একোৱেই নাই! তাৰ গাত বল নাই, তাৰ অন্তৰত শান্তি নাই, তাৰ মনত উৎসাহ নাই। গতিকে ধন, মান, সুখ তাৰ একোৱেই নাই। তাৰ মন দুখেৰে ভৰা; তাৰ শৰীৰ এটা বলে নোৱাৰা শিলৰ নিচিনা। এতেকে, তুমি পাৰাঁমানে স্বাস্থ্য ৰাখিবলৈ যত্ন কৰিবাঁ। যি কাম কৰিলে স্বাস্থ্য ভাগি ৰোগ হয়, তেনে কাম তুমি কেতিয়াও নকৰিবাঁ। {{gap}}স্বাস্থ্য ৰাখিবলৈ হলে তুমি ঘাইকৈ এই বিলাক কথা মনত ৰাখিবাঁ। যেনে, —তোমাৰ থকা ঘৰ শুকান আৰু ফৰকাল হব লাগে, তোমাৰ শোৱা খোঁটালীলৈ বতাহৰ চলাচল থাকিব লাগে; তুমি নিতৌ গা ধুই চাফ্‌-চিকণ হৈ থাকিবাঁ, তুমি সদায় নিকা কাপোৰ পিন্ধিবাঁ, তিতা বা সেমেকা কাপোৰ পিন্ধি সৰহ পৰ নাথাকিবাঁ, তুমি সদায় জোখাকৈ আহাৰ কৰিবাঁ; বাৰেমছল৷ দিয়া আঞ্জা পেটলৈ ভাল নহয়, তেনে আঞ্জা তুমি সৰহকৈ<noinclude></noinclude> 3gr62qrufwoz8wnonn9tjvlw4iory71 পৃষ্ঠা:সীতা.pdf/২৪ 104 71348 194285 2024-11-08T17:58:12Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 194285 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|১৪|সীতা|[২য় অ হয় দৃ}}</noinclude> {{center|২য় দৃশ্য—বাল্মিকিৰ আশ্ৰম!}} {{center|(সীতা আৰু নিবেদিতা)}} {{playscript|gap=6|সীতা—|নিবেদিতা, সেই “নেলাগে বজাব” গীতটি গোৱাচোন।}} {{playscript|gap=6|নিবেদিতা—|মই নেগাওঁ দেবি।}} {{playscript|gap=6|সীতা—|গোৱা নিবেদিতা, নহলে মই বেয়া পাম।}} {{playscript|gap=6|নিবেদিতা—|সেই গীতটো শুনি তোমাক কন্দা দেখিলে ময়ো বেয়া পাওঁ।}} {{playscript|gap=6|সীতা—|মই বাৰু নেকান্দো তুমি গোৱাঁ। গোৱাঁ নিবেদিতা।}} {{playscript|gap=6|নিবেদিতা—|তুমি সচাকৈৰে নেকান্দো বুলিলেহে ম‍ই গাম।}} {{playscript|gap=6|সীতা—|নেকান্দো বাৰু।}} {{playscript|gap=6|নিবেদিতা—|সচাকৈয়েনে?}} {{playscript|gap=6|সীতা—|সচাকৈয়ে ম‍ই নেকান্দো, তুমি গোৱাঁ।}} {{center|(নিবেদিতাৰ গীত)}} {{Block center|<poem>নেলাগে বজাব মধুৰ বাগিণী ::::অমিয়া বৰষা সুৱদি গান বুলোৱাঁ বীণত কৰুণ কপনি ::::নামক নিজৰি লোতক বান মনে যতনেৰে অকা ছখিনি নিঠুৰ দিঠকে দিলে ভাঙি ছিঙি মনৰে চানেকি লই বাৰে বাৰে ::::নোখোজে থাকিব প্ৰাণ।</poem>}}<noinclude></noinclude> 9zj75ocz9zm14x2nsgjqs0usw4jmq0v পৃষ্ঠা:সীতা.pdf/২৯ 104 71349 194286 2024-11-08T18:07:42Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 194286 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>{{center|{{X-larger|'''তৃতীয় অঙ্ক'''}}}} {{center|<poem>{{larger|১ম দৃশ্য- বাল্মিকিৰ আশ্ৰম।