ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.44.0-wmf.3
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮৩
104
8199
194531
194492
2024-11-15T13:06:12Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
194531
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||তুংখুঙ্গীয়া ফৈদৰ ধাৰাবাহিক ৰাজত্ব|৬৭}}</noinclude>
নষ্ট কৰিলে। ১৬১৫ শকৰ ভাদত আউনীআটীয়া বাপুক ধন ভাণ্ডি লৈ শদিয়াত থলে নি। আনো গোসাঁই-মহাজন, মেধি-মহন্ত সমস্তকে ধন ভাণ্ডি লৈ নিজ নিজ সত্ৰৰপৰা উচ্ছন্ন কৰি নামৰূপ, টোকোলাই, চেউনী আদি ঠাইত নিলগাই পাতি পুৰণি সত্ৰাদি জুই দি পুৰিলে।"<ref>শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ "তুংখুঙ্গীয়া বুৰঞ্জী";২৬-২৭ পৃষ্ঠা।</ref>
{{gap}}'''মুছলমানৰ ১৪ শ বা শেহ আক্ৰমণ, বা ইটাখুলিৰ ৰণ''':-''শাসন পদ্ধতিৰ ভিতৰ-ব্যৱস্থা ঠিক কৰি লৈ উঠি, স্বৰ্গদেৱ গদাধৰসিংহই ডা-ডাঙ্গৰীয়া, ফা-ফুকন,বৰুৱা-ৰাজখোৱা আৰু বৰা-বুৰুকেৰে আলচ কৰি গুৱাহাটীৰ বঙ্গালক মাৰিবৰ যুগুতি কৰিলে। সেই অৰ্থে গড়গঞা ডাঙ্গৰীয়া, দিলিহিয়াল লাঙ্গি বুঢ়াগোহাঞি, সলাল গোহাঞি চেংখাম, দিহিঙ্গীয়া আলুন বৰবৰুৱা, পিকচাই হুলো ফুকন, লানমাখ্ৰ ফুকন, ভাটিৰ লানমাখ্ৰ বন্দৰ বৰফুকন, খামং পানীফুকন, চাৰিঙ্গীয়া খামৰাক ফুকন, আনো ৰাজখোৱা, হাজৰিকীয়া সকলেৰে ৰণ-যাত্ৰা কৰালে। সিবিলাকে পোনেই বাঁহবাৰী মাৰিলেগৈ। তাৰ পাচে কাজলী মাৰিলে। তাৰ পাচত আহোমৰ ৰণবল ভাগ ভাগ কৰি কুৰুৱা, সাউদৰ কোঁঠ, বৰনদীমুখ প্ৰভৃতি ভিন্ ভিন্ কোঁঠত খাপ দিয়ালে। এনেতে, মুছলমানৰ ৰণবলে গছ-নাও’ (পালত পানচৈ নাও) আনি বৰনৈমুখত ফেৰ পাতি লাগিলেহি। অসমীয়া ৰণুৱায়ো আন আন কোঁঠৰপৰা খেদি গৈ যোগ দিলে। মুছলমান ৰণুৱাই ঠাৱৰিব নোৱাৰি পলাবলৈ ধৰিলে। ইতিছেগতে আলুন বৰবৰুৱাই ইটাখুলি দখল কৰি ললে। মঞ্চুৰ খাঁ নবাবো ভাগি পলাল। অসমীয়া ৰণুৱাই পিচে পিচে খেদি নি মানহত ঠেকালেগৈ। পিতলীয়া বৰহিলৈ, বৰ-সৰু হিলৈ, আনো অস্ত্ৰ-শস্ত্ৰ অনেক পোৱা হ'ল। ধন-মানো, ঘোঁৰা, উট, বলধি, ম'হ বিস্তৰ পোৱা গ'ল। মুঠৰ ওপৰত, এই যুদ্ধত যিমান সম্ভাৰ পোৱা গ'ল, আগেয়ে কোনো যুদ্ধত ইমান পোৱা নাই। ১৬০৪ শকৰ শাওণত এই যুদ্ধ আহোমে জিনিলে। এয়ে অসমত মুছলমানৰো শেষ আক্ৰমণ। <ref>মিল-"তুংখুঙ্গীয়া বুৰঞ্জী",১৭ পৃষ্ঠা</ref>।
{{gap}}ইটাখুলি ৰণ-জয়ৰ ফলত লালুকসোলা বৰফুকনে চক্ৰান্তকৈ এৰি দিয়া গুৱাহাটী পুনৰুদ্ধাৰ কৰা হ'ল। ইয়াৰ পাচত আৰু মুছলমান সম্ৰাটে আহোম সম্ৰাটক জোকাবলৈ
সাহ কৰিব পৰা নাই। এই যুদ্ধৰ পৰিণতিয়ে গদাধৰসিংহ স্বৰ্গদেৱৰ বাহুবলৰ পৰিচয় ভাৰতৰ চৌদিশে বহুলকৈ বিস্তাৰ কৰে।
