ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.44.0-wmf.3
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
পৃষ্ঠা:ফুল-কলি.pdf/৪
104
70797
194538
194527
2024-11-16T18:18:28Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
194538
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>{{center|{{X-larger|'''নিবেদন।'''}}}}
{{gap}}অসমীয়া সাহিত্য সমাজত এনেকুৱা পুথি ঠাই পাব পাৰে নে নোৱাৰে সেইটো লিখকে বুজাব নোৱাৰে। লিখোঁতে লিখোঁতে এই কবিতা কেইটাৰ সৃষ্টি হোৱা দেখি মনত অৱশ্যে ভাল লাগিছিল যদিও {{SIC|ইযাৰ|ইয়াৰ}} একো মূল্য নাইকা বুলি ভাবি অনেক দিন অনাদৰ কৰি পেলাই থোৱা হৈছিল।
{{gap}}ঘটনাক্ৰমে এদিন এই কবিতা কেইটা কেইজন মান শিক্ষিত বন্ধুৰ চকুত পৰে আৰু তাতে ইয়াৰ প্ৰশংসাবাদ শুনি ছপাবৰ আগ্ৰহ হয়। সেই উদ্দেশ্যে পুথিখন কেই গৰাকীমান নিঃস্বাৰ্থ সাহিত্য সেবকক দেখুৱাত তেওঁলোকেও মোক আগবঢ়াই হে দিলে। তাতে মনত সাহ পাই ভক্তি ভাবেৰে আসাম-আইৰ শ্ৰীচৰণৰ ওচৰত এই ফুল-কলিটি ৰাখিলোঁ—ই আপোন ঠাই পালেই মোৰ সুখ।
{{gap}}সাহিত্য-প্ৰেমিক শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী মহোদয়ে পুথিখনৰ ঠায়ে ঠায়ে মাত্ৰা দোষ আঁতৰাই দিয়া বাবে তেখেতৰ ঠাইত কৃতজ্ঞ আছোঁ। আৰু শ্ৰীযুক্ত বিষ্ণুপ্ৰসাদ দুৱৰা মহোদয়ে কিতাপখনি এবাৰ চাই দিয়া বাবে তেখেতৰো শলাগ লৈছোঁ।
{{gap}}শ্ৰীযুক্ত সৰ্ব্বানন্দ দাস ডেঃ ইঃ, শ্ৰীযুত কামেশ্বৰ দাস এম এস চি., শ্ৰীযুত ধাৰেশ্বৰ শৰ্ম্মা হেড মাষ্টৰ এম্ ই স্কুল, আৰু শ্ৰীযুক্ত সৰ্ব্বানন্দ দত্ত হেডমাষ্টৰ ( বালিকা এম ই. স্কুল ) এখেত সকলে পুথিখন ছপাবলৈ উৎসাহ দিয়াত আন্তৰিকতা জনাইছোঁ।{{nop}}<noinclude></noinclude>
amqwq5h30xwtj1a4m2xxohvmt94p5uz
পৃষ্ঠা:ফুল-কলি.pdf/৫
104
71363
194537
194530
2024-11-16T18:14:59Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
194537
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" />{{rh||৷৹|}}</noinclude>
{{gap}}অৱশেষত যোৰহাট নৰ্মাল স্কুলৰ চুপাৰিণ্টেণ্ডেণ্ট দেশবৎসল পূজ্যপাদ শ্ৰীযুক্ত শৰৎচন্দ্ৰ গোস্বামী মহোদয়ৰ পৰিযত্নত এই কিতাপখনি ছপা হল। এখেতে নানা কৰ্ম্মৰ মাজতো পুথিখনি তিনি চাৰি বাৰ চাইছে, ভুলভ্ৰান্তি শুধৰাইছে, {{SIC|তদুপাৰি|তদুপৰি}} প্ৰেচৰ আটাইবোৰ কাম তেখেতে গা পাতি লৈছে। এই স্নেহ ঋণ শুজিব নোৱাৰি, শুজিবৰ ইচ্ছা কৰিবও নোৱাৰি। আশা হয় যেন এই নিস্বাৰ্থতাৰ অঙ্কুৰ মোৰো অন্তৰত সদায় সজীৱ থাকে।
{| {{ts|wa|mc}}
| width=30% |<center>কালঝাৰ সত্ৰ।<br>চৈত, ১৮৪১ শক।</center>
| width=3% rowspan=2| {{brace2|3|r}}
| {{ts|ar}} |<center>বিনীত<br/>শ্ৰীকালীপ্ৰসন্ন দাস।</center>
|}
{{center|⸻}}
{{gap}}শ্ৰীযুত কালীপ্ৰসন্ন দাসৰ এই পুথিখনি ৰাইজৰ আগত দি মই বৰ আনন্দ পাইছোঁ। লিখকৰ কোনো স্কুলীয়া শিক্ষা নাই, আৰু তেওঁ নিতান্ত গাৱঁলীয়া মানুহ। তেওঁ স্বভাৱ-কবি। এনে এজনা মানুহৰপৰা সুন্দৰ ভাৱ, গভীৰ দেশ-প্ৰীতি আৰু ওখ ধৰ্মভাৱৰ কবিতা পঢ়িবলৈ পাই সাহিত্যৰসত আমোদী লোকমাত্ৰই বৰ আনন্দ পাব বুলি মই আশা কৰিছোঁ। কিছুমান কবিতা ইয়াত আছে যি অতি উৎকৃষ্ট হৈছে—আৰু যাক কোনোৱে নতুন কবিৰ লিখা বুলি কব নোৱাৰিব।
{| {{ts|wa|mc}}
| width=30% |<center>যোৰহাট<br/>নৰ্মালস্কুল।</center>
| width=3% rowspan=2| {{brace2|3|r}}
| {{ts|ar}} |<center>শ্ৰীশৰৎচন্দ্ৰ গোস্বামী।<br/>৩।৪।২০</center>
|}<noinclude></noinclude>
tnbwzlo8ul94whf5v1ej982gi9ogaij