}} (বাল্মিকি, লৱ আৰু কুশ)</poem>}} {{playscript|gap=6|বাল্মিকি—|বুজিলানে পুত্ৰ?}} {{playscript|gap=6|লৱ—|হয় দেৱ, পুথিৰ ৰামজন আপোনাৰ ভাবৰ ৰাম! ৰত্নাকৰ দুস্যই যাৰ নাম লৈছিল সেইজন কোন ৰাম?}} {{playscript|gap=6|বাল্মিকি—|সেইজন জগতৰ পাপীক উদ্ধাৰ কৰা, মোৰ তাৰক ৰাম বাচা।}} {{playscript|gap=6|লৱ—|সেইজন তাৰক ৰাম। অযোধ্যাৰ যে ৰজা সেইজন?}} {{playscript|gap=6|কুশ—|হয়, সীতাক যে বনবাস দিছিলে সেইটো কোন ৰাম?}} {{playscript|gap=6|বাল্মিকি—|অযোধ্যাৰঞ্জন পালক ৰাম ৰজা ৰাম।}} {{playscript|gap=6|লৱ—|তেন্তে এতিয়া তিনিজন ৰাম হ’ল। আপোনাৰ ভাবৰ ৰাম, তাৰক ৰাম আৰু পালক ৰাম; নহয়নে পিতা?}} {{playscript|gap=6|কুশ—|ৰ’বা, আৰু এজন আছে আমাৰ মাতৃয়ে যে পূজা কৰে সেইজন কোন ৰাম?}} {{playscript|gap=6|বাল্মিকি—|সেইজন ত্যাগী ৰাম।}} {{playscript|gap=6|লৱ—|তেন্তে চতুৰ্থজন ত্যাগী ৰাম। বাৰু পিতা চাৰিউজনৰ একেটা নাম হ’ল কিয়?}} {{playscript|gap=6|বাল্মিকি—|নিগুণাত্মকৰ ভেদ বিভাগে পূৰ্ণ গুণ বিকাশৰ নিমিত্তে।}} {{playscript|gap=6|লৱ—|বুজিব নোৱাৰিলো পিতা, বুজাই দিয়ক।}}<noinclude></noinclude> 40k3192ik37fq2lqu76bets4qu4zcxe পৃষ্ঠা:সীতা.pdf/৩১ 104 71350 194287 2024-11-08T18:14:37Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 194287 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|৩য় অ ১ম দৃ]|সীতা|২১}}</noinclude> {{playscript|gap=6|সীতা—|কিমান দিন হ’ব পিতা?}} {{playscript|gap=6|বাল্মিকি—|মই শীঘ্ৰে আহিম। ৰামে অশ্বমেধ আয়োজন কৰিছে, তাতো উপস্থিত থাকিব লাগিব।}} {{playscript|gap=6|সীতা—|ৰঘুপতিয়ে যজ্ঞ আয়োজন কৰিছে? কিন্তু, পিতা—সহধৰ্ম্মিণী নহলে বোলে অশ্বমেধ কৰিব নোৱাৰে।}} {{playscript|gap=6|বাল্মিকি—|ৰামে বিধি মতে কাৰ্য্য কৰিব দেবি।}} {{playscript|gap=6|সীতা—|তেন্তে, সেই ভাগ্যৱতীজনা কোন পিতা?}} {{playscript|gap=6|বাল্মিকি—|তুমি সতি।}} {{playscript|gap=6|সীতা—|আপোনাৰ মুখত উপহাস শোভা নেপায় পিতা।}} {{playscript|gap=6|বাল্মিকি—|{{gap}}সত্য কথা, নোহে উপহাস। :দেবি, :সীতা বিনে অন্য নাৰী নেজানে শ্ৰীৰামে। :কনক মুৰুতি সাজি সতী জানকীৰ :বিধি মতে স্থাপি তাক তোমাৰ স্থানত :সেইৰূপে অশ্বমেধ যজ্ঞ সমাপন :কৰিব অযোধ্যাপতি নৃপতি ৰাঘবে। দেবি, মই এতিয়া যাত্ৰাৰ নিমিত্তে প্ৰস্তুত হঁওগৈ। ( গৈ গৈ ) :সুবৰ্ণ নিৰ্ম্মিত সেই সীতাৰ প্ৰতিমা :ৰামৰ প্ৰেমত হ’ব জীৱন-সম্ভূতা।