{{gap}}'''ডাঙ্গৰীয়া আৰু বিষয়াৰ ষড়যন্ত্ৰ''':-ইতিপূৰ্ব্বতে ডা-ভাঙৰীয়া আৰু বৰুৱা ফুকনাদি বিষয়াসকলে যি ষড়যন্ত্ৰ কৰি স্বৰ্গদেৱসকলৰ অকাল পতন ঘটাইছিল, সেই বিদ্ৰোহৰ ষড়যন্ত্ৰ তলে তলে উকাবৰ আগন্তুক দেখা গ’ল। কিন্তু, সেই কু-অভিসন্ধি কাৰ্যত ফলিয়াবলৈ নাপালে; স্বৰ্গদেৱ গদাধৰ সিংহই নিজ বাহুবল আৰু ৰাজনৈতিক জ্ঞানবলেৰে সেইবোৰ শাসনসংক্ৰান্ত অপায় দুপতীয়াতে মুচৰি জঁয় পেলাই নিষ্কণ্টক হৈ ললে। তাৰে গোটাচাৰেকৰ চমু বিবৃতি তলত দিয়া হ'ল :-
(ক) "১৬০৪ শকৰ ২৪ পুহত সম্ভেদ পোৱা গ'ল,বোলে, বন্দৰ বৰফুকনৰে ফুল<noinclude>{{Rule|}}</noinclude>
9jjkjhyevk7r0jppzoux1e5hlzojcb7
194532
194531
2024-11-15T13:06:52Z

{{gap}}(ক) "১৬০৪ শকৰ ২৪ পুহত সম্ভেদ পোৱা গ'ল,বোলে, বন্দৰ বৰফুকনৰে ফুল<noinclude>{{Rule|}}</noinclude>
a7vsx3whnsuolim0nchnpv6qz6crueq
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮৪
104
8200
194535
106400
2024-11-16T03:10:20Z
অঞ্জুমণি শইকীয়া
3795
194535
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Joli" /></noinclude>{{rh|||}}৬৮
{{rh|||}}{{center|অসমৰ বুৰঞ্জী}}'''গাঢ় পাঠ্য'''
বৰুৱাৰ পুতেক পানীফুকনৰে মন বিধাৰণ।' স্বৰ্গদেৱৰ অনুজ্ঞা অনুসৰি বৰফুকন আৰু পানীফুকনক গুৱাহাটীৰপৰা ধৰাই গড়গাওঁ নগৰলৈ অনোৱা হ'ল। দুই ফুকনক
হোলোঙ্গৰ আগৰ চৰালৈ আনি, তিনিজনা ডাঙ্গৰীয়াই সোধা-পোছা কৰিলে । দুই ফুকনেও ঘাটি ললে বোলে,
'আমাৰ অপৰাধক চাঁই মাৰি কাটি-পেলাবহে লাগে।
৺দেৱৰ সাতামপুৰুষীয়া বন্দী, যেইখান কৰে।' পাচে, স্বৰ্গদেৱে শুনি ভাঙৰৰূপে দায় ধৰিলে। বৰপাত্ৰগোহাঞি, বৰগোহাঞি, বুঢ়াগোহাঞি, বৰবৰুৱা, মৌপিয়া ফুকন,
হলৌফুকন, তাঞ্চেং ফুকন এই সকলে স্বৰ্গদেৱৰ চৰণত মাতিলে। ১৬০৪ শকৰ বহাগৰ তিনদিন যাওঁতে স্বৰ্গদেৱে বৰফুকন আৰু পানীফুকন দুইৰো দায় ক্ষমা কৰি ঘৰলৈ
খেদিলে। সন্দিকৈ নেওগক বৰফুকন পাতিলে। লালুকীৰ ফৈদীয়া ভেবাক ফুকন পাতিলে । দিহিঙ্গীয়া লাখেং ফুকনৰ পুতেক ভকতিক পানীফুকন পাতিলে ।" <ref>(১)"তুংখুঙ্গীয়া বুৰঞ্জী"১৮-১৯ পৃষ্ঠা।</ref>
(খ) “ ১৬০৭ শকৰ আঘোণত সম্ভেদ পোৱা গ'ল, চেংৰাই ফুকন, খামৰাক ফুকন,
খেণ্ডৌৰ খামচিন ফুকন আৰু পানীফুকন এই চাৰিয়ে স্বৰ্গদেৱক দ্ৰোহ কৰিবলৈ
আলচিছে। গিলিহিয়াল বুঢ়াগোহাঞি, হুলৌফুকন, আনো হাজৰিকীয়া দুই-চাৰি যোগ
থক। জনা গ'ল। স্বৰ্গদেৱ গদাধৰ সিংহই চাৰিং ৰজা, বৰপাত্ৰগোহাঞি, বৰগোহাঞি,
বৰচেটিয়া ৰৰবৰুৱা, ছৱৰা ফুকন, নাওবৈচা ফুকন এই সকলক লৈ বিদ্ৰোহীক ধৰিবলৈ
স্বয়ং ভটিয়াই গ'ল। ভাঙ্গৰীয়া-বিষয়াসকলক ঠায়ে ঠায়ে কোঁঠ পাতি ৰবলৈ দি,