}} {{center|(দুয়োৰো দুফালে প্ৰস্থান)}} {{center|⸻}}<noinclude></noinclude> pygxzyt3zh4rs3qo50sf5mztqmydjj1 পৃষ্ঠা:সীতা.pdf/৩২ 104 71351 194288 2024-11-08T18:24:30Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 194288 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|২২|সীতা|[৩য় অ ২য় দৃ}}</noinclude> {{center|<poem>২য় দৃশ্য—বাল্মিকিৰ অশ্ৰম [সীতা আৰু নিবেদিতা] (নিবেদিতাৰ গীত)</poem>}} {{Block center|<poem>{{gap|4em}}ফুলৰে তৰণি নাই, পাহি কুমলীয়া {{gap|4em}}হাঁহে মিচিকীয়া {{gap|4em}}কিহৰে বতৰা পাই। আহিছে মলয়া {{gap|4em}}ৰেণু মেলি দিয়া {{gap|4em}}দেহা শাঁতে কৰি যায়, কুলি কেতেকীয়ে {{gap|4em}}মাতে ঠেৱে ঠেৱে {{gap|4em}}নাচিছে পখিলা বাই।</poem>}} {{playscript|gap=6|সীতা—|এইটো দেখোন নতুন গীত, আগেয়ে শুনোৱা নাই কিয়?}} {{playscript|gap=6|নিবেদিতা—|কালিহে শিকিছো; আজি শুনাইছোৱেই নহয়।}} {{center|(লৱ আৰু কুশৰ প্ৰবেশ)}} {{playscript|gap=6|লৱ—|মাতা আশীৰ্ব্বাদ কৰাঁ।}} {{playscript|gap=6|কুশ—|সোনকালে মাতৃ, সোনকালে।}} {{playscript|gap=6|সীতা—|এতিয়া আকৌ কিয় আশীৰ্ব্বাদ লগা হ’ল?}} {{playscript|gap=6|কুশ—|আগেয়ে কৰাচোন বাৰু।}} {{playscript|gap=6|সীতা—|কৰিছো বাৰু, কুশল হওক।}} {{playscript|gap=6|কুশ—|সেইদৰে নহয় জয় হৰি বোলাঁ।}} {{playscript|gap=6|সীতা—|জয়ৰ আশীৰ্ব্বাদ কিছু লাগে বাচাহঁত?}} {{playscript|gap=6|লৱ—|কৰাচোন বাৰু।}}<noinclude></noinclude> 43tvj1dzw5zey4q2r5qconh46mgo8ux পৃষ্ঠা:সীতা.pdf/৩৩ 104 71352 194289 2024-11-08T18:37:15Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 194289 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|৩য় অ ২য় দৃ]|সীতা|২৩}}</noinclude>{{playscript|gap=6|কুশ—|বেলি নকৰিবাঁ, বোলাঁ আই, জয় হৰি বোলাঁ।}} {{playscript|gap=6|সীতা—|বিজয়ী হোৱাঁ।}} {{playscript|gap=6|লৱ—|আমি আহিছো আই। (কুশক) আহা। {{gap}}(দুয়োৰে প্ৰস্থান)}} {{playscript|gap=6|সীতা—|কি কথা কৈ যোৱাঁ মোক।}} {{playscript|gap=6|লৱ—|(গৈ গৈ) ৰামৰ যজ্ঞ ঘোৰা ধৰিছো—যুদ্ধ—যুদ্ধ।}} {{playscript|gap=6|সীতা—|শুনি যোৱাঁ, শুনি যোৱাঁ, শুনা বাচাহঁত।}} {{playscript|gap=6|দূৰত কুশ—|পাচত মাতৃ, পাচত।}} {{playscript|gap=6|সীতা—|কি হ’ব—মই কি কৰোঁ নিবেদিতা! (দুয়োৰে বেগেৰে প্ৰস্থান)}} {{center|<poem>{{larger|দৃশ্যান্তৰ—আশ্ৰমৰ অন্য এভাগ।}} (লৱ, কুশ আৰু সসৈন্যে শত্ৰুঘ্ন)</poem>}} {{playscript|gap=6|লৱ—|যুদ্ধ কৰাঁ, জিকি ঘোৰা নিয়া।}} {{playscript|gap=6|কুশ—|মৰম কৰি দেখুৱাব নেলাগে।}} {{playscript|gap=6|শত্ৰুঘ্ন—|তোমালোকৰ সৈতে কি যুদ্ধ কৰিম? যজ্ঞৰ ঘোৰা, এৰি দিয়া বাচাহঁত {{gap}}(ঘোৰাৰ বান্ধ সোলোকাব খোজে)}} {{playscript|gap=6|লৱ—|সাৱধান শত্ৰুঘ্ন, ঘোৰা নুচুবাঁ—আঁতৰি যোৱাঁ।}} {{playscript|gap=6|কুশ—|তুমি কাপুৰুষনেকি? যুদ্ধ কৰিব নেজানা হবলা?}} {{playscript|gap=6|শত্ৰুঘ্ন—|তেন্তে তোমালোকে বিনা যুদ্ধে—}} {{playscript|gap=6|লৱ—|হয়, ঘোৰা নিদিওঁ। প্ৰস্তুত হোৱা।}} {{playscript|gap=6|শত্ৰুঘ্ন—|উত্তম।}} {{playscript|gap=6|লৱ—|উত্তম, আমি প্ৰস্তুত।}} {{center|(যুদ্ধ— শত্ৰুঘ্নৰ পৰাজয় আৰু মৃত্যু)}} {{center|⸻}}<noinclude></noinclude> oe15lkpbga3zfjjruyvn47h0bnrwm8h 194290 194289 2024-11-08T18:37:45Z JyotiPN 1603 194290 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|৩য় অ ২য় দৃ]|সীতা|২৩}}</noinclude>{{playscript|gap=6|কুশ—|বেলি নকৰিবাঁ, বোলাঁ আই, জয় হৰি বোলাঁ।}} {{playscript|gap=6|সীতা—|বিজয়ী হোৱাঁ।}} {{playscript|gap=6|লৱ—|আমি আহিছো আই। (কুশক) আহা। {{gap}}(দুয়োৰে প্ৰস্থান)}} {{playscript|gap=6|সীতা—|কি কথা কৈ যোৱাঁ মোক।}} {{playscript|gap=6|লৱ—|(গৈ গৈ) ৰামৰ যজ্ঞ ঘোৰা ধৰিছো—যুদ্ধ—যুদ্ধ।}} {{playscript|gap=6|সীতা—|শুনি যোৱাঁ, শুনি যোৱাঁ, শুনা বাচাহঁত।}} {{playscript|gap=6|দূৰত কুশ—|পাচত মাতৃ, পাচত।}} {{playscript|gap=6|সীতা—|কি হ’ব—মই কি কৰোঁ নিবেদিতা! {{gap}}(দুয়োৰে বেগেৰে প্ৰস্থান)}} {{center|⸻}} {{center|<poem>{{larger|দৃশ্যান্তৰ—আশ্ৰমৰ অন্য এভাগ।}} (লৱ, কুশ আৰু সসৈন্যে শত্ৰুঘ্ন)</poem>}} {{playscript|gap=6|লৱ—|যুদ্ধ কৰাঁ, জিকি ঘোৰা নিয়া।}} {{playscript|gap=6|কুশ—|মৰম কৰি দেখুৱাব নেলাগে।}} {{playscript|gap=6|শত্ৰুঘ্ন—|তোমালোকৰ সৈতে কি যুদ্ধ কৰিম? যজ্ঞৰ ঘোৰা, এৰি দিয়া বাচাহঁত {{gap}}(ঘোৰাৰ বান্ধ সোলোকাব খোজে)}} {{playscript|gap=6|লৱ—|সাৱধান শত্ৰুঘ্ন, ঘোৰা নুচুবাঁ—আঁতৰি যোৱাঁ।}} {{playscript|gap=6|কুশ—|তুমি কাপুৰুষনেকি? যুদ্ধ কৰিব নেজানা হবলা?}} {{playscript|gap=6|শত্ৰুঘ্ন—|তেন্তে তোমালোকে বিনা যুদ্ধে—}} {{playscript|gap=6|লৱ—|হয়, ঘোৰা নিদিওঁ। প্ৰস্তুত হোৱা।}} {{playscript|gap=6|শত্ৰুঘ্ন—|উত্তম।}} {{playscript|gap=6|লৱ—|উত্তম, আমি প্ৰস্তুত।}} {{center|(যুদ্ধ— শত্ৰুঘ্নৰ পৰাজয় আৰু মৃত্যু)}} {{center|⸻}}<noinclude></noinclude> fykhr6fhwxlf5m7ezpeaxw4bbt6tdzy পৃষ্ঠা:সীতা.pdf/৩৪ 104 71353 194293 2024-11-08T18:51:56Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 194293 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|২৪|সীতা|[৩য় অ ৩য় দৃ}}</noinclude> {{center|<poem>৩য় দৃশ্য-বাল্মিকিৰ কুটিৰ। [ভূমি লুণ্ঠিতা সীতা] (বাল্মিকিৰ প্ৰবেশ)</poem>}} {{playscript|gap=6|বাল্মিকি—|দেবি জানকি।}} {{playscript|gap=6|সীতা—|(কান্দি) পিতা, পিতা, সৰ্ব্বনাশ হ’ল মোৰ। আপুনি নেথাকোতেই লৱ কুশই—}} {{playscript|gap=6|বাল্মিকি—|মই সকলো জানো। উঠা সতি।}} {{playscript|gap=6|সীতা—|মোৰ, মোৰ পিতা (কান্দে)}} {{playscript|gap=6|বাল্মিকি—|উঠা বিষাদ ত্যাগ কৰাঁ। (তুলি দিয়ে) তোমাৰ ভাগ্য বলৰে শ্ৰীৰামৰ একো অমঙ্গল হোৱা নাই।}} {{playscript|gap=6|সীতা—|মোক এনেয়ে কিয় প্ৰবোধ দিছে পিতা—}} {{playscript|gap=6|বাল্মিকি—|সত্য কথা। চাৰি ভ্ৰাতা এতিয়া পুনৰ্জীবীত। ম‍ই চিত্ৰকুটতে ধ্যান-বলত, যজ্ঞৰ ঘোৰাৰ বাবে, লৱ কুশৰ লগত শ্ৰীৰামৰ যুদ্ধৰ কথা জানিব পাৰি শীঘ্ৰে উভতি আহিছো। কেউজন এতিয়া সুস্থ শৰীৰেৰে অযোধ্যালৈ উভতি গৈছে। তুমি শোক নকৰিবাঁ সতি।}} {{playscript|gap=6|সীতা—|পিতা—}} {{playscript|gap=6|বাল্মিকি—|হয় দেখি, তুমি অবিধৰা, ভাগ্যৱতী। (ৰৈ) দেবি জানকি।}} {{playscript|gap=6|সীতা—|পিতা?}} {{playscript|gap=6|বাল্মিকি—|মোৰ অনুৰোধ ৰক্ষা কৰিবানে?}} {{playscript|gap=6|সীতা—|আদেশ কৰক দেৱ।}} {{playscript|gap=6|বাল্মিকি—|তুমি যাব লাগিব আকৌ—অযোধ্যালৈ।}} {{playscript|gap=6|সীতা—|সেই কথা নহয় পিতা। অয্যোধাই মোক নিচিনে, ৰঘুপতিয়ে মোক নিবিচাৰে, পাহৰিলে।}}<noinclude></noinclude> cv1bv7eo22bbe71m0es4ub21v742l9k পৃষ্ঠা:সীতা.pdf/৪ 104 71354 194296 2024-11-08T19:05:09Z JyotiPN 1603 /* মুদ্ৰণ সংশোধিত */ " {{Float left|প্ৰকাশক – লিখক<br/> যোৰহাট, অসম।}} {{Css image crop |Image = সীতা.pdf |Page = 4 |bSize = 423 |cWidth = 65 |cHeight = 38 |oTop = 161 |oLeft = 180 |Location = center |Description = }} {{center|—এই কিতাপৰ মূল্য—}} {{center|{{X-larger|'''৷৹'''}}}} {{Css image crop |Image = সীতা.pdf |Page = 4 |bSize = 423 |cWidth = 98 |cHeig..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 194296 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{Float left|প্ৰকাশক – লিখক<br/> যোৰহাট, অসম।}} {{Css image crop |Image = সীতা.pdf |Page = 4 |bSize = 423 |cWidth = 65 |cHeight = 38 |oTop = 161 |oLeft = 180 |Location = center |Description = }} {{center|—এই কিতাপৰ মূল্য—}} {{center|{{X-larger|'''৷৹'''}}}} {{Css image crop |Image = সীতা.pdf |Page = 4 |bSize = 423 |cWidth = 98 |cHeight = 65 |oTop = 249 |oLeft = 182 |Location = center |Description = }} {{center|{{X-larger|'''চাৰি অনা।'''}}}} {{Float right|<poem>যোৰহাটৰ দৰ্পণ প্ৰেচত শ্ৰীনিত্যানন্দ শৰ্ম্মাৰ দ্বাৰা ছপা কৰা হ’ল।</poem>}}<noinclude></noinclude> piw8cd0qtexo4crb2p097p3s81k8ygm 194297 194296 2024-11-08T19:06:00Z JyotiPN 1603 194297 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{Float left|প্ৰকাশক – লিখক<br/> যোৰহাট, অসম।}} {{Dhr|2em}} {{Css image crop |Image = সীতা.pdf |Page = 4 |bSize = 423 |cWidth = 65 |cHeight = 38 |oTop = 161 |oLeft = 180 |Location = center |Description = }} {{center|—এই কিতাপৰ মূল্য—}} {{center|{{X-larger|'''৷৹'''}}}} {{Css image crop |Image = সীতা.pdf |Page = 4 |bSize = 423 |cWidth = 98 |cHeight = 65 |oTop = 249 |oLeft = 182 |Location = center |Description = }} {{Dhr|2em}} {{center|{{X-larger|'''চাৰি অনা।'''}}}} {{Float right|<poem>যোৰহাটৰ দৰ্পণ প্ৰেচত শ্ৰীনিত্যানন্দ শৰ্ম্মাৰ দ্বাৰা ছপা কৰা হ’ল।</poem>}}<noinclude></noinclude> 7wgp15b5oj171dyiqf9rdjoh0xgxr9e 194298 194297 2024-11-08T19:07:49Z JyotiPN 1603 194298 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{Float left|প্ৰকাশক – লিখক<br/> যোৰহাট, অসম।}} {{Dhr|6em}} {{center|{{Css image crop |Image = সীতা.pdf |Page = 4 |bSize = 423 |cWidth = 65 |cHeight = 38 |oTop = 161 |oLeft = 180 |Location = center |Description = }}}} {{center|<poem>—এই কিতাপৰ মূল্য—}} {{X-larger|'''৷৹'''}}</poem>}} {{Css image crop |Image = সীতা.pdf |Page = 4 |bSize = 423 |cWidth = 98 |cHeight = 65 |oTop = 249 |oLeft = 182 |Location = center |Description = }} {{Dhr|6em}} {{center|{{X-larger|'''চাৰি অনা।'''}}}} {{Float right|<poem>যোৰহাটৰ দৰ্পণ প্ৰেচত শ্ৰীনিত্যানন্দ শৰ্ম্মাৰ দ্বাৰা ছপা কৰা হ’ল।</poem>}}<noinclude></noinclude> qxcmxce6el7a0mc35pq574ow6fqo50z 194299 194298 2024-11-08T19:08:29Z JyotiPN 1603 194299 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{Float left|প্ৰকাশক – লিখক<br/> যোৰহাট, অসম।}} {{Dhr|6em}} {{center|{{Css image crop |Image = সীতা.pdf |Page = 4 |bSize = 423 |cWidth = 65 |cHeight = 38 |oTop = 161 |oLeft = 180 |Location = center |Description = }}}} {{center|—এই কিতাপৰ মূল্য—}} {{center|{{X-larger|'''৷৹'''}}}} {{Css image crop |Image = সীতা.pdf |Page = 4 |bSize = 423 |cWidth = 98 |cHeight = 65 |oTop = 249 |oLeft = 182 |Location = center |Description = }} {{center|{{X-larger|'''চাৰি অনা।'''}}}} {{Dhr|4em}} {{Float right|<poem>যোৰহাটৰ দৰ্পণ প্ৰেচত শ্ৰীনিত্যানন্দ শৰ্ম্মাৰ দ্বাৰা ছপা কৰা হ’ল।</poem>}}<noinclude></noinclude> mb4r6h0m7x9t537k2xjzq188d0519lj 194300 194299 2024-11-08T19:09:43Z JyotiPN 1603 194300 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{Float left|প্ৰকাশক – লিখক<br/> যোৰহাট, অসম।}} {{Dhr|6em}} {{center|{{Css image crop |Image = সীতা.pdf |Page = 4 |bSize = 423 |cWidth = 65 |cHeight = 38 |oTop = 161 |oLeft = 180 |Location = center |Description = }}}} {{center|—এই কিতাপৰ মূল্য—}} {{center|{{X-larger|'''৷৹'''}}}} {{Css image crop |Image = সীতা.pdf |Page = 4 |bSize = 423 |cWidth = 98 |cHeight = 65 |oTop = 249 |oLeft = 182 |Location = center |Description = }} {{center|{{X-larger|'''চাৰি অনা।'''}}}} {{Dhr|4em}} {{Right|<poem>যোৰহাটৰ দৰ্পণ প্ৰেচত শ্ৰীনিত্যানন্দ শৰ্ম্মাৰ দ্বাৰা ছপা কৰা হ’ল।</poem>}}<noinclude></noinclude> 8exa5amzcmuxe5vt25qu0qykzpy7k9n পৃষ্ঠা:সীতা.pdf/৭ 104 71355 194302 2024-11-08T19:18:12Z JyotiPN 1603 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 194302 proofread-page text/x-wiki <noinclude><pagequality level="1" user="JyotiPN" /></noinclude>{{center|উৎসৰ্গা}} {{center|⸻✷০✷⸻}} {{Dhr|2em}} {{Block center|<poem>ওঁ মম ব্ৰতে হৃদয়ং দধামি মম চিত্তমনুচিত্তম্‌ তেহস্তু মম বাচমেকমনা জুষস্ব প্ৰজাপতি স্ত্বা নিযুনক্তু মহ্যম্‌॥✷॥</poem>}} {{center|✷}} {{Dhr|2em}} {{center|<poem>কল্যাণীয়া শ্ৰীমতী নিৰ্ম্মলা দেবীৰ হাতত।</poem>}} {{center|✷}} {{Dhr|2em}} {{Block center|<poem>::::মোৰ জীৱনৰ লক্ষ্য, ব্ৰতত ::::তোমাৰো হৃদয় মিলক সতত চিত্তে বাক্যে বিদ্যা বিবেকে, মোৰ যিটি পথ তুমিও ল’বাঁ প্ৰজাপতিৰ চৰণ ধূলাৰে তুমি মোৰে সতে অভিন্ন হ’বা॥✷॥</poem>}}<noinclude></noinclude> k6f05u0920mly4y9sujhl201ftxkqbr 194303 194302 2024-11-08T19:18:52Z JyotiPN 1603 194303 proofread-page text/x-wiki <noinclude><pagequality level="1" user="JyotiPN" /></noinclude>{{center|উৎসৰ্গা}} {{center|⸻✷০✷⸻}} {{Dhr|2em}} {{Block center|<poem>ওঁ মম ব্ৰতে হৃদয়ং দধামি মম চিত্তমনুচিত্তম্‌ তেহস্তু মম বাচমেকমনা জুষস্ব প্ৰজাপতি স্ত্বা নিযুনক্তু মহ্যম্‌॥✷॥</poem>}} {{center|✷}} {{Dhr|2em}} {{center|<poem>কল্যাণীয়া শ্ৰীমতী নিৰ্ম্মলা দেবীৰ হাতত।</poem>}} {{center|✷}} {{Dhr|2em}} {{Block center|<poem>::::::মোৰ জীৱনৰ লক্ষ্য, ব্ৰতত ::::::তোমাৰো হৃদয় মিলক সতত চিত্তে বাক্যে বিদ্যা বিবেকে, মোৰ যিটি পথ তুমিও ল’বাঁ প্ৰজাপতিৰ চৰণ ধূলাৰে তুমি মোৰে সতে অভিন্ন হ’বা॥✷॥</poem>}}<noinclude></noinclude> entuqsxb5hg3ejhvzaod6028x9caizf পৃষ্ঠা:সীতা.pdf/৯ 104 71356 194304 2024-11-08T19:20:08Z JyotiPN 1603 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 194304 proofread-page text/x-wiki <noinclude><pagequality level="1" user="JyotiPN" /></noinclude>{{Css image crop |Image = সীতা.pdf |Page = 9 |bSize = 423 |cWidth = 317 |cHeight = 378 |oTop = 42 |oLeft = 66 |Location = center |Description = }}<noinclude></noinclude> 35h6artzv410h8zuz0ymv3x6ljltu28 পৃষ্ঠা:সীতা.pdf/২৮ 104 71357 194305 2024-11-08T19:21:53Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ " লক্ষ্মণ— ৰাম— লক্ষ্মণ, যোৱা পূৰ্ণ কৰা অভীষ্ট মনৰ । (বিষাদেৰে ) সীতাৰ স্মৃতিও আজি হ'ল নিৰ্ব্বাসিত । যিবা আজ্ঞা, বিদায় মাগিছো প্রভু। ( যাব খোজে ) ক্ষন্তেক অপেক্ষা করা,..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 194305 proofread-page text/x-wiki <noinclude><pagequality level="1" user="JyotiPN" />{{rh|১৮|সীতা|[২য় অ ৩য় দৃ}}</noinclude> লক্ষ্মণ— ৰাম— লক্ষ্মণ, যোৱা পূৰ্ণ কৰা অভীষ্ট মনৰ । (বিষাদেৰে ) সীতাৰ স্মৃতিও আজি হ'ল নিৰ্ব্বাসিত । যিবা আজ্ঞা, বিদায় মাগিছো প্রভু। ( যাব খোজে ) ক্ষন্তেক অপেক্ষা করা, শুনা, বিস্ময়ৰ হওক ভঞ্জন । ৰক্ত মাংসে গঢ়া কোনো নাৰী ৰুতিক প্রেম প্রীতি ভাবে ভৰা কোনো ৰমণীক নতুবা যৌবন পূর্ণা কোনো ৰূপসীক ৰাঘবে নিদিয়ে স্থান সীতাৰ স্থানত, হিয়া মোৰ আছে ভবি সীতা সৌৰভেৰে । সেই সীতা, সেই স্মৃতি, সেই মোৰ ধ্যান মুৰুতিক দিবা নিশি জৰা যোৰ অশ্ৰুবে ধুৱাই নিজৰ হাতেৰে মই সুবৰ্ণত কৰিম প্ৰকাশ । সুবর্ণ প্রতিমা সেই দেবী জানকীৰ অস্তৰ ভাবৰ মোৰ নবীন বিকাশ, সেই মুৰুতিক ৰামে কৰিব বিবাহ নোহে অন্য কোনো যানবীক । বিৰাজিব সেই সীতা, স্বৰ্ণ-সীতা ৰামৰ কাষত অশ্বমেধ হ'ব সমাপন, আৰু পূৰ্ণ হ'ব মোৰ দেবি-আৰাধন । 10071<noinclude></noinclude> 7fpshc0gbbsryrwkk67rzvglb9nnxcy