চামধৰা গড়ৰ উজনিত লুইতৰ দক্ষিণে বালিত বাহৰ পাতি স্বৰ্গদেৱ নিজে
ৰলগৈ। তালৈকে বৰবৰুৱাৰ ভায়েক পানীফুকনকো বুদ্ধি কৰি মতাই আনিলে ।
খামৰাক ফুকন আৰু চেংৰাই ফুকনক বৰফুকনে ধৰি আনি স্বৰ্গদেৱৰ বালি-বাহৰত
ঠেকালেহি । তাৰপৰা কলিয়াবৰলৈ উঠি, দিলিহিয়াল বুঢ়াগোহাঞিক ভাঙ্গি, কুঁৱৈগঞা
মৌ গোহাঞিৰু বুঢ়াগোহাঞি পাতিলে। বৰবৰুৱালৈ চাই, পানীফুকনক নামাৰি
ঘৰলৈ খেদিলে । খামৰাক আৰু চেংৰাই এই দুই ফুকনক স্বৰ্গদেৱ গদাধৰ সিংহই
আগত থাকি বধ কৰাই, কলাপটুৱাৰ ভুৰত শালত বহুৱাই ডিঙিত তামোল-হাচত
দি লুইতত উটাই পঠিয়ালে । ” (২)
(গ) ১৬০৭ শকৰ ভাগত ভগা-পানীফুকনে গদাধৰ সিংহ স্বৰ্গদেৱক ভাঙ্গি চাৰিং-
ৰজাক ৰজা পতাৰ উদ্দেশে দ্রোহ আচৰা সত্তেদ পাই, স্বৰ্গদেৱে ভগা-পানীফুকনক
ঘৰৰপৰা ধৰাই আনি হাতীশালত বন্দী কৰি খোৱালে । তাৰ পাচত, স্বৰ্গদেৱে, বোলে,
'পূর্ব্বেই মোক অনিষ্টক আচৰিলে, তেতিয়াই আক মাৰিৰ লাগিছিল, নামাৰি
ৰাখিলোঁ । এতিয়াও দেখে৷ আশয় সেই এছে।' এই বুলি আহিনৰ তিনদিন
যাওঁতে ৰজাহাটত পানী কনক গদাধৰসিংহ স্বৰ্গদেৱে আগত থাকি ছেপাই
মৰালে ; (৩)
(ঘ) কোঁৱৰ-পোছা :— মিলিহিয়াল ভগা-বুঢ়াগোহাঞিয়ে দ্বিচৈয়াল কোঁৱৰক
ৰোজ-ৰাজ দি পুহিছে বুলি সঙ্গে পাই, ৰিচাৰ কৰি, সেই লাঙ্গি বুঢ়াগোহাঞিক
(১), (২), “ডুংপুজীয়া ৰুৰঞ্জী” ১৮–১৯ পৃষ্ঠা ।
(৩) মিল- “তৃগৃহীরা যুবঞ্জী” ২২–২০ পৃষ্ঠা ।<noinclude></noinclude>
rnxnb24myvy96p4nj8lonlxch1uirg8
194536
194535
2024-11-16T03:10:51Z
অঞ্জুমণি শইকীয়া
3795
194536
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Joli" /></noinclude>{{rh|||}}৬৮
{{rh|||}}{{center|অসমৰ বুৰঞ্জী}}

khf2pniehmdwmwk632u0q85zf45if63
বাৰ্তা:ৰামায়ণ বৃত্তান্ত
1
71403
194533
2024-11-15T14:07:25Z
171.48.88.194
"ৰামায়ণৰ এক বিশ্লেষনাত্মক অধ্যায়ন আলোচনা কৰা । ~~~~" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
194533
wikitext
text/x-wiki
ৰামায়ণৰ এক বিশ্লেষনাত্মক অধ্যায়ন আলোচনা কৰা । [[বিশেষ:বৰঙনিসমূহ/171.48.88.194|171.48.88.194]] ১৯:৩৭, ১৫ নৱেম্বৰ ২০২৪ (IST)
7iaffweqe3bteucx5kygunoif1qdiqf
194534
194533
2024-11-15T14:07:59Z
171.48.88.194
উত্তৰ
194534
wikitext
text/x-wiki
ৰামায়ণৰ এক বিশ্লেষনাত্মক অধ্যায়ন আলোচনা কৰা । [[বিশেষ:বৰঙনিসমূহ/171.48.88.194|171.48.88.194]] ১৯:৩৭, ১৫ নৱেম্বৰ ২০২৪ (IST)
:ৰামায়ণৰ এক বিশ্লেষনাত্মক অধ্যায়ন আলোচনা কৰা । [[বিশেষ:বৰঙনিসমূহ/171.48.88.194|171.48.88.194]] ১৯:৩৭, ১৫ নৱেম্বৰ ২০২৪ (IST)
p29m6144gp74b9vvktzl84c52x5t